গো-বসন্তৰ ছিটা প্ৰথম কোনে দিছিল সেয়া নিশ্চিতভাৱে ক'ব নোৱাৰি কিন্তু বেঞ্জামিন জেষ্টি আৰু জন ফিউষ্টাৰ সম্পৰ্কে কিছু তথ্য পোৱা যায়। ১৭৭৪ চনত ডৰ্চেটৰ খেতিয়ক জেষ্টিয়ে লক্ষ্য কৰিলে যে তেওঁৰ পৰিয়ালত বাস কৰা গোৱালনী দুগৰাকীৰ বৰআই প্ৰতিৰোধ ক্ষমতা আছে। গতিকে তেওঁ পৰিয়ালৰ সকলোকে গো-বসন্তৰ বীজাণু সুমুৱাই দিলে।[24] ১৭৯০-৯২ চনত পিটাৰ প্লেট নামে হলষ্টেইনৰ শিক্ষক এজনে University of Kielৰ চিকিৎসা কৰ্মীসকলৰ মাজত গো-বসন্তৰ বীজাণু প্ৰদানৰ আংশিক ফলাফলৰ প্ৰতিবেদন দিয়ে।[25] জন ফিউষ্টাৰ নামৰ জেনাৰৰ শল্য চিকিৎসক বন্ধুজনে ১৭৬৫ চনমানতে গো-বসন্তৰ ছিটাৰ সম্ভাৱনা আলোচনা কৰিছিল। ১৭৯৬ চনমানত জেনাৰে প্ৰতিষেধক দিয়াৰ সময়তে তেৱোঁ গো-বসন্তৰ বীজাণু মানুহৰ গাত সুমুৱাই চাইছিল বুলি জনা যায়।[26] অনুমান কৰিব পাৰি যে বীজাণুৰ বাবে বৰআইৰ সলনি গো-বসন্তৰ কথা বিবেচনা আৰু ১৮শ শতিকাৰ শেষৰফালে চেষ্টা কৰ হৈছিল। গতিকে গো-বসন্তৰ ছিটাৰ ক্ষেত্ৰত জেনাৰ প্ৰথম ব্যক্তি নাছিল। কিন্তু প্ৰমাণসমূহ প্ৰকাশ কৰি বিনামূলীয়কৈ প্ৰতিষেধক বিলোৱা তেৱেঁই প্ৰথম ব্যক্তি আছিল। WHO-ৰ আনুষ্ঠানিক বিৱৰণ Smallpox and its Eradication-ত লেখকে জেনাৰৰ কথা লিখিছিল:[27]
Publication of the Inquiry and the subsequent energetic promulgation by Jenner of the idea of vaccination with a virus other than variola virus constituted a watershed in the control of smallpox for which he, more than anyone else deserves the credit.
আমেৰিকা যুক্তৰাষ্ট্ৰত বেলেগ বেলেগ ৰাষ্ট্ৰই প্ৰতিষেধকৰ নিয়মাৱলী প্ৰস্তুত কৰিছিল। ১৮০৯ চনত প্ৰথমে মাচাচুচেট্ছে বাধ্যতামূলক প্ৰতিষেধক ঘোষণা কৰে।[32] কেঁচুৱাৰ বাধ্যতামূলক টীকাকৰণৰ বাবে প্ৰতিষেধক দিয়াসকলকে বিদ্যালয়লৈ যোৱাৰ অনুমতি দিয়া হৈছিল।[33] Those seeking to enforce compulsory vaccination argued that the public good overrode personal freedom, a view supported by the U.S. Supreme Court in Jacobson v. Massachusetts in 1905, a landmark ruling which set a precedent for cases dealing with personal freedom and the public good.
Louis T. Wright,[34] an African American and Harvard Medical School graduate (1915), introduced intradermal vaccination for smallpox for the soldiers while serving in the Army during World War I.[35]
Leslie Collier developed a freeze-drying method to produce a more heat-stable smallpox vaccine in the late 1940s.[36][37] Collier added a key component, peptone, a soluble protein, to the process. This protected the virus, enabling the production of a heat-stable vaccine in powdered form. Previously, smallpox vaccines would become ineffective after one to two days at ambient temperature.
The development of his vaccine production method played a large role in enabling the World Health Organization to initiate its global smallpox eradication campaign in 1967.
নিৰ্মূলকৰণ
বিশ্ব স্বাস্থ্য সংস্থাই ১৯৭৭ চনত বৰআই নিৰ্মূল কৰে। বিশ্বজুৰি মহামাৰীৰ ব্যাপক সন্ধান আৰু প্ৰতিষেধক আঁচনিৰ দ্বাৰা এই কাম সিদ্ধ হৈছিল। কিন্তু বৰআইৰ কাৰক ভেৰিঅ'লা ভাইৰাছটো সম্পূৰ্ণকৈ ধ্বংস কৰা নহ'ল। ভাইৰাছবিধৰ তিনিটা জ্ঞাত ভঁৰালৰ এটা ইংলেণ্ডৰ বাৰ্মিংহামত অৱস্থিত আছিল আৰু দুৰ্ঘটনাবশতঃ জেনেট পাৰ্কাৰ নামৰ কৰ্মীগৰাকীৰ মৃত্যুৰ পিছত ইয়াক ধ্বংস কৰা হয়। আন দুটা ক্ৰমে আটলাণ্টা, জৰ্জিয়াৰ Centers for Disease Control and Prevention আৰু ক'ল্স্ত'ভ', ৰাচিয়াৰ State Research Center of Virology and Biotechnology (VECTOR)ত অৱস্থিত। সম্ভাব্য জৈৱিক অস্ত্ৰৰ মোকাবিলা কবিবলৈ আৰু ভৱিষ্যতে আৱিষ্কাৰ হ'ব পৰা প্ৰাকৃতিক ভেৰিঅ'লা ভাইৰাছৰ গৱেষণাৰ বাবে এই ভঁৰাল দুটা ৰখা হৈছে বুলি তেওঁলোকে কয়।
উত্তৰ-নিৰ্মূলকৰণ প্ৰতিষেধক
জেনাৰে প্ৰতিষেধকৰ বাবে গো-বসন্তৰ ভাইৰাছ ব্যৱহাৰ কৰিছিল যদিও আজিকালি ছিটাত গো-বসন্ত আৰু বৰআইৰ লগত মিল থকা vaccinia (fলেটিন vacca = গৰু) নামৰ এবিধ ভাইৰাছ থাকে। ই কম মাত্ৰাৰ সংক্ৰমণ কৰিব পাৰে। কিন্তু দেহৰ প্ৰতিৰোধ তন্ত্ৰ দুৰ্বল হৈ থাকিলে (যেনে- কিম'থেৰাপী লৈ থকা ৰোগী, এইড্ছ ৰোগী, বেচু হোৱা লোক) ই জটিলতাৰ সৃষ্টি কৰে আৰু সেইবাবে ইয়াক গৰ্ভৱতী মহিলাৰ বাবে নিৰাপদ বুলি গণ্য কৰা নহয়। এমাহৰ ভিতৰত গৰ্ভ ধাৰণ কৰাৰ পৰিকল্পনা থাকিলে সন্তান জন্ম নোহোৱালৈকে এই ছিটা ল'ব নালাগে। মহামাৰীৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে সম্ভৱ হ'লে গৰ্ভধাৰণ পিছুৱাব লাগে। অতি কম সংখ্যক মানুহৰ দেহত প্ৰতিষেধকটোৱে নানা বিৰূপ ক্ৰিয়া কৰিব পাৰে যাৰ ভিতৰত সকলোতকৈ গভীৰ হৈছে স্নায়ৱিক প্ৰণালীৰ ক্ষতি।[38] দুৰ্বল কৰি তোলা vaccinia ভাইৰাছেৰে ছিটা নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে, কিন্তু তেনে ছিটাৰ কাৰ্যকাৰিতা সম্পৰ্কে কিছু গৱেষকে প্ৰশ্ন তুলিছে। Centers for Disease Control and Prevention (CDC),ৰ মতে "অনাবৃত হোৱাৰ ৩ দিনৰ ভিতৰত ছিটা ল'লে বেছিভাগ মানুহৰে বৰআই প্ৰতিৰোধ হ'ব বা লক্ষণৰ প্ৰাবল্য বহুগুণে কমি যাব। অনাবৃত হোৱাৰ ৪-৭ দিনৰ ভিতৰত ছিটা ল'লে ৰোগটোৰ পৰা কিছু সুৰক্ষা পোৱা যাব বা প্ৰাবল্যৰ তাৰতম্য হ'ব।"
২০০৭ চনৰ মে' মাহত FDA-ৰ প্ৰতিষেধক আৰু জৈৱিক সামগ্ৰী সম্পৰ্কীয় উপদেষ্টা সমিতিয়ে প্ৰকাশ কৰে যে Acambis-এ প্ৰস্তুত কৰা জীৱিত ভাইৰাছ ACAM2000 বৰআইৰ বাবে সুৰক্ষিত আৰু উপযুক্ত। কিন্তু পিছত দেখা যোৱা অত্যাধিক বিৰূপ ক্ৰিয়াৰ বাবে এই প্ৰতিষেধকটো CDC-ৰ ওচৰত জৰুৰীকালিন অৱস্থাৰ বাবেহে সাঁচি ৰখা হৈছে।[39]
বৰ্তমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই এই নিয়ম কৰি দিছে যে মধ্য-পূব এছিয়াত কৰ্মত নিয়োজিত সকলো কৰ্মচাৰীয়েই যোৱাৰ আগতে বৰআইৰ ছিটা লব লাগিব। যুক্তৰাষ্ট্ৰৰ সীমাৰ বাহিৰলৈ যোৱা স্থলসেনা, জলসেনা বা নাবিকৰ বাবেও এই নিয়মটো প্ৰযোজ্য।
HIV-ৰ বিৰুদ্ধে সুৰক্ষা
শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে বৰআই ভাইৰাছে HIVৰ বিৰুদ্ধে কিছু সুৰক্ষা প্ৰদান কৰে। বৰআইৰ ভাইৰাছ আৰু HIV দুয়োটাই শ্বেত ৰক্ত কণিকাৰ পৃষ্ঠভাগত থকা CCR5 নামৰ উপগ্ৰাহকবিধৰ লগত সংযুক্ত হয়। গৱেষকসকলে অনুমান কৰামতে আশীৰ দশকৰ প্ৰথমভাগত HIV ভয়াবহভাৱে বিয়পি পৰাৰ কাৰণ আছিল সত্তৰৰ দশকৰ শেষৰফালে বৰআইৰ নিৰ্মূলকৰণ আৰু বিশ্বজুৰি এই প্ৰতিষেধকৰ ব্যৱহাৰ বন্ধ কৰা। এটা পৰীক্ষাত বৰআই ছিটাই HIV-ৰ সংজনন পাঁচগুণ কমাই পেলোৱা দেখা গৈছে।[40]
প্ৰতিষেধক ভঁৰাল
২০০১ চনৰ শেষৰফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সংযুক্ত ৰাজ্য চৰকাৰে ৰাইজক জৈৱসন্ত্ৰাসবাদৰ কোনো "নিৰ্দিষ্ট বা বিশ্বাসযোগ্য" ভাবুকি নাই বুলি কৈও বৰআইৰ ছিটা সাঁচি ৰখাৰ কথা চিন্তা কৰে।[41] পিছলৈ State Research Center of Virology and Biotechnology VECTOR প্ৰতিষ্ঠানৰ সঞ্চালকে সঁকিয়াই দিয়ে যে সন্ত্ৰাসবাদীয়ে সহজেই কম মজুৰি পোৱা ছোভিয়েট গৱেষকক ফুচুলাই বৰআইৰ সঁচ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেওঁ এই বুলি কয়- "All you need is a sick fanatic to get to a populated place. The world health system is completely unprepared for this."[42]
↑ 3.03.1Bailey, Ian (1996). "Edward Jenner (1749-1823); naturalist, scientist, country doctor, benefactor to mankind". Journal of Medical Biography খণ্ড 4 (1): 63–70.
↑Ryan KJ, Ray CG (eds) (2004). Sherris Medical Microbiology (4th সম্পাদনা). McGraw Hill. পৃষ্ঠা. 525–8. ISBN0-8385-8529-9.
↑Shelton, Herbert M. (ca. 1950). Vaccine and Serum Evils (1966 সম্পাদনা). প্ৰকাশক San Antonio, TX: Dr. Shelton's Health School. পৃষ্ঠা. 5. OCLC69696522.
↑Wujastyk D (1995). "Medicine in India". Oriental Medicine: An Illustrated Guide to the Asian Arts of Healing. প্ৰকাশক London: Serindia Publications. পৃষ্ঠা. 19–38.. ISBN0-906026-36-9.
↑Needham J (1999). "Part 6, Medicine". Science and Civilization in China: Volume 6, Biology and Biological Technology. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 134.
↑Temple R (1986). The Genius of China: 3,000 Years of Science, Discovery, and Invention. প্ৰকাশক New York: Simon and Schuster. পৃষ্ঠা. 137. ISBN0-671-62028-2.
↑Baxby, Derrick (2001). Smallpox Vaccine, Ahead of Its Time – How the Late Development of Laboratory Methods and Other Vaccines Affected the Acceptance of Smallpox Vaccine. প্ৰকাশক Berkeley, UK: Jenner Museum. পৃষ্ঠা. 12–16. ISBN978-0-9528695-1-1.
↑Bazin, Hervé (2000). The Eradication of Smallpox. প্ৰকাশক London: Academic Press. পৃষ্ঠা. 94–102. ISBN0-12-083475-8.
↑Rusnock, Andrea (2009). "Catching Cowpox: the early spread of smallpox vaccination". Bull. Hist. Med. খণ্ড 83 (1): 17–36.
↑Smith, Michael M (1970). "The 'Real Expedición Marítima de la Vacuna' in New Spain and Guatemala". Trans Amer. Phil. Soc. N.s. খণ্ড 64 (4): 1–74. doi:10.2307/1006158.
↑Williamson, Stanley (2007). Vaccination Controversy; the rise, reign and decline of compulsory vaccination. প্ৰকাশক Liverpool: Liverpool University Press. ISBN9781846310867.