মোৰ যৌৱনৰ ৰামধেনু |
---|
লেখক |
হোমেন বৰগোহাঞি |
---|
প্ৰচ্ছদ শিল্পী |
পদ্ম সিংহ |
---|
দেশ |
ভাৰত |
---|
ভাষা |
অসমীয়া |
---|
বিষয় |
শিক্ষামূলক,নৈতিক,সামাজিক |
---|
প্ৰকাৰ |
গল্প সংকলন, কবিতা |
---|
প্ৰকাশক |
বনলতা |
---|
প্ৰকাশ |
ডিচেম্বৰ,২০০৯ |
---|
মিডিয়া প্ৰকাৰ |
মুদ্ৰণ |
---|
পৃষ্ঠা সংখ্যা |
২১৫ |
---|
আই.এচ.বি.এন. |
978-81-7339-471-3 |
মোৰ যৌৱনৰ ৰামধেনু (ইংৰাজী: Mor Joubanar Ramdhenu) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গল্প সংকলন য'ত মাজে মাজে কবিতাও আছে। কিতাপখন প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। লেখকে কিতাপখন উছৰ্গা কৰিছে সাহিত্য আৰু সংস্কৃতিৰ সীমান্তহীন বিশ্বৰ নাগৰিক, সুশীল আৰু সজ্জন উষাৰঞ্জন ভট্টাচাৰ্য্যলৈ। ২০০৯ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা এই গ্ৰন্থখনত উল্লেখ থকা গল্পসমূহ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ১৯৫২ চনত নৱ-জন্ম লাভ কৰা ৰামধেনু আলোচনীত প্ৰকাশিত। সেই সময়ত লেখক বৰগোহাঞিৰ বয়স আছিল ২০ বছৰ।[1]
বিৱৰণ
কিতাপখনৰ আৰম্ভণিতে লেখকে উল্লেখ কৰিছে যে ৰামধেনু আলোচনীৰ পাতত প্ৰকাশিত সংৰক্ষণযোগ্য বুলি ভবা লেখাসমূহ অন্যান্য সংকলনত অন্তৰ্ভুক্ত কৰি এইখনত থকা গল্পসমূহ কিম্বা কবিতাসমূহৰ অধিকাংশৰ কথা তেওঁ পাহৰি পেলাইছিল। সেই লেখাবোৰ প্ৰকাশ কৰাৰো তেওঁৰ আছিল প্ৰৱল অনিচ্ছা। তেওঁৰ নিজৰ ভাষাত,"বাকী যিবোৰ লেখা পুৰণি 'ৰামধেনু'ৰ পাতত লুকাই আছিল আৰু যিবোৰ লেখা এতিয়াহে মোৰ চকুত পৰিছে সেই লেখাবোৰৰ বিষয়ে-বিশেষকৈ গল্পকেইটাৰ বিষয়ে-মই ইমান বেছি লজ্জিত সেইবোৰ পুৰি ছাই কৰি পেলাবলৈ মন যায়। কিন্তু সেই লেখাবোৰ জ্বলাই দিয়াৰ পৰিৱৰ্তে এতিয়া 'বনলতা'ৰ অনন্ত হাজৰিকাই সেই গোটেইবোৰ লেখাক একত্ৰিত কৰি এই কিতাপখন কৰিছে। এই লেখাবোৰ পঢ়ি পাঠকে মোৰ লেখক-জীৱনৰ প্ৰস্তুতি-পৰ্বৰ এটা চকা-মকা আভাস হয়তো পাব পাৰে।"
২২ টা কবিতা,২ টা প্ৰবন্ধ আৰু ১৬ টা গল্প সমৃদ্ধ কিতাপখন আৰম্ভ হৈছে কবিতাৰে আৰু শেষো হৈছে কবিতাৰেই। প্ৰথমটো কবিতা 'অৰণ্য' আৰু শেষৰটো 'শৰৎ'। অৰণ্যৰ পিছতে আছে 'ভিনচেণ্ট্ ভ্যান গোঘ' কবিতাটো আৰু তৃতীয় অধ্যায়টো হৈছে 'আধুনিক অসমীয়া কবিতা' শীৰ্ষক এটা প্ৰবন্ধ। একেৰাহে কবিতা বা গল্প নিদি কবিতাৰ মাজে মাজে গল্পসমূহ দিয়া আছে। কিতাপখনত সন্নিৱিষ্ট বাকীকেইটা কবিতা হ'ল, 'মহানগৰ','সাপ','মধুচন্দ্ৰিকা','চিগাৰেট', 'দুটি কবিতা', 'নৱকান্ত বৰুৱালৈ মুকলি চিঠি', 'আশ্ৰয়', 'ৰাধা', 'ওফেলিয়া', 'হৈমন্তী', 'সাতজন বুঢ়া মানুহ', 'বহুত দিনৰ পাছত', 'শৰতৰ দিন', 'এড্ইন মূইৰৰ শেষ কবিতা', 'গুৱাহাটী', 'জননীৰ সন্ধানত এজন ডেকা মানুহ', 'কেইজনীমান বুঢ়ী তিৰোতা', 'অৰ্জ্জুনৰ বিশ্বৰূপ দৰ্শন' আৰু 'জীৱনৰ সন্ধানত এজন ডেকা মানুহ'।
গল্পকেইটা হৈছে,'বৰষুণ', 'মহাশ্বেতাৰ বিয়া', 'এটি ডিটেক্টিভ্ গল্প', 'জনদিয়েক অসমীয়া কবি', 'পৰ্দ্দা', 'আশ্ৰয়', 'কৃতজ্ঞতা', 'চিকাৰ', 'সমাধান', 'নৰকত বসন্ত', 'ন-পঢ়ুৱৈৰ দৃষ্টিভংগীত বেজবৰুৱা','অসুখ', 'সমকালীন অসমীয়া চুটি গল্প', 'ইস্মাইল শেখৰ সন্ধানত','এটা নতুন ভিক্ষাৰী' আৰু 'যৌৱন'। কিতাপখনত থকা আনটো প্ৰবন্ধ 'শ্ৰীকৃষ্ণৰ উপাখ্যান' অনুবাদমূলক।[1]
লেখকৰ চমু পৰিচয়
প্ৰধান প্ৰবন্ধ:
হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।[3]
তথ্যৰ উৎস
লগতে চাওক