বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান। এই স্থানবোৰ বন, পাহাৰ, হ্ৰদ, মৰুভূমি, স্মৃতিস্তম্ভ, দালান, প্ৰসাদ বা চহৰ আদি হব পাৰে। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।[1]অসমৰমৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰাপ্ত।[2]
২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ২৯ টা।[3]আগ্ৰা কিল্লা আৰু অজন্তা গুহা সৰ্বপ্ৰথম ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পায়। ১৯৮৩ চনত সপ্তম বিশ্ব ঐতিহ্য অধিবেশনত উক্ত স্থানদুটা বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছিল। পৰৱৰ্তী বছৰসমূহত আৰু ২৬টা কেন্দ্ৰৰ নাম এই তালিকাত যুক্ত হয়। ২০১০ চনত বিশ্ব ঐতিহ্য স্বীকৃতিপ্ৰাপ্ত জয়পুৰৰ যন্তৰ মন্তৰ দেশৰ সাম্প্ৰতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। ভাৰতৰ ২৯টা বিশ্ব ঐতিহ্য কেন্দ্ৰৰ মাজত ২৩টা সাংস্কৃতিক কেন্দ্ৰ আৰু অৱশিষ্ট ৬টা প্ৰাকৃতিক কেন্দ্ৰ। ইয়াৰোপৰি ৩৩টা কেন্দ্ৰ বা সম্পত্তিৰ নাম ভাৰতৰ সম্ভাব্য বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰিছে।[3]