২০০০ চনৰ পৰা ২০০৭ চনৰ ভিতৰত টকাৰ মূল্য হ্ৰাস পোৱাটো বন্ধ হয় আৰু প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ই ৪৪-৪৫ টকাত স্থিৰতা লাভ কৰে। ২০০৭ চনৰ শেষৰফালে সুচল বৈদেশিক বিনিয়োগৰ ফলত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বোচ্চ ৩৯ টকা হয়গৈ। অৱশ্যে ইয়াৰ ফলত দেশৰ মুখ্য ৰপ্তানিকাৰীসকলে লোকচান ভৰিবলগা হয়। ২০০৮ চনত সমগ্ৰ বিশ্বকে চুই যোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত নিয়োজিত তেওঁলোকৰ ধনৰ বহুলাংশ নিজ দেশলৈ ঘূৰাই নিয়ে।
২০১৩ চনৰ মূল্য হ্ৰাস
২০১৩ চনৰ প্ৰথমভাগত নিশ্চল পুনৰ্গঠন প্ৰক্ৰিয়া আৰু হ্ৰাস পাই অহা বৈদেশিক বিনিয়োগৰ ফলত টকাৰ মূল্য ক্ৰমাগতভাৱে কমি আহে[11] আৰু প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ই ৬৮.৮০ টকা হয়গৈ। টকাৰ মূল্যৰ এই নিম্নগামী গতি হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপৰ কথা ঘোষণা কৰে যদিও এই সকলোবোৰ বিফল হয়।[12] ক্ৰমাগত মূল্যহ্ৰাস আৰু মুদ্ৰাস্ফিতীৰ পিছত সেই সময়ৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে সংসদত এই বিষয়ে এক বক্তব্য ৰাখে। তেওঁ কয় যে টকাৰ মূল্য হ্ৰাস হোৱাত গোলকীয় কাৰকৰ লগতে দেশৰ অভ্যন্তৰীণ কাৰকসমূহৰো প্ৰভাৱ আছে। তেওঁ লগতে এই সমস্যাৰ সৈতে মোকাবিলা কৰিব্লৈ বিৰোধী দলসমূহক তেওঁলোকৰ সহযোগিতাৰো আহ্বান জনায়।[13]
বেংকনোট
প্ৰথমাৱস্থাৰ কাগজৰ নোট
বেংক অফ বেংগলে প্ৰচলন কৰা নোটসমূহ তলত উল্লিখিত তিনি ভাগত ভগাব পাৰি।
একমুখী শৃংখলা: প্ৰথমাৱস্থাত বেংক অফ বেংগলে কেৱল এপিঠিত ছপা কৰা ১০০, ২৫০, ৫০০ টকীয়া আদি নোটৰ প্ৰচলন কৰিছিল।
বাণিজ্য শৃংখলা: পিছৰ নোটবিলাকৰ দুই পিঠিতে ছপা কৰাৰ ব্যৱস্থা কৰা হয় য’ত এফালে বাণিজ্যক প্ৰতিনিধিত্ব কৰা এক নাৰীমূৰ্ত্তি আৰু আনফালে কিছু সাজ-সজ্জাৰে বেংকটোৰ নাম লিখা আছিল।
বৃটানিয়া শৃংখলা: ১৯ শতিকাৰ পিছৰভাগলৈ বাণিজ্যৰ ধাৰণাটো বৃটানিয়াৰে সলনি কৰা হয়। এই নতুন নোটবোৰত জালনোটৰ প্ৰচলন কমাবলৈ বিশেষ কিছুমান বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছিল।
ভিক্টোৰিয়া প্ৰতিকৃতি শৃংখলা: ইংৰাজশাসিত ভাৰতৰ প্ৰথমচাম নোটত ইংলণ্ডৰ মহাৰাণী ভিক্টোৰিয়াৰ প্ৰতিকৃতি অংকিত আছিল আৰু ই ১০, ২০, ৫০, ১০০ আৰু ১,০০০ নোটত বিভক্ত আছিল। এই নোটসমূহৰ মাত্ৰ এটা পিঠিতহে ছপা কৰা হৈছিল আৰু ৱাটাৰমাৰ্ক, ছপা হস্তাক্ষৰ আৰু অন্তৰ্ভুক্তি বা ৰেজিষ্ট্ৰেচন আদিক সুৰক্ষাজনিত বৈশিষ্ট্য হিচাপে সংযোজিত কৰা হৈছিল।
আণ্ডাৰপ্ৰিণ্ট শৃংখলা: জালনোটৰ পয়োভৰ বৃদ্ধি পোৱাত ১৮৬৭ চনত এপিঠিত ছপা কৰা এই নতুন শৃংখলাটোৰ প্ৰচলন কৰা হয় আৰু ইয়াক ৫, ১০, ২০, ৫০, ১০০, ৫০০, ১,০০০ আৰু ১০,০০০ টকীয়া নোটত বিভক্ত কৰা হয়।
৫ম জৰ্জ শৃংখলা: ১৯২৩ চনত ইংলেণ্ডৰ ৫ম জৰ্জৰ প্ৰতিকৃতি থকা এক নোট শৃংখলা প্ৰৱৰ্ত্তন কৰা হয়। ই ১, ২½, ৫, ১০, ৫০, ১০০, ১,০০০ আৰু ১০,০০০ টকীয়া নোটত বিভক্ত আছিল।
ইংৰাজ শাসনকালত ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা টকা
১৯৩৫ চনৰ এক এপ্ৰিলত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আইন ১৯৩৪-ৰ ২২ নং অনুচ্ছেদে নিজা নোট প্ৰস্তুত নোহোৱালৈকে ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে চলাই অহা নোটসমূহ প্ৰচলনৰ কৰ্তৃত্ত প্ৰদান কৰে। ১৯৩৮ চনত চেণ্ট্ৰেল বেংকটোৱে ৬ম জৰ্জৰ প্ৰতিকৃতি অংকিত প্ৰথমটো ৫ টকীয়া নোটৰ প্ৰচলন কৰে। ইয়াৰ পিছত ১০ টকীয়া নোট ফেব্ৰুৱাৰী, ১০০ টকীয়া নোট মাৰ্চ, ১,০০০ আৰু ১০,০০০ টকীয়া নোট জুন মাহৰ পৰা প্ৰচলিত হয়। দ্বিতীয় গভৰ্ণৰ ছাৰ জেমছ টেইলৰে ৰিজাৰ্ভ বেংকৰ প্ৰথম নোটসমূহত হস্তাক্ষৰ কৰে। ১৯৪০ চনৰ আগষ্টত যুদ্ধকালীন পদক্ষেপ হিচাপে এটকীয়া নোটসমূহ পুনৰ প্ৰচলন কৰা হয়। সেই সময়ত জাপানীবিলাকে ভাৰতীয় টকাৰ উচ্চমানৰ জালনোট প্ৰস্তুত কৰি উলিয়ায় আৰু ইয়াৰ ফলত ৱাটাৰমাৰ্কটো সলনি কৰাৰ প্ৰয়োজন আহি পৰে। ৬ষ্ঠ জৰ্জৰ আৱক্ষ প্ৰতিকৃতিৰ সলনি সম্পূৰ্ণ প্ৰতিকৃতি অংকন কৰা হয় আৰু তেতিয়াই ভাৰতত প্ৰথমবাৰৰ কাৰণে সুৰক্ষা সূত্ৰডাল (security thread) সন্নিৱিষ্ট কৰা হয়। ১৯৪৭ চনলৈকে এই নোটসমূহ বাহাল থাকে আৰু স্বাধীনতা-উত্তৰ কালৰ নোটসমূহ বলৱৎ হোৱাত ই অচল হৈ পৰে।
ভাৰত চৰকাৰে প্ৰচলন কৰা টকা
১৯৪৯ চনত স্বাধীন ভাৰতৰ চৰকাৰে এটকীয়া নোটৰ এক নতুন নক্সা অন্তৰ্ভুক্ত কৰে। প্ৰথমাৱস্থাত ৰজাৰ সলনি মহাত্মা গান্ধীৰ প্ৰতিকৃতি অংকন কৰাৰ কথা বিবেচনা কৰা হৈছিল যদিও পিছত সম্ৰাট অশোকস্তম্ভৰ চিহ্ন নিৰ্বাচন কৰা হয়। ১৯৫৩ চনত নোটবোৰত হিন্দী ভাষাটো চকুতলগাকৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৬০ চনৰ শেষৰফালে হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ ফলস্বৰূপে ১৯৬৭ চনলৈ নোটসমূহৰ আকাৰ সৰু কৰি পেলোৱা হয়। ১৯৭৮ চনত ১০,০০০ টকীয়া নোটসমূহৰ প্ৰচলন বন্ধ কৰা হয়।
১৯৯৬ চনত চনত "মহাত্মা গান্ধী শৃংখলা"ৰ আৰম্ভণি কৰা হয়। এই নতুন নোটসমূহত এক নতুন ৱাটাৰমাৰ্ক, ভিন্ন সুৰক্ষা সূত্ৰ আৰু প্ৰতিৱন্ধীসকলৰ বাবে বিশেষ চিনাক্তকৰণ চিহ্ন সন্নিৱিষ্ট কৰা হয়।
মূল্যায়নৰ ইতিহাস
১৯২৬ চনৰ পৰা ১৯৬৬ চনলৈকে ভাৰতীয় টকাৰ মূল্য ব্ৰিটিছ পাউণ্ডৰ সৈতে যুক্ত কৰি ইয়াৰ বিপৰীতে নিৰ্ধাৰণ কৰা হৈছিল আৰু ১৩.৩৩ টকা ১ পাউণ্ডৰ সমান হিচাপে স্থিৰ কৰা হৈছিল। ১৯৬৬ চনত টকাক আমেৰিকান ডলাৰৰ সৈতে যুক্ত কৰা হয় আৰু ১ ডলাৰৰ বিপৰীতে ৭.৮ টকা স্থিৰ কৰা হয়।[14]
↑Trübner’s Oriental Series DA TANG XIYU JI Great Tang Dynasty Records of the Western World, translated by Samuel Beal TWO VOLUMES Kegan, Paul, Trench, Teubner & Co. London • 1906 [First Edition ‐ London • 1884]