বজালী জিলা

বজালী জিলা
অসমত বজালীৰ অৱস্থান
অসমত বজালীৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ নামনি অসম
সদৰ পাঠশালা

বজালী জিলা অসমৰ এখন জিলা। ২০২০ চনৰ ১০ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাবজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।[1] ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বজালীক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে। বজালীক জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪ খন হয়।[2] বজালী জিলাৰ সদৰ হৈছে পাঠশালা

তথ্য উৎস

  1. Desk, Sentinel Digital (2020-08-10). "'Bajali' to become the 34th full-fledged district of Assam - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-to-become-the-34th-full-fledged-district-of-assam-494424। আহৰণ কৰা হৈছে: 2020-11-26. 
  2. Desk, Sentinel Digital (2021-01-13). "'Bajali' Becomes the 34th Full-Fledged District of Assam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/bajali-becomes-the-34th-full-fledged-district-of-assam-520780। আহৰণ কৰা হৈছে: 2021-01-16.