| এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
|
মুক্ত চিন্তা Screenshot
'মুক্ত চিন্তা'ৰ মুখ্য পৃষ্ঠা। |
Type of site |
মাহেকীয়া অসমীয়া ই-আলোচনী। |
---|
Available in |
অসমীয়া |
---|
Headquarters |
অসম |
---|
Owner |
‘যুক্তি-বিকাশ সমিতি, অসম’ |
---|
Editor |
কৌশিক দাস |
---|
URL |
muktosinta.org |
---|
Commercial |
অব্যৱসায়িক |
---|
Launched |
জুলাই, ২০১৫ |
মুক্ত চিন্তা অসমীয়া ভাষাত প্ৰকাশিত এখন ই-আলোচনী। ২০১৫ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। অসমীয়া ভাষাত বিজ্ঞান মানিসকতা গঠন, প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে ডিজিটেল মাধ্যমত ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ হকে এই আলোচনীখনে কাম কৰি আহিছে। মুক্ত চিন্তাৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হৈছে- কৌশিক দাস। বৰ্তমানৰ সম্পাদক বৰ্ণালী বৰুৱা দাস আৰু টুনুজ্যোতি গগৈ।
কৰ্ত্তৃত্ব আৰু পৰিচালনা
২০০৩ চনত গঠিত ‘যুক্তি-বিকাশ সমিতি, অসম’ অনুষ্ঠানে যুক্তিবাদী তথা প্ৰগতিশীল চিন্তা-চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে বিভিন্ন দিশত সাধ্যানুসৰি চেষ্টা চলাই আহিছে। অন্ধবিশ্বাস, সাম্প্ৰদায়িকতাবাদ, নাৰী অৱদমন, বৰ্ণবাদ আদিকে ধৰি সমাজজীৱনত ব্যাপ্ত বিভিন্ন শোষণমূলক আৰু অগণতান্ত্ৰিক ভাবধাৰা তথা পৰম্পৰা সম্পৰ্কে ভালেসংখ্যক পুস্তিকা অনুষ্ঠানটোৱে প্ৰকাশ কৰি আহিছে। ২০১৪ চনৰ জানুৱাৰি মাহত আৰম্ভ হোৱা বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা এষণা হ’ল অনুষ্ঠানটোৰ তৎসদৃশ আন এক পদক্ষেপ।[1] শেহতীয়া সময়ছোৱাত অনুষ্ঠানটোৰ মাজত হোৱা আলাপ-আলোচনাৰ ভিত্তিত এক বহল উদ্দেশ্য আগত ৰাখি এই ‘মুক্ত চিন্তা’ অনলাইন আলোচনীখনৰ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।[2]
আলোচনীখনৰ লক্ষ্য আৰু উদ্দেশ্য
যুক্তি আৰু গণতান্ত্ৰিক প্ৰমূল্যক সাৰথি কৰি বিভিন্ন সামাজিক বিষয় সম্পৰ্কে বস্তুনিষ্ঠ আৰু জীৱন্ত চিন্তাৰ বাবে এখন মুকলি মঞ্চৰ সৃষ্টি কৰাই মুক্ত চিন্তাৰ প্ৰধান উদ্দেশ্য। বস্তুনিষ্ঠ চিন্তাৰ বাবে এখন অনলাইন মঞ্চৰ যোগান ধৰা আৰু সমান্তৰালভাৱে নতুন নতুন দৃষ্টিভংগীৰ কৰ্ষণৰ বাবে এক উৰ্বৰ পৰিবেশৰ সৃষ্টি কৰা, এই দুটাই হ’ল মুক্ত চিন্তাৰ মূল আদৰ্শ।[3]
'মুক্ত চিন্তা'ৰ বিভিন্ন শিতানসমূহ
প্ৰথম পৃষ্ঠা, সম্পাদকীয়, সূচী, কেন্দ্ৰীয় নিবন্ধ, শিল্প-কলা-সংস্কৃতি, বিজ্ঞান-প্ৰযুক্তি, গল্প-কবিতা, বিশ্বাস-অবিশ্বাস, বিবিধ চিন্তা, অনুবাদ, গল্প কবিতা প্ৰবন্ধ উপন্যাস, সাক্ষাৎকাৰ,আলোকচিত্ৰ আদি।
'মুক্ত চিন্তা'ৰ অন্যান্য আঁচনি
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন সমলেবাৰ ইউনিক'ডলৈ ৰূপান্তৰণ কৰাটো মুক্ত চিন্তাৰ অন্যতম লক্ষ্য। সেইদৰে সমাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সকলোশ্ৰণীৰ মানুহৰ বাবে ডিজিটেল ৰূপত তথ্য সংৰক্ষণৰ ব্যৱস্থা কৰাটো মুক্ত চিন্তাৰ প্ৰধান আঁচনি।
তথ্য সংগ্ৰহ