মাদাৰ ইণ্ডিয়া (ইংৰাজী: Mother India) হৈছে মেহবুব খানৰ দ্বাৰা পৰিচালিত তথা ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰ্গিছ, সুনীল দত্ত, ৰাজেন্দ্ৰ কুমাৰ আৰু ৰাজ কুমাৰে। মাদাৰ ইণ্ডিয়া মেহবুব খানৰ পূৰ্ববৰ্তী চলচ্চিত্ৰ ঔৰত (১৯৪০) ৰ পুনৰ্নিমাণ। এখন গাঁৱৰ এগৰাকী দৰিদ্ৰ মহিলা ৰাধা (নাৰ্গিছ) কিদৰে নিজৰ স্বামীৰ অনুপস্থিতিত বহু সংঘাতৰ মাজতো নিজৰ পুত্ৰদ্বয়ক ডাঙৰ-দীঘল কৰে আৰু এজন ধূৰ্ত টকা ধাৰলৈ দিয়া ব্যক্তিৰ বিৰুদ্ধে জীয়াই থাকিবলৈ সংগ্ৰাম কৰে, সেয়াই চলচ্চিত্ৰখনৰ মূল কাহিনী।
১৯২৭ চনত প্ৰকাশিত আমেৰিকান লেখিকা কেথেৰিন মেয়’ৰ ভাৰতীয় সংস্কৃতিক অপমান কৰা “মাদাৰ ইণ্ডিয়া” নামৰ বিতৰ্কমূলক গ্ৰন্থখনক প্ৰতিহত কৰিবলৈ এই ছবিখনৰ শিৰোনাম বাছি লোৱা হৈছিল। মাদাৰ ইণ্ডিয়া চলচ্চিত্ৰখনে ৰূপকভাৱে ভাৰতক ১৯৪৭ চনত স্বাধীনতা লাভৰ পিছৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিনিধিত্ব কৰে, আৰু ভাৰতীয় জাতীয়তাবাদ আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰবল অনুভূতিৰ ইংগিত দিয়ে। হিন্দু পৌৰাণিক কাহিনীৰ ইংগিত চলচ্চিত্ৰখনত প্ৰচুৰ পৰিমাণে পোৱা গৈছে, আৰু ইয়াৰ মুখ্য চৰিত্ৰটোক উচ্চ নৈতিক মূল্যবোধ আৰু আত্মত্যাগৰ জৰিয়তে মাতৃ হোৱাৰ অৰ্থ কি সেই ধাৰণাটো প্ৰতিফলিত কৰা এগৰাকী ভাৰতীয় মহিলাৰ মিট’নিমিক দৃষ্টান্ত হিচাপে দেখা গৈছে। কিছুমান লেখকে ৰাধাক নাৰী সবলীকৰণৰ প্ৰতীক হিচাপে গণ্য কৰাৰ বিপৰীতে আন কিছুমানে তেওঁক গতানুগতিক নাৰী কু-সংস্কাৰৰ জৰিয়তে চিত্ৰিত কৰা বুলি অনুভৱ কৰে। মুম্বাইৰ মেহবুব ষ্টুডিঅ’ৰ লগতে মহাৰাষ্ট্ৰ, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ গাঁৱত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। নৌশাদৰ সংগীতে পশ্চিমীয়া শাস্ত্ৰীয় সংগীত আৰু অৰ্কেষ্ট্ৰাকে ধৰি বিশ্বব্যাপী সংগীতক হিন্দী চলচ্চিত্ৰত পৰিচয় কৰাই দিছিল।
ভাৰতীয় (বলিউড) প্ৰডাক্শ্যনৰ ভিতৰত অন্যতম ব্যয়বহুল এই চলচ্চিত্ৰখনে সেই সময়ত সৰ্বাধিক ৰাজহ লাভ কৰিছিল। মুদ্ৰাস্ফীতিৰ লগত সামঞ্জস্য কৰিলে মাদাৰ ইণ্ডিয়া এতিয়াও সৰ্বকালৰ ভাৰতীয় বক্স অফিচ হিট্ চলচ্চিত্ৰৰ ভিতৰত স্থানপ্ৰাপ্ত। ১৯৫৭ চনৰ অক্টোবৰ মাহত উখল-মাখলৰ মাজতে ভাৰতত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখন ৰাজধানী নতুন দিল্লীতো কে’বাখনো হাই-প্ৰফাইল প্ৰদৰ্শনী দেখুওৱা হৈছিল, য’ত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। মাদাৰ ইণ্ডিয়া এখন নিৰ্দিষ্ট সাংস্কৃতিক ক্লাছিক হৈ পৰে আৰু ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। চলচ্চিত্ৰখনে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ সৰ্বভাৰতীয় কৃতিত্বৰ প্ৰমাণপত্ৰ, ১৯৫৭ চনৰ ফিল্মফেয়াৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, আৰু নাৰ্গিছ আৰু খানে ক্ৰমে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও শ্ৰেষ্ঠ আন্তৰ্জাতিক বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ অকাডেমী বঁটাৰ (অস্কাৰ) বাবে মনোনীত হৈছিল আৰু এতিয়ালৈকে মনোনয়ন পোৱা প্ৰথমখন ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল।
অভিনয় শিল্পী
সংগীত
|
1. |
"Chundariya Katati Jaye" | মান্না দে |
৩:১৫ |
2. |
"Nagari Nagari Dware Dware" | লতা মংগেশকাৰ |
৭:২৯ |
3. |
"Duniya Mein Hum Aaye Hain" | লতা মংগেশকাৰ, মীনা মংগেশকাৰ, ঊষা মংগেশকাৰ |
৩:৩৬ |
4. |
"O Gaadiwale" | শমশাদ বেগম, মহম্মদ ৰফি |
২:৫৯ |
5. |
"Matwala Jiya Dole Piya" | লতা মংগেশকাৰ, মহম্মদ ৰফি |
৩:৩৪ |
6. |
"Dukh Bhare Din Beete Re" | শমশাদ বেগম, মহম্মদ ৰফি, মান্না দে, আশা ভোছলে |
৩:০৯ |
7. |
"Holi Aayi Re Kanhai" | শমশাদ বেগম |
২:৫১ |
8. |
"Pi Ke Ghar Aaj Pyari Dulhaniya Chali" | শমশাদ বেগম |
৩:১৯ |
9. |
"Ghunghat Nahin Kholoongi Saiyan" | লতা মংগেশকাৰ |
৩:১০ |
10. |
"O Mere Lal Aaja" | লতা মংগেশকাৰ |
৩:১১ |
11. |
"O Janewalo Jao Na" | লতা মংগেশকাৰ |
২:৩৩ |
12. |
"Na Main Bhagwan Hoon" | মহম্মদ ৰফি |
৩:২৪ |
মুঠ দৈৰ্ঘ্য: |
৪২:৩০ |
|
তথ্যসূত্ৰ
সৰ্বভাৰতীয় স্তৰত চাৰ্টিফিকেট অৱ মেৰিট প্ৰাপক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ |
---|
| ১৯৫৩–১৯৫৭ | |
---|
|