১৮৫৮ চনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ ঔপনিবেশিক শাসন আৰম্ভ হোৱাৰ পিছত দক্ষিণ ভাৰতৰ ৰাজ্য তামিলনাডুৰ বহুতে ঔপনিৱেশিক শাসনৰ অধীনত বাস কৰাতকৈ তেওঁলোকৰ দেশ এৰি বলৈ পছন্দ কৰিছিল। তেনে এটা ভাৰতীয় ৰত্নৰ ব্যৱসায়ী[7] কোনো কোনোৰ মতে গৰু সৰবৰাহকাৰী দল বেংককলৈ গুচি আহিছিল। [2] ভাৰতীয়সকলৰ এই গোটৰ এজন নেতা আছিল বৈথি পাদয়াতচী। তেওঁ দলটোৰ সৈতে বেংককলৈ অহাৰ প্ৰায় এক দশকৰ পিছত এই মন্দিৰটো নিৰ্মাণ কৰিছিল; [1][3] বৰ্তমান চিলোমৰ এটা পথ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে - চই বৈতি[2] যাক ইংৰাজীত ভিথি লেন নামেৰে জনাজাত। [উদ্ধৃতিৰ প্ৰয়োজন]
শ্ৰী মাৰিয়াম্মান থাইলেণ্ডৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰ বুলি বিবেচিত হৈছে। [6]
বিৱৰণ
মন্দিৰৰ সন্মুখভাগ বিভিন্ন আকাৰ-আকৃতিৰ নানান ভাৰতীয় দেৱ-দেৱীৰ প্ৰতিচ্ছবি খোদিত থকাৰ লগতে বিভিন্ন ৰঙৰ আকৰ্ষণীয় ফুলৰ শৈলীত খোদিত ভাস্কৰ্য আদি আছে। [5] মন্দিৰৰ প্ৰৱেশদ্বাৰত ৬ মিটাৰ উচ্চতাৰ এটা গপুৰম বা প্ৰৱেশদ্বাৰ আছে। এই গপুৰমত দেৱতাসকলৰ বিভিন্ন ভাস্কৰ্য খোদিত হৈছে। মন্দিৰ চৌহদটোৰ মুখ্য মন্দিৰটো হৈছে এটা গম্বুজ আৰু ইয়াৰ শিৰত এটা সোণপানী ঢলা তামৰ কলচি আছে। [1] মন্দিৰ চৌহদৰ ভিতৰত গণেশ, কাৰ্তিক আৰু শ্ৰী মহা মাৰিয়াম্মানৰ নামত উৎসৰ্গিত তিনিটা মুখ্য মন্দিৰ আছে।
মন্দিৰৰ ওচৰৰ দোকানবোৰত ফুল, মালা, নাৰিকল আৰু ধূপ বিক্ৰী কৰা হয়, কিয়নো মাৰিয়াম্মান মন্দিৰ বেংকক তামিল হিন্দু সম্প্ৰদায় তথা বৃহৎ সংখ্যক থাই লোকৰবাবে এক গুৰুত্বপূৰ্ণ স্থান। কোৱা হয় যে প্ৰায় ৮৫% থাই লোকে এই মন্দিৰদৰ্শন কৰে। এওঁলোকৰ বহুতে বিশ্বাস কৰে যে হিন্দু ধৰ্ম এটা পৃথক ধৰ্ম নহয়, ই বৌদ্ধ ধৰ্মৰ এটা শাখা মাত্ৰ।[10][11] নৱৰাত্ৰিৰ দৰে ধৰ্মীয় উৎসৱ সমূহ ছেপ্টেম্বৰ/অক্টোবৰত পৰম্পৰাগত তামিল বৰ্ষপঞ্জী অনুসৰণ কৰি ইয়াত অনুষ্ঠিত হয়।
দুৰ্ভাগ্যৰ পৰা প্ৰতিকাৰ দিয়া বুলি প্ৰচলিত বিশ্বাসৰ এই উৎসৱ দহদিন ধৰি অনুষ্ঠিত হয় আৰু অন্তিম দিনা মন্দিৰৰ সন্মুখৰ ৰাস্তাটো হালধীয়া ফুলৰ মালা আৰু মমবাতিৰে ৰঙীনভাৱে সজোৱা হয়, আৰু শ্ৰী মাৰিয়াম্মানৰ প্ৰতিচ্ছবিসহ এক শোভাযাত্ৰা কৰা হয়; এই সময়ছোৱাত ভক্তৰ ভিৰৰ বাবে চিলোমৰ এটা অংশত যান-যঁতৰ সৃষ্টি হৈ পৰে। [6]দীপাৱলী এই মন্দিৰৰ আনএক বিশেষ উৎসৱ। এই সময়ত মন্দিৰটো উজ্জ্বলভাৱে পোহৰাই তোলা হয়। সাধাৰণতে দিনৰ মধ্যাহ্নৰ সময়ছোৱা আৰু শুক্ৰবাৰে তেলৰ বন্তি প্ৰজ্বলনৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়, আৰু দেৱতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত খাদ্য প্ৰসাদ ভক্তসকলৰ মাজত বিতৰণ কৰা হয়। [1] এই দুটা প্ৰধান উৎসৱৰ উপৰিও দৈনিক পূজাত বহু সংখ্যক থাই, বৌদ্ধ আৰু চীনা লোক উপস্থিত থাকে। অনা হিন্দু ভক্ত সকলৰ বহুতে বিশ্বাস কৰে যে হিন্দু দেৱতা গণেশে তেওঁলোকক ব্যৱসায়ত সহায় কৰে আৰু মন্দিৰৰ প্ৰধান দেৱতাই তেওঁলোকৰ মহিলাসকলক গৰ্ভধাৰণৰ বাবে আশীৰ্বাদ দিয়ে। [12]