মানুহৰ কংকাল (ইংৰাজী : human skeleton )জন্মৰ সময়ত মুঠতে ৩০০ ডাল হাড়েৰে গঠিত৷[ 1] [ 2] [ 3] পূৰ্ণবয়স্ক হোৱাৰ পৰ্য্যায়লৈকে কিছুমান হাড় ইডালে সিডালৰ লগত যোৰ খাই শৰীৰত মুঠ ২০৬ ডাল হাড় হয়গৈ৷ মানুহৰ দেহত থকা হাড়ৰ ঘনত্ব ত্ৰিছ বছৰ বয়সৰ সময়ত সৰ্বাধিক হয় বুলি জনা যায়৷ মানুহৰ কংকালটোক দুটাভাগত ভাগ কৰিব পাৰি-অক্ষীয় কংকাল (axial skeleton) আৰু এপেণ্ডিকুলাৰ কংকাল (appendicular skeleton)৷ অক্ষীয় কংকাল মূলত: মানুহৰ ৰাজহাড় বা মেৰুদণ্ড(vertebral column), কামিহাড় (rib cage) আৰু লাওখোলা (skull) ৰে গঠিত৷ এপেণ্ডিকুলাৰ কংকাল অক্ষীয় কংকালৰ সৈতে সংযোজিত হৈ থাকে আৰু ই প্ৰধানকৈ 'pectoral girdle', 'pelvic girdle' আৰু upper আৰু lower limb ৰ হাড়েৰে গঠিত৷
মানুহৰ কংকালে ঘাইকৈ ছটা মূল কাৰ্য্য সমাধা কৰে; অৱলম্বন (support), চলাচল (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷
মানুহৰ কংকালটোত লিংগভেদে অন্য প্ৰাইমেট সমূহত দেখা পোৱাৰ দৰে উল্লেখযোগ্য পাৰ্থক্য (Sexual dimorphism) দেখা নাযায় যদিও কিছু ক্ষেত্ৰত ব্যতিক্ৰম নোহোৱা নহয়৷ উদাহৰণস্বৰূপে, বাহ্যিক গঠনৰ ফালৰ পৰা পুৰুষ আৰু মহিলাৰ কংকালৰ কিছু পাৰ্থক্য দেখা পোৱা যায়৷
শাখাসমূহ
অক্ষীয় কংকাল
অক্ষীয় কংকালত মুঠ ৮০ ডাল হাড় আছে৷ ই প্ৰধানকৈ মানুহৰ মেৰুদণ্ড (vertebral column),১২ যোৰ কামিহাড় (rib cage),বুকুৰ ষ্টাৰনাম (Human sternum) আৰু লাওখোলা (skull) অংশৰে গঠিত৷ মানু্হৰ দেহটো পোণ কৰি ৰখা ত অক্ষীয় কংকালে সহায় কৰে৷ ই মূৰৰ আৰু দেহৰ ওপৰৰ অংশৰ পৰা দেহৰ ওজন নিম্নাংশলৈ বিতৰণ কৰে৷
মানুহৰ ৰাজহাড়ৰ পাঁচটা অংশ থাকে৷ ইয়াৰ একেবাৰে ওপৰৰ অংশটো ডিঙিৰ ৰাজহাড় (cervical vertebra) ৰে তললৈ ক্ৰমান্বয়ে বুকুৰ ( thoracic), lumbar, sacral আৰু coccygeal ৰাজহাড় থাকে৷ ডিঙিৰ ৰাজহাড়ে মেৰুদণ্ড আৰু ক্ৰেনিয়াম (cranium) ক সংযোজিত কৰে৷ Sacral আৰু coccygeal vertebras মিলি (fused) "sacral bone" বা "coccygeal bone" গঠন কৰে৷ এই 'sacral bone' এ মেৰুদণ্ডৰ সৈতে দেহৰ নিম্নাংশৰ হাড়ক (pelvic bone) সংযোজিত কৰে৷
এপেণ্ডিকুলাৰ কংকাল
এপোনণ্ডিকুলাৰ কংকাল মুঠ ১২৬ ডাল হাড়েৰে গঠিত৷ ই প্ৰধানকৈ 'pectoral girdle', limb আৰু pelvic girdle ৰে গঠিত৷ ই মানুহৰ শৰীৰটোৰ চলন আৰু শৰীৰৰ অংগসমূহৰ প্ৰতিৰক্ষাত সহায় কৰে৷
কাৰ্য্যসমূহ
মানু্হৰ কংকালটোৱে ছটা মূল কাৰ্য্য সমাধা কৰে- অৱলম্বন (support), চলন (movement),প্ৰতিৰক্ষা (protection), ৰক্তকোষৰ সৃষ্টি, আয়নৰ সংৰক্ষণ (storage of ions) আৰু অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)৷
অৱলম্বন (support)
কংকালে শৰীৰটোৰ আকৃতি আৰু পোন হৈ থাকিবলৈ অৱলম্বন দিয়ে৷ তাৰোপৰি ভিতৰৰ গঠন যেনে ৰিব কে'জ আদিয়ে বিভিন্ন অংগসমূহ যথাস্থানত ধৰি ৰখাত সহায় কৰে৷
চলন (movement)
কংকালৰ হাড়সমূহৰ মাজৰ সংযোজন (joints) সমূহে শৰীৰটোক চলাচল কৰাত সহায় কৰে৷
প্ৰতিৰক্ষা (protection)
কংকালে মানুহৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অংগক প্ৰতিৰক্ষা প্ৰদান কৰে৷
মূৰৰ লাওখোলাই মগজু, চকু আৰু কাণক প্ৰতিৰক্ষা দিয়ে ৷
ৰাজহাড়ে স্নায়ুৰজ্জু (spinal cord) ক বচাই ৰাখে৷
ৰিব কে'জে মানুহৰ হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু ৰক্তধমনীসমূহক প্ৰতিৰক্ষা দিয়ে৷
'clavicle' আৰু 'scapula' মানুহৰ কান্ধদুখনক অৱলম্বন দিয়ে৷
'ilium' য়ে মানুহৰ পাচকযন্ত্ৰ আৰু নিম্নাংশক প্ৰতিৰক্ষা দিয়ে৷
ভৰিৰ 'পেটেলা' আৰু হাতৰ 'আলনা' নামৰ হাড়ে ক্ৰমান্বয়ে আঁঠু আৰু বাহুক অৱলম্বন দিয়ে৷
ৰক্তকোষৰ সৃষ্টি
মানুহৰ কংকালৰ হাড়ৰ অস্থি মজ্জা (bone marrow ) ত থকা কলাত ' haematopoiesis' নামৰ প্ৰক্ৰিয়াৰ যোগেদি ৰক্তকোষসমূহৰ সৃষ্টি হয়৷
আয়নৰ সংৰক্ষণ (storage of ions)
হাড়ত কেলচিয়াম সংৰক্ষিত হৈ থাকে আৰু ই কেলচিয়ামৰ মেটাবলিজমত অংশ লয়৷ মানুহৰ হাড়ৰ মজ্জাত আইৰণ সংৰক্ষণ হৈ থাকে৷
অন্ত:স্ৰাবী পৰিচালন (endocrine regulation)
হাড়ৰ কোষসমূহে অষ্টিঅ'কেলচিন (osteocalcin) নামৰ এবিধ হ'ৰমণ নি:সৰণ কৰে৷ এই হ'ৰমণে গ্লুক'জৰ পৰিচালন (regulation of blood sugar (glucose )) ত সহায় কৰে৷[ 4]
লাওখোলা
মানুহৰ লাওখোলাত থকা nuchal crest, mastoid processes, supraorbital margin, supraorbital ridge, আৰু mental eminence ৰ ক্ষেত্ৰত লিংগপাৰ্থক্য দেখা পোৱা যায়৷ [ 5]
দীৰ্ঘ হাড় (Long bones )
এই হাড়সমূহ সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত মহিলাতকৈ আকাৰত ডাঙৰ হোৱা দেখা যায়৷
পেলভিছ (pelvis)
মানুহৰ পেলভিছ অংশৰ আকৃতি পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ হোৱা দেখা যায়৷ সেইবাবে অচিনাক্ত কংকালৰ লিংগ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই অংশৰ পৰিক্ষা কৰা হয়৷ এই প্ৰক্ৰিয়াটোক Phenice method বুলি কোৱা হয়৷ [ 6]
ৰোগ
মানুহৰ কংকালৰ ৰোগসমূহৰ ভিতৰত অষ্টিঅ'প'ৰ'ছিছ উল্লেখযোগ্য৷ তাৰোপৰি কিছু ক্ষেত্ৰত scoliosis ৰোগো দেখা যায়৷
অষ্টিঅ'প'ৰ'ছিছ
ই মানু্হৰ হাড়ত হোৱা এটা ৰোগ৷ এই ৰোগ হ'লে ৰোগীৰ fracture হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এই ৰোগত ৰোগীৰ bone mineral density (BMD) কমি আহে আৰু ফলত হাড়ৰ গঠন দুৰ্বল হৈ পৰে৷[ 7]
তথ্যসূত্ৰ
↑ Miller, Larry (2007-12-09). "We're Born With 300 Bones. As Adults We Have 206" . Ground Report. Archived from the original on 2008-11-09. https://web.archive.org/web/20081109021329/https://www.groundreport.com/Health_and_Science/We-re-Born-With-270-Bones-As-Adults-We-Have-206 । আহৰণ কৰা হৈছে: 2014-01-24 .
↑ "How many bones does the human body contain?" . Ask.yahoo.com. 2001-08-08. http://ask.yahoo.com/20010808.html । আহৰণ কৰা হৈছে: 2010-03-04 .
↑ Exploring our human bodies . San Diego Supercomputer Center Education
↑ Lee, Na Kyung; Sowa, Hideaki; Hinoi, Eiichi; Ferron, Mathieu; Ahn, Jong Deok; Confavreux, Cyrille; Dacquin, Romain; Mee, Patrick J. et al . (2007). "Endocrine Regulation of Energy Metabolism by the Skeleton" . Cell খণ্ড 130 (3): 456–69. doi :10.1016/j.cell.2007.05.047 . PMID 17693256 .
↑ Buikstra, J.E.; D.H. Ubelaker (1994). Standards for data collection from human skeletal remains . Arkansas Archaeological Survey. পৃষ্ঠা. 208.
↑ Phenice, T. W. (1969). "A newly developed visual method of sexing the os pubis". American Journal of Physical Anthropology খণ্ড 30 (2): 297–301. doi :10.1002/ajpa.1330300214 . PMID 5772048 .
↑ Assessment of fracture risk and its application to screening for postmenopausal osteoporosis. Report of a WHO Study Group . Technical Report Series. 843 . World Health Organization. 1994. ISBN 92-4-120843-0 . PMID 7941614 . http://www.who.int/iris/handle/10665/39142 . [পৃষ্ঠা নং প্ৰয়োজন ]