সাহিত্য আৰু কলাত মহিলাসকলৰ মাজত যৌন সম্পৰ্কৰ উদাহৰণ দিয়াৰ লগতে বৰ্ণনা কৰা হৈছে, কিন্তু আধুনিক সময়ৰ আৰম্ভণিৰ পৰা এই বিষয়ক লিখিত সমলৰ বেছিভাগ ধ্বংস কৰি পেলোৱা হ'ল।[1] ঐতিহাসিক অভিলেখৰ পৰা এই কথা স্পষ্ট হয় যে লেছবিয়ান অশ্লীল গ্ৰন্থৰ বেছিভাগৰে পাঠক সকল আছিল পুৰুষ।[2]
দৃশ্যকলা
ধ্ৰুপদী চিত্ৰণ
পম্পেইৰ কামোদ্দীপক ফ্ৰেস্কোবোৰৰ মাজত লেছবিয়ান সমকামিতাৰ চিত্ৰণ পোৱা যায়। এই সৃষ্টিকৰ্ম সমূহ মধ্যযুগৰ ফালে অদৃশ্য হোৱাৰ পিছত নৱজাগৰণৰ ফলত প্ৰত্যাৱৰ্তন হয়। ফ্ৰান্সৰ বাউচাৰ আৰু জে.এম ডব্লিউ টাৰ্ণাৰ উনবিংশ শতিকাৰ আগশাৰীৰ শিল্পী সকলৰ ভিতৰত উল্লেখযোগ্য আছিল। তেওঁলোকে তেওঁলোকৰ শিল্প কৰ্মৰ দ্বাৰা মহিলাসকলৰ মাজত কামোদ্দীপনা প্ৰদৰ্শন কৰিছিল। আন চিত্ৰশিল্পীসকলৰ দৰে (যেনে জিন-অনাৰে ফ্ৰাগোনাৰ্ড), বাউচাৰে ধ্ৰুপদী পৌৰাণিক কাহিনী সমূহৰ পৰা অনুপ্ৰেৰণা পাইছিল। তেওঁ চিত্ৰণৰ বাবে ডায়েনা দেৱীৰ সৈতে সম্পৰ্কিত বিভিন্ন পৌৰাণিক কাহিনী ব্যৱহাৰ কৰা বহুতো শিল্পীৰ মাজৰ এজন আছিল।[3]
ঊনবিংশ শতিকাৰ প্ৰভাৱ
উনবিংশ শতিকাত, লেছবিয়ানবাদক পূৰ্বৰ তুলনাত অধিক মুকলিকৈ আলোচনা কৰা হয় আৰু বিষয়টোৱে বিভিন্ন কলাক্ষেত্ৰত প্ৰৱেশ কৰে। ফ্ৰান্সত, চাৰ্লছ বাউডেলাইৰৰ প্ৰভাৱ সাহিত্যৰ লগতে দৃশ্যকলাৰ ওপৰত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়,[4] ডৰথী কোচিনস্কিৰ মতে ই উচ্চ পৰ্যায়ৰ কলাৰ বাবে নহয় কিন্তু বেছিভাগ জনপ্ৰিয় ইৰোটিকাৰ বাবে অন্যতম বিষয় আছিল।[3] বাউডেলাইৰৰ লেছ ফ্লেউৰ্ছ ডু মালৰ বাবে আগষ্ট ৰোডিনৰ সৃষ্টি কৰ্মত লেছবিয়ান দৃশ্য অন্তৰ্ভুক্ত আছিল।[4] গুস্তাভ কৌৰবেটৰ লে চ'মিলে (১৮৬৬) ১৮৩৫ চনত থেওফিল গাউটিয়েৰৰ "মেডমোইচেল দে মাউপিন" কাহিনীৰ এটা দৃশ্য বৰ্ণনা কৰে।[4][5][6] ইয়াৰ সমকামী বিষয়বস্তু ১৮৭২ চনত আৰক্ষীৰ প্ৰতিবেদনৰ বিষয় হোৱাৰ বাবে বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল।[7]
↑ 3.03.1Kosinski, Dorothy M. (1988). "Gustave Courbet's "The Sleepers": The Lesbian Image in Nineteenth-Century French Art and Literature". Artibus et Historiae খণ্ড 9 (18): 187–99. doi:10.2307/1483342.
↑Solomon-Godeau, Abigail, et al (1988). Courbet Reconsidered. The Brooklyn Museum, Yale University Press. p. 176. আই.এচ.বি.এন.0-300-04298-1. Retrieved 12 December 2012