শীলা শ্ৰী প্ৰকাশ |
---|
|
জন্ম |
৬ জুলাই, ১৯৫৫ ভূপাল, ভাৰত |
---|
শিক্ষানুষ্ঠান |
আন্না স্থপতি আৰু পৰিকল্পনাৰ বিশ্ববিদ্যালয় |
---|
পেচা |
স্থপতিবিদ নগৰাঞ্চলৰ ডিজাইনাৰ কাৰ্যবাহী |
---|
বোৰ্ডৰ সদস্য |
চেন্নাই স্মাৰ্ট চিটি লিমিটেড শিল্পা ন্যাস নিৰ্মনা বিনিয়োগ,(Nirmana Investments) শিল্পা আৰ্কিটেক্তছ (Shilpa Architects)[1] |
---|
সন্তান |
ভাৰ্গৱ শ্ৰী প্ৰকাশ (পুত্ৰ) পৱিত্ৰ শ্ৰী প্ৰকাশ(দুহিতা) |
শীলা শ্ৰী প্ৰকাশ (ইংৰাজী: Sheila Sri Prakash, জন্ম: ৬ জুলাই ১৯৫৫) হৈছে এগৰাকী ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট। তেখেত এগৰাকী নগৰাঞ্চলৰ ডিজাইনাৰ (urban designer)।[2][3] তেখেত 'শিল্পা আৰ্কিটেক্টছ' নামৰ সংস্থাটোৰ প্ৰতিষ্ঠাপক। স্থপতিবিদ্যাৰ সেৱা আৰম্ভ কৰা আৰু প্ৰতিষ্ঠা কৰা শীলা শ্ৰী প্ৰকাশ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা।[4][5][6]
প্ৰাৰম্ভিক জীৱন
শীলা শ্ৰী প্ৰকাশৰ জন্ম হৈছিল ভাৰতৰ ভূপালত, ১৯৫৫ চনৰ ৬ জুলাইত। তেখেতৰ পিতৃ আছিল লেফটেনেণ্ট কৰ্ণেল জে.কে.এছ. পথি আৰু মাতৃ আছিল এছ. থাংগামা।
শিশু অৱস্থাতেই শীলা শ্ৰীয়ে ভাৰতীয় ধ্ৰুপদী নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। তেখেতে নৃত্য, গীত আৰু চিত্ৰকলাত প্ৰশিক্ষিত হৈছিল। চাৰি বছৰত তেখেতে ভাৰতনাট্যমৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু ১৯৬১ চনত প্ৰথমটো মঞ্চ-প্ৰদৰ্শন আগবঢ়ায়।[8] পদ্মভূষণ ধনৱন্তী ৰামা ৰাওৱে তেখেতক শিশু-প্ৰতিভা আখ্যা দিয়ে।[10] শীলাই ভাৰতনাট্যম আৰু কুচিপুড়ি নৃত্যশিল্পী হিচাপে বিশিষ্টতা প্ৰদৰ্শন কৰে।[11] ইয়াৰে লগত তেখেতে 'বীনাই' নামৰ সাংগীতিক বাদ্যবিধ বজাবলৈ শিকে। দুই দশকৰো অধিক কাল পৰিৱেশ্য-কলাৰ লগত জড়িত থকাৰ সময়ত[12]তেখেতে ভাৰতনাট্যম আৰু কুচিপুড়ি[13] নৃত্যশিল্পীৰ ৰূপত নৃত্য পৰিৱেশন কৰে।[14] শ্ৰী দাণ্ডায়ুদ্ধ পানী পিল্লাইৰ অধীনত ভাৰতনাট্যমৰ প্ৰশিক্ষণ ল'বৰ বাবে তেখেতৰ পৰিয়ালটো চেন্নাইলৈ স্থানান্তৰিত হয়। শীলা ডা০ ভেম্পতি চিন্না সত্যমৰ এগৰাকী শিক্ষাৰ্থী আৰু তেখেতৰ বহুকেইটা নৃত্য-নাটিকাৰ কেন্দ্ৰীয় চৰিত্ৰ।[15] শীলা শ্ৰীৰ বিচৰণক্ষেত্ৰ হৈছে ভাৰতনাট্যম, কুচিপুড়ি, ভীনাই, ভাৰতীয় ধ্ৰুপদী সংগীত, চিত্ৰকলা আৰু ভাস্কৰ্যকলা।[16]
বীণাই শিল্পী হিচাপে শীলা শ্ৰীয়ে 'ৰাধা মাধৱম' আৰু 'শিৱলীলা বিলাসম'ৰ সুৰাৰোপণ, পৰিৱেশন আৰু ৰেকৰ্ডিং কৰিছে। এই কাৰ্যত তেখেতৰ সংগীবৃন্দ আছিল বিনাই শিল্পী চিট্টী বাবু।[17][18][19]
শিক্ষা
শীলা শ্ৰীয়ে চেন্নাইত থকা ৰ'ছাৰি মেট্ৰিকুলেছন স্কুলৰ পৰা প্ৰাৰম্ভিক শিক্ষা লয় আৰু চেন্নাইৰে ষ্টেলা মেৰিছ কলেজৰ পৰা প্ৰাক্-বিশ্ববিদ্যালয় ডিগ্ৰীটোও লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত ১৯৭৩ চনত তেখেতে আন্না স্থপতিবিদ্যা আৰু পৰিকল্পনা বিশ্ববিদ্যালয় স্কুলৰ পৰা স্থপতিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে। সেইখিনি সময়ত এগৰাকী ছোৱালীৰ বাবে তেনে এটা ডিগ্ৰী অৰ্জন কৰাটো অতি দুৰ্লভ আছিল।[20] তাৰ পিছত তেখেতে হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ ডিজাইনত এক্সিকিউটিভ এডুকেছন প্ৰগ্ৰামত নামভৰ্তি কৰে।[21]
বিশ্ব অৰ্থনৈতিক মঞ্চ গোলকীয় কৰ্মসূচী পৰিষদ
'বিশ্ব অৰ্থনৈতিক মঞ্চ গোলকীয় কৰ্মসূচী পৰিষদ'ত (World Economic Forum's Global Agenda Council)-ৰ ডিজাইন উদ্ভাৱনত কাৰ্যনিৰ্বাহ কৰা শীলা শ্ৰী প্ৰথমগৰাকী ভাৰতীয় স্থপতি ২০১১ চনত শীলা শ্ৰী ভাৰতীয় স্থপতি। ২০১১ চনত তেখেতে এই সন্মানৰ গৰাকী হয়।[21] এইটো হৈছে ডিজাইন আৰু উদ্ভাৱনশীলতাৰ ক্ষেত্ৰত পৃথিৱীৰ ষোল্লগৰাকী বিশেষজ্ঞৰ এটা বিশেষ গোট।[22][23]
নিজৰ দায়িত্ব হিচাপে শীলা শ্ৰীয়ে এটা 'Reciprocal Design Index' বিকশিত কৰে।[24] যিটোৱে বহনক্ষম ডিজাইন এটাৰ চৌপাশে থকা স্থিতিমাপ আৰু মেট্ৰিকৰ বিষয়ে ব্যাখ্যা কৰে।[25][26]
সন্মান আৰু স্বীকৃতি
- ২০১৯ চনত বৰ্ষটোৰ বহনক্ষম চেম্পিয়নৰ বঁটা[27]
- জীৱনজোৰা সাধনাৰ বঁটা; বিল্ডাৰচ, আৰ্কিটেক এণ্ড বিল্ডিং মেটেৰিয়েল (BAM)ৰ তৰফৰ পৰা। সহযোগিতাত আছিল Confederation of Indian Industry।[28][29]
- ২০১৭ চনত ইয়ন মিংকু বিশ্ববিদ্যালয়ৰ পৰা বেনে মেৰেণ্টি বঁটা[30]
- ২০১৫ চনৰ অক্টোবৰ মাহত, ভাৰতীয় স্থপতিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সন্মানীয় স্থপতিৰ বঁটা[31]
- পৃথিৱীৰ এশজন প্ৰভাৱশালী স্থপতিৰ তালিকাভুক্ত, 'Il Giornale dell'Architettura'ৰ দ্বাৰা[32][33]
তথ্যসূত্ৰ