ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল ফ্ৰান্স, ফ্ৰান্সে ২০১৮ চনৰ বিশ্বকাপ দখল কৰিছিল।[1]
বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।
এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ২১খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে আৰু জাৰ্মানীয়ে চাৰিবাৰ, আৰ্জেণ্টিনা, ফ্ৰান্স আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তদুপৰি ইংলেণ্ড আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে।
বিশ্বকাপ হৈছে বিশ্বজুৰি সকলোতকৈ বেছি দৰ্শকক আকৰ্ষণ কৰা ক্ৰীড়া সমাৰোহ, ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপৰ দৰ্শকৰ সংখ্যা আছিল প্ৰায় ৭১৫.১ নিযুত।[2]
বিশ্বৰ প্ৰথম আন্তৰ্জাতিক ফুটবল খেলা হৈছিল ১৮৭২ চনত স্কটলেণ্ড আৰু ইংলেণ্ডৰ মাজত।[3] যিখন ০-০ গ’লত অমিমাংশিত ভাবে শেষ হৈছিল। আনহাতেদি প্ৰথম আন্তৰ্জাতিক প্ৰতিযোগিতা আছিল ১৮৮৪ চনত আৰম্ভ হোৱা ব্ৰিটিছ হ’ম চেম্পিয়নশ্বিপ।[4] বিংশ শতিকাৰ প্ৰাৰম্ভিক ভাগত ফুটবলৰ জনপ্ৰিয়তা ক্ৰমাত বৃদ্ধি পায়, ইয়াক লক্ষ্য ৰাখি ১৯০০ আৰু ১৯০৪ চনৰ অলিম্পিকত ফুটবলক প্ৰদৰ্শনীমূলক খেল হিচাপে অন্তৰ্ভুক্ত কৰা হয়, (বিজয়ীক কোনো মেডেল প্ৰদান কৰা হোৱা নাছিল)। ১৯০৬ চনত অলিম্পিকৰ পৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ইয়াক অলিম্পিকৰ মূল খেল সমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰে।[5]
১৯০৪ চনত ফিফা প্ৰতিষ্ঠা হোৱাৰ ঠিক পাছতেই, ১৯০৬ চনত ফিফাই চুইজাৰলেণ্ডত অলিম্পিক ক্ৰীড়া সমাৰোহৰ বাহিৰত থাকি এখন ভিন্ন আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে। আন্তৰ্জাতিক ফুটবলৰ বয়স সেই সময়ত নিচেই কম আছিল, এইকাৰণেই ফিফাৰ ইতিহাসত এই প্ৰতিযোগিতাক এক ব্যৰ্থ প্ৰতিযোগিতা আখ্যা দিয়া হয়।[6]
১৯০৮ চনৰ লণ্ডন অলিম্পিকত ফুটবলে অলিম্পিকৰ এক আধিকাৰিক প্ৰতিযোগিতাৰ মৰ্যাদা পায়, ইংলেণ্ডৰ ফুটবলৰ নিয়ন্ত্ৰণ কৰ্তা সংস্থা দ্য ফুটবল এচ’চিয়েচন (FA)ই পৰিকল্পনা কৰা এই প্ৰতিযোগিতা অপেছাদাৰী খেলুৱৈসকলৰ বাবে আছিল, আৰু সেইবাৰৰ অলিম্পিকত ই ক্ৰীড়া প্ৰতিযোগিতাতকৈ কোনো প্ৰদৰ্শনী যেনহে হৈছেল। ১৯০৮ চনৰ অলিম্পিকৰ ফুটবলৰ খিটাপ গ্ৰেইট ব্ৰিটেইনে অধিকাৰ কৰে। গ্ৰেইট ব্ৰিটেইনৰ এই দলৰ হৈ ইংলেণ্ডৰ জাতীয় অপেছাদাৰী ফুটবল দলৰ সদস্য সকলে প্ৰতিযোগিতাত ভাগ লৈছিল। তাৰ পাছৰ ১৯১২ চনৰ ষ্টকহ’ম অলিম্পিকতো গ্ৰেইট ব্ৰিটেইনে পুনৰ এই খিটাপ দখল কৰে।
অলিম্পিকত অপেছাদাৰী দলৰ মাজত প্ৰতিযোগিতা চলাৰ সময়তে থমাচ লিপটনে ১৯০৯ চনত তুৰিনত চাৰ থমাচ লিপটন ট্ৰফি প্ৰতিযোগিতাৰ আয়োজন কৰে। এইখন আছিল বিভিন্ন দেশৰ বিভিন্ন ক্লাবৰ (জাতীয় দল নহয়) মাজত অনুষ্ঠিত হোৱা এখন চেম্পিয়নছিপ প্ৰতিযোগিতা। এইসমূহ দলৰ প্ৰত্যেকে বেলেগ বেলেগ দেশেৰ প্ৰতিনিধিত্ব কৰিছিল, এই বাবে এই প্ৰতিযোগিতাকে অনেকে প্ৰথম বিশ্বকাপ বোলে।[7] এই প্ৰতিযোগিতাত ইতালি, জাৰ্মানি আৰু চুইজাৰলেণ্ড সহ বিভিন্ন দেশৰ খ্যাতনামা পেছাদাৰী দল সমূহে অংশ লয়। কিন্তু ইংলেণ্ডৰদ্য ফুটবল এচ’চিয়েচন এই প্ৰতিযোগিতাৰ লগত জড়িত হোৱা আৰু পেছাদাৰী দল পাঠিওৱাত আমান্তি হয়। সেয়েহে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে লিপটনে পশ্চিম অকলেণ্ড টাউন ফুটবল ক্লাবক আমন্ত্ৰণ জনায়, পশ্চিম অকলেণ্ড টাউন ফুটবল ক্লাব আছিল ডাৰহাম কাউণ্টিৰ এটি অপেছাদাৰী দল। পাছত পশ্চিম অকলেণ্ড এই প্ৰতিযোগিতাত বিজয়ী হয় আৰু পৰবৰ্তী ১৯১১ চনৰ প্ৰতিযোগিতাতো নিজৰ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি তেওঁলোকক চিৰকালৰ বাবে এই ট্ৰফিটি প্ৰদান কৰা হয়।
১৯১৪ চনত ফিফাই অলিম্পিকৰ ফুটবলক "অপেছাদাৰী খেলুৱৈৰ বিশ্ব ফুটবল চেম্পিয়নশ্বিপ" বুলি ঘোষণা কৰে, আৰু ইয়াৰ আয়োজন কৰাৰ দায়িত্ব গ্ৰহণ কৰে।[8] ইয়াৰ পৰিণতিত ১৯২০ চনৰ গ্ৰীষ্মকালিন অলিম্পিকত প্ৰথমবাৰৰ বাবে আন্তঃমহাদেশীয় পৰ্যায়ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইজিপ্ত(মিচৰ)কে ধৰি মুঠ তেৰটা ইউৰোপীয় দলে এই প্ৰতিযোগিতাত ভাগ লয়, প্ৰতিযোগিতাখনত বেলজিয়ামে খিটাপ দখল কৰে।[9] ঊৰুগুৱে ৰাষ্ট্ৰীয় ফুটবল দলে তাৰ পাছৰ ১৯২৪চন আৰু ১৯২৮ চনৰ গ্ৰীষ্মকালিন অলিম্পিকৰ বিজয়ীৰ সন্মান লাভ কৰে। এই দুখন আছিল প্ৰথম দুখন মুক্ত বিশ্ব চেম্পিয়নশ্বিপ, ১৯২৪ চনৰ পৰাই ফিফাৰ বৃত্তিমুখী যুগৰ আৰম্ভ হয়।
নিৰ্বাচিত দেশসমূহৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সমূহক তেওঁলোকৰ ফুটবল দলসমূহক ফিফাই প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। অৱশ্যে ঊৰুগুৱে আয়োজক দেশ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আটলাণ্টিক মহাসাগৰ পাৰ হৈ আহিব লগা ইউৰোপীয় দলসমূহৰ বাবে এই যাত্ৰা বৰ বেছি দূৰত্বৰ আৰু বেছি খৰচী হয়। প্ৰতিযোগিতা আৰম্ভ কৰাৰ দুমাহ আগলৈকে কোনো ইউৰোপীয় দলে প্ৰতিযোগিতাখনত যোগদান কৰাৰ সম্প্ৰৰ্কে নিশ্চয়তা প্ৰদান কৰিব পৰা নাছিল। ৰিমেটে অৱশেষত বেলজিয়াম, ফ্ৰান্স, ৰোমানিয়া আৰু যুগশ্ল’ভিয়াক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সৈমান কৰায়। প্ৰতিয়োগিতাখন মুঠ তেৰটা ৰাষ্ট্ৰীয় দলে ভাগ লয়, ইউৰোপৰ এই চাৰিখন দেশৰ বাহিৰে সাতখন লেটিন আমেৰিকাৰ আৰু দুখন উত্তৰ আমেৰিকাৰ দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
১৯৩০ চনৰ ১৩জুলাইত বিশ্বকাপৰ প্ৰথম দুখন খেল একে সময়তে অনুষ্ঠিত হয়, ইয়াৰে এখন খেলত ফ্ৰান্সে মেস্কিকোক ৪-১ গ’লত আৰু আনখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই বেলজিয়ামক ৩-০ত পৰাস্ত কৰে। বিশ্বকাপ ইতিহাসৰ প্ৰথম গ’লটো কৰে ফ্ৰান্সৰ লুচিয়েন লৰেণ্টে।[11] মণ্টেভিডেঅ’ত ৯৩,০০০ হাজাৰ দৰ্শকৰ সন্মুখত অনুষ্ঠিত হোৱা ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ চূড়ান্ত খেলত ঊৰুগুৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলে আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰি, বিশ্বকাপ জয় কৰা প্ৰথম দলৰ সন্মান অৰ্জন কৰে[12]
দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বৰ বিশ্বকাপসমূহ
বিশ্বকাপৰ আৰম্ভণিৰ পাছতে ১৯৩২ চনত আমেৰিকাৰ লচ এঞ্জেলচত হোৱা গ্ৰীষ্মকালিন অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকান ফুটবল (ৰাগবি)ৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু ফুটবল (ছ’কাৰ)ৰ অতি কম জনপ্ৰিয়তাৰ বাবে অলিম্পিকৰ পৰা ফুটবলক পুনৰ বাদ দিয়া হয়। ইয়াৰ আন এক কাৰণ আছিল অপেছাদাৰী খেলুৱৈয়ে ভাগ লোৱাৰ সম্পৰ্কে তেতিয়াও ফিফা আৰু IOCয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।[13] ১৯৩৬ চনৰ অলিম্পিকত অলিম্পিকত পুনৰ ফুটবল অন্তৰ্ভুক্ত হয়, অৱশ্যে এই সময়লৈ বিশ্বকাপৰ জনপ্ৰিয়তাই অলিম্পিক ফুটবলক গুৰুত্বক ম্লান কৰি পেলাই
প্ৰথম কেইখনমান বিশ্বকাপত আন্তঃমহাদেশীয় যুদ্ধ বিগ্ৰহে বিশ্বকাপত প্ৰভাৱ পেলাই, তদুপৰি এখন মহাদেশৰ পৰা আন এখনলৈ দল সমূহে যাতায়ত কৰিব লগা হোৱাতোও সেই সময়ত সমস্যাৰ কাৰণ হৈ দেখা দিছিল। ১৯৩৪ আৰু ১৯৩৮ চনৰ বিশ্বকাপত অতি কম সংখ্যাক দক্ষিণ আমেৰিকাৰ দলেহে অংশগ্ৰহণ কৰে, কেৱল ব্ৰাজিলেহে দক্ষিণ আমেৰিকীয় দল হিচাপে এই দুয়োখন বিশ্বকাপতে ভাগ লয়। দ্বিতীয় বিশ্বযুদ্ধৰ বাবে নাজী জাৰ্মানী আৰু ব্ৰাজিলে আয়োজন কৰিব লগা[14] ১৯৪২ আৰু ১৯৪৬ চনৰ ফুটবল বিশ্বকাপ বাতিল হয়।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ বিশ্বকাপসমূহ
১৯৫০ চনত পোন প্ৰথম বাৰৰ বাবে ব্ৰীটিছ দলসমূহে বিশ্বকাপত ভাগ লয়, তাৰ আগতে ১৯২০ চনৰ বিশ্বকাপত ব্ৰীটিচ দলসমূহে ফিফাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল, ইয়াৰ এটা কাৰণ আছিল তেওঁলোক সেই সময়ত নিজৰ দেশৰ সৈতে যুদ্ধ বিগ্ৰহত লিপ্ত দেশ সমূহৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’বলৈ অমান্তি আছিল আন এটা কাৰণ আছিল ফুটবলে বিদেশী কৰ্তৃত্বৰ বিপক্ষে প্ৰতিবাদ।[15] (ফিফাৰ অনুৰোধমৰ্মে ১৯৪৬ত ব্ৰীটিছ দলসমূহে বিশ্বকাপত পুনৰ ভাগ লয়)[16] অৱশ্যে এই বিশ্বকাপত পূৰ্বৰ দুবাৰৰ বিজয়ী দল ঊৰুগুৱেই পুনৰ বিশ্বকাপত ভাগ লয় তাৰ আগৰ দুখন বিশ্বকাপ ঊৰুগুৱেই বৰ্জন কৰিছিল। এই বিশ্বকাপত ঊৰুগুৱেই আয়োজক দল ব্ৰাজিলক 'মাৰাকানাজ’ নামেৰে বিখ্যাত চূড়ান্ত খেলখনত পৰাস্ত কৰি পুনৰ চেম্পিয়নো হৈছিল।
১৯৩৪ চনৰ পৰা ১৯৭৮ চনলৈকে হোৱা বিশ্বকাপসমূহৰ (১৯৩৮ আঋ ১৯৫০ চনৰ বিশ্বকাপক বাদ দি) প্ৰত্যেকখনতে ১৬টাকৈ দলে অংশগ্ৰহণ কৰে, ১৯৩৮ চনৰ বিশ্বকাপত অষ্ট্ৰিয়া নাজী জাৰ্মানী দলত চামিল হোৱাত ১৫টা দলেহে প্ৰতিযোগিতাত ভাগ লয়, আকৌ ১৯৫০ চনৰ বিশ্বকাপত ভাৰত, স্কটলেণ্ড আৰু তুৰ্কীয়ে নাম প্ৰত্যাহাৰ কৰাৰ বাবে মাত্ৰ ১৩টা দলেহে সেই প্ৰতিযোগিতাত ভাগ লয়।[17] এই সমূহ বিশ্বকাপত অংশগ্ৰহণ কৰা সৰহ সংখ্যাক দলেই আছিল ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ মাত্ৰ কিছু সংখ্যাক দলহে উত্তৰ আমেৰিকা, আফ্ৰিকা, এচিয়া বা ওচেনিয়াৰ আছিল,এই দল সমূহক ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দলসমূহে খুব সহজেই পৰাস্ত কৰিব পাৰিছিল। ১৯৮২ চনলৈকে ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বাহিৰৰ দল হিচাপে প্ৰথম ঘূৰণ(ৰাউণ্ড) পাৰ হোৱা দলসমূহ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৩০চনত চেমি ফাইনেল), কিউবা (১৯৩৮ চনত কোৱাৰ্টাৰ ফাইনেল), কোৰিয়া (১৯৬৬ত কোৱাৰ্টাৰ ফাইনেল) আৰু মেস্কিকো (১৯৭০ চনত কোৱাৰ্টাৰ ফাইনেল)।
৩২টা দললৈ প্ৰসাৰ
১৯৮২ৰ বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি কৰি ২৪টা কৰা হয়। ,[18] আৰু পাছত ১৯৯৮ চনৰ পৰা দলৰ সংখ্যা ৩২ টালৈ উন্নীত কৰা হয়।[19] ফলত আফ্ৰিকা, এছিয়া আৰু উত্তৰ আমেৰিকা আৰু বেছি দলে অংশগ্ৰহণৰ সুযোগ পায়। এইক্ষেত্ৰত ওচেনিয়া মহাদেশ অৱশ্যে ব্যতিক্ৰম, এই পৰ্যন্ত ওচেনিয়াৰ কোনো দলে বিশ্বকাপত সুযোগ খেলাৰ সুযোগ পোৱা নাই। সাম্প্ৰতিক বছৰসমূহৰত আফ্ৰিকা, এছিয়া আৰু উত্তৰ আমেৰিকাৰ দলসমূহে তুলনামূলক ভাবে বেছি সফলতা পোৱা দেখা গৈছে। এইসমূহ এলেকাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায় পৰ্যন্ত আগবঢ়া দলসমূহৰ হলঃ মেক্সিকো(১৯৮৬ চনত কোৱাৰ্টাৰ ফাইনেল), কেমেৰুণ (১৯৬০ চনত কোৱাৰ্টাৰ ফাইনেল), কোৰিয়া গণৰাজ্য (২০০২ চনত চতুৰ্থ স্থান), চেনেগাল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (২০০২ চনৰ কোৱাৰ্টাৰ ফাইনেল), ঘানা (২০১০ চনৰ কোৱাৰ্টাৰ ফাইনেল)। আনহাতেদি ১৯৯৪, ১৯৯৮ আৰু ২০০৬ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল খেলা সকলো দেশ ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ আছিল।
২০০২ চনৰ বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ বাবে ২০০টা দল নিৰ্বাচিত হৈছিল, ইয়াৰে ১৯৮টাই মূল পৰ্বত খেলাৰ বাবে পৰস্পৰৰ লগত প্ৰতিদ্বণ্ডিতা কৰে, আনহাতেদি ২০০৬ চনত অভিলেখ সংখ্যাক ২০৪টা দলে প্ৰাৰম্ভিক ৰাউণ্ডত ভাগ লয়।[20]
অন্যান্য ফিফা প্ৰতিযোগিতাসমূহ
মহিলাৰ বাবে সমমানৰ প্ৰতিযোগিতা ফিফা মহিলা বিশ্বকাপ, প্ৰথম অনুষ্ঠিত হয় ১৯৯১ চনত চীনত।[21] মহিলা বিশ্বকাপৰ পৰিধি সৰু আৰু পুৰুষৰ প্ৰতিযোগিতাতকৈ ইয়াৰ গুৰুত্ব অনেক গুণে কম। বৰ্তমানে এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলেৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাইছে। ২০০৭ চনৰ প্ৰতিযোগিতাত ১২০টা দলে অংশ গ্ৰহণ কৰিছি যিটো ১৯৯১ চনতৰ প্ৰতিযোগীৰ সংখ্যাৰ দুগুণ।
১৮৯৬ আৰু ১৯৩২ চনৰ অলিম্পিকক বাদ দি সকলোবোৰ অলিম্পিকতে ফুটবলক স্থান দিয়া হৈছে, আন বহুবোৰ প্ৰতিযোগিতাৰ বিপৰীতে অলিম্পিকৰ পুৰুষ ফুটবলক ঊচ্চ পৰ্যায়ৰ প্ৰতিযোগিতা বুলি গণ্য কৰা নহয়। ১৯৯২ চনৰ পৰা অলিম্পিকৰ প্ৰতিটো ফুটবলৰ দলত তিনিজন জেষ্ঠ খেলুৱৈ (২৩বছৰৰ ঊৰ্ধৰ) খেলুৱৈকো খেলাৰ অনুমতি দিয়া হয়।[22] ১৯৯৬ চনত পোন প্ৰথম বাৰৰ বাবে মহিলা ফুটবল অলিম্পিকত অন্তৰ্ভুক্ত হয়, এই প্ৰতিযোগিতাত কোনো বয়সৰ সীমা নাই।
ফিফা কনফেডাৰেচনচ কাপ হৈছে মূল বিশ্বকাপৰ আগে আগে হোৱা এখন আখৰা (মূল বিশ্বকাপৰ বাবে) প্ৰতিযোগিতা এইখন বিশ্বকাপৰ এবছৰ আগত আয়োজক দেশতে অনুষ্ঠিত হয়। ছটা কনফেডাৰেচনৰ বিজয়ী, আয়োজক দেশ আৰু বৰ্তমান বিজয়ী দলে এই প্ৰতিযোগিতাত অংশ লয়।[23]
ইয়াৰ উপৰি ফিফাই অন্যান্য যুৱ প্ৰতিযোগিতাও আয়োজন কৰে। যেনে ফিফা ২০ বছৰ অনুৰ্ধ বিশ্বকাপ, ফিফা ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ, ফিফা ২০ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ, ফিফা ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ, ফিফা ক্লাব বিশ্বকাপ, আৰু ফুটবলেৰ অন্যান্য ধাৰা যেনে, ফিফা ফুটচল বিশ্বকাপ (FIFA Futsal World Cup) আৰু ফিফা বিচ (beach) ছ’কাৰ বিশ্বকাপ।
ট্ৰফী
১৯৩০ চনৰ পৰা ১৯৭০ চনলৈ বিশ্বকাপ বিজয়ী দলক 'জুলে ৰিমে ট্ৰফী'(Jules Rimet Trophy) প্ৰদান কৰা হৈছিল। প্ৰথমতে ইয়াক কেৱল বিশ্বকাপ বুলিহে জনা গৈছিল, কিন্তু ১৯৪৬ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল অনুষ্ঠিত কৰিবলৈ উদ্যোগ লোৱা ফিফাৰ সভাপতি জুলে ৰিমে (Jules Rimet)ৰ নামেৰে নামকৰণ কৰা হয়। ১৯৭০ চনত ব্ৰাজিলে তৃতীয় বাৰৰ বাবে বিজয়ী হৈ এই ট্ৰফী স্থায়ীভাৱে লাভ কৰে। ১৯৮৩ চনত এই ট্ৰফী চুৰি হৈ যায়, আৰু অনেক প্ৰচেষ্টাৰ পাছতো ইয়াৰ উদ্ধাৰ কৰিব পৰা নগল; আশংকা কৰা হয়, চোৰে এই ট্ৰফীটো গলাই বিক্ৰী কৰি দিয়ে।[24]
১৯৭০ চনৰ পিছত 'ফিফা বিশ্বকাপ ট্ৰফী'(FIFA World Cup Trophy) নামেৰে এটা নতুন ট্ৰফী তৈয়াৰ কৰা হয়। সাতখন দেশৰ পৰা ফিফাৰ বিশেষজ্ঞ সকলে অহা মুঠ ৫৩টা প্ৰতিৰূপ পৰীক্ষা কৰি, শেষত ইটালিৰ শিল্পী ‘চিলভিঅ’ গাঝানিয়া’ ৰ (Silvio Gazzaniga) ৰ নমুনাটো চূড়ান্ত ভাৱে নিৰ্বাচন কৰে। ৩৬ চে. মি. (১৪.২ ইঞ্চি)ওখ আৰু সম্পূৰ্ণ ১৮ কেৰেট সোণেৰে নিৰ্মিত, এই নতুন ট্ৰফীটোৰ ওজন ৬.১৭৫ কে.জি.। ইয়াৰ ভেঁটিটো দুই তৰপীয়া মেলাচাইট নামৰ ধাতুৰে গঢ়া, আৰু ইয়াত ১৯৭৪ চনৰ পৰা বিজয়ী হোৱা দল বিলাকৰ নাম খোদিত কৰা আছে। .‘গাঝানিয়া’ই এই ট্ৰফীৰ বিৱৰণ এনেদৰে দিছে “ইয়াৰ ভেঁটিৰ পৰা বসন্তৰ ৰেখা সৰ্পিল গতিৰে আগুৱাই সমগ্ৰ বিশ্বকে আঁকোৱালি লব খোজে। গতিশীলতাৰে প্ৰভাৱিত ইয়াৰ সুগঠিত গা-অংশই, শীৰ্ষাংশত বিজয়ক্ষণত দুজন এথলিটৰ মূৰ্তি তুলি ধৰে। “[25]
এই নতুন ট্ৰফীটো কোনো দলকে স্থায়ী ভাৱে দি দিয়া নহব। বিজয়ী দলে পৰবৰ্তী প্ৰতিযোগিতালৈকে এই ট্ৰফী ৰাখিব পাৰে, আৰু পাছত তেওঁলোকক প্ৰকৃত সোণৰ ট্ৰফীটোৰ ঠাইত, সোণপানী চৰোৱা এটা প্ৰতিৰূপ প্ৰদান কৰা হয়।[26]
বৰ্তমান, শীৰ্ষস্থানৰ তিনিটা দলৰ সকলো সদস্যকে ( খেলুৱৈ, প্ৰশিক্ষক আৰু প্ৰবন্ধক সকল) বিশ্বকাপ ট্ৰফীৰ ছৱি খচিত মেডেল দিয়াৰ ব্যৱস্থা আছে, বিজয়ী দলে সোণ, ৰানাৰ্চ আপ দলে ৰূপ আৰু তৃতীয় স্থান প্ৰাপ্ত দলে ব্ৰঞ্জৰ মেডেল লাভ কৰে। ২০০২ চনৰ বিশ্বকাপত আয়োজক দেশ দক্ষিণ কোৰিয়াক চতুৰ্থ স্থানৰ বাবেও মেডেল দিয়া হৈছিল। ১৯৭৮ চনৰ আগতে কেৱল ফাইনেল আৰু তৃতীয় স্থানৰ বাবে হোৱা খেলৰ একেবাৰে শেষলৈকে খেলা ১১ জন খেলুৱৈকহে মেডেল দিয়াৰ নিয়ম আছিল। .২০০৭ চনৰ নৱেম্বৰত ফিফাই ঘোষণা কৰে যে ১৯৩০ চনৰ পৰা ১৯৭৪ চনলৈকে বিজয়ী হোৱা দলবিলাকৰ সকলো সদস্যকে পূৰ্বব্যাপী ভাৱে মেডেল প্ৰদান কৰা হব।[27][28][29]
বিন্যাস
যোগ্যতা নিৰ্ণয়
ফাইনেল খেলৰ আকাৰ সৰু কৰিবৰ বাবে ১৯৩৪ চনৰ দ্বিতীয় ফুটবল বিশ্বকাপৰ পাছৰ পৰা যোগ্যতা নিৰ্ণায়ক খেল পতাত নিয়ম আৰম্ভ হ’ল।[30]ফিফাৰ ছটা মহাদেশীয় এলেকাত, সন্দৰ্ভিত কনফেডাৰেচন বিলাকৰ তত্ত্বাৱধানত(আফ্ৰিকা, এচিয়া, উত্তৰ আৰু মধ্যআমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ,দক্ষিণ আমেৰিকা আৰুইউৰোপ)এই যোগ্যতা নিৰ্ণায়ক খেল সমূহ অনুষ্ঠিত কৰা হয়। ইয়াত কিমানখনকৈ খেল ক’ত পতা হব, এই কথাবিলাক কোনো এলেকাৰ দল সমূহৰ শক্তিৰ ওপৰত ভিত্তি কৰি ফিফাই আগতীয়াকৈ নিৰ্ধাৰণ কৰি দিয়ে।
এই যোগ্যতা নিৰ্ণয়কাৰী খেল বিলাক বিশ্বকাপৰ প্ৰায় তিনি বছৰ আগৰপৰাই আৰম্ভ হয় আৰু দুবছৰলৈ চলি থাকে। এই খেলসমূহৰ বিন্যাস কনফেডাৰেচন অনুযায়ী বেলেগ বেলেগ হয়। আন্তৰ্মহাদেশীয় ছুড়ান্ত খেল[:en: play-off|( play-off)]]বিলাকত বিজয়ী সকলক সাধাৰণতে এটা বা দুটা স্থান দি দিয়া হয়। উদাহৰণ স্বৰূপে অচেনিয় এলেকাৰ বিজয়ী আৰু এচিয় এলেকাৰ ৫ম স্থান প্ৰাপ্ত দল দুটা ২০১০ চনৰ বিশ্বকাপৰ বাবে য়োগ্যতা লাভৰ বাবে “play-off” খেলত অবতীৰ্ণ হৈছিল।[31]১৯৩৮ চনৰ বিশ্বকাপৰ পৰা আয়োজক দেশখনে আপোনা আপুনি বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰাৰ নিয়ম প্ৰচলিত হয়। ১৯৩৮ চনত পৰা ২০০২ চনলৈ আগৰবাৰৰ বিজয়ী দলতোকো যোগ্যতা অৰ্জনকাৰী খেল সমূহ নেখেলাকৈয়ে মূল বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ নিয়ম আছিল, কিন্তু সদ্যহতে ২০০৬ চনৰ পৰা এই নিয়ম বাতিল কৰা হয়। ২০০২ চনৰ বিজয়ী ব্ৰাজিল পোন প্ৰথমবাৰৰ বাবে ২০০৬ চনৰ বাবে যোগ্যতা নিৰ্ণায়ক খেল অংশগ্ৰহণ কৰা দল হিচাপে পৰিগণিত হয়।[32]
মূল বিশ্বকাপ
আগৰ বিশ্বকাপ সমূহত ব্যৱহাৰ কৰা বিন্যাস সমূহৰ বিষয়ে জানিবলৈৰ বাবে, [[::en:History of the FIFA World Cup#Format of each final tournament]] চাওক।
আজিকালি মূল বিশ্বকাপত আয়োজক দেশখন (কোনোক্ষেত্ৰত দেশকেইখন) ধৰি ৩২টা দলে অংশগ্ৰহণ কৰে। খেলসমূহ দুটা পৰ্যায়ত খেলোৱা হয়, গ্ৰুপ পৰ্যায় আৰু নক-আউট পৰ্যায়।[33]
গ্ৰুপ পৰ্যায়ত দলসমূহ চাৰিটাকৈ মূঠ আঠটা গোটত ভগাই লোৱা হয়। আয়োজক দেশকে ধৰি আঠটা দলক চিডেদ (যোগ্যতাৰ দিশৰ পৰা প্ৰথম) বুলি ঘোষণা কৰা হয়, আৰু বাকী দলসমূহৰ স্থান ফিফাৰ বিশ্ব ৰেংকিং ব্যৱস্থা (FIFA World Rankings) আগৰ বিশ্বকাপ সমূহত প্ৰদৰ্শনৰ ভিত্তিত থিৰাং কৰা হয়।[34]এই চিড বা স্থানপ্ৰাপ্ত দলবিলাক লৈ এটা এটাকৈ গোটত বিভক্ত কৰা হয়। বাকী দলসমূহক সাধাৰণতে ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি যাদৃচ্ছিক ভাৱে (randomly) এই গোটসমূহত অন্তৰ্ভুক্ত কৰা হয়। ১৯৯৮ চনৰ পৰা বলবৎ হোৱা নিয়ম মতে কোনো গোটতে দুটাতকৈ বেছি ইউৰোপীয় বা এটাতকৈ বেছি আন কনফেডাৰেচনৰ দল থাকিব নোৱাৰে।[35]
প্ৰাথমিক প্ৰৰ্য্যায়ৰ খেলসমূহ ৰাউণ্ড ৰবিন নিয়ম মতে খেলোৱা হয়, অৰ্থাৎ প্ৰত্যেক দলেই নিজৰ গোটৰ আন তিনিটা দলৰ বিৰূদ্ধে তিনিখনকৈ খেল খেলে। অন্তিম তিনিখন খেল একে সময়তে পতা হয় যাতে চাৰিওটা দলেই সমান সুবিধা লাভ কৰে।[36]প্ৰত্যেক গোটৰ শীৰ্ষ স্থান পোৱা দুটাকৈ দলে নক-আউট পৰ্য্যায়ত খেলাৰ সুযোগ লাভ কৰে। এই শীৰ্ষ স্থান বাছনিৰ বাবে পইণ্ট বা অংক ব্যৱস্থা প্ৰয়োগ কৰা হয়। .১৯৯৪ চনৰ পৰা, বিজয়ী হলে ৩, ড্ৰ ৰাখিলে ১ আৰু পৰাজিত হ’লে শূন্য অংক পোৱাৰ ব্যৱস্থা প্ৰচলিত হয়। ( আগতে বিজয়ী দলে ২ অংক লাভ কৰিছিল।
↑১৯৩০ চনৰ বিশ্বকাপত কোনো তৃতীয় স্থান নিৰ্ণয়কাৰী খেল হোৱা নাছিল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুগ’শ্লভিয়া চেমি ফাইনেলত পৰাস্ত হৈছিল, পাছত ফিফাই প্ৰতিযোগিতাখনৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি আমেৰিকাক তৃতীয় স্থানৰ দল বুলি ঘোষণা কৰে।[45]
↑ 3.03.1১৯৫০ চনৰ বিশ্বকাপত কোনো আধিকাৰীক চূড়ান্ত খেল হোৱা নাছিল।[46] চূড়ান্ত বিজয়ী ৰাউণ্ড ৰ’বিন পদ্ধতিৰে শীৰ্ষ চাৰিটা দল উৰুগুৱে, ব্ৰাজিল, চুইডেন আৰু স্পেইনৰ মাজৰ পৰা নিৰ্বাচন কৰা হৈছিল, প্ৰতিযোগিতা খনৰ শেষৰ দুখন খেলৰ এখন শীৰ্ষস্থানত থকা দুটা দলৰ মাজতে অনুষ্ঠিত হৈছিল, সেয়েহে এই খনকে এই বিশ্বকাপৰ চূড়ান্ত খেল বুলি কোৱা হয়। এই খেলত উৰুগুৱেই ব্ৰাজিলক ২-১ত পৰাস্ত কৰে।[47] আনহাতেদি একে সময়তে হোৱা চুইডেন আৰু স্পেইনৰ খেলখন তৃতীয় স্থানৰ খেলৰ দৰে হয়, যিখন খেলত চুইডেনে স্পেইনক ৩-১ত পৰাস্ত কৰে।
↑১৯৫০ চনৰ বিশ্বকাপত মাত্ৰ ১৩টা দলেহে ভাগ লয়।[48] প্ৰথমে ১৬টা দলক চূড়ান্ত কৰা হৈছিল এই প্ৰতিযোগিতাৰ বাবে, পাছত দ্ৰ(draw)ৰ আগে আগে তুৰ্কী আৰু স্কটলেণ্ডে নিজৰ নাম প্ৰত্যাহাৰ কৰে, তেতিয়া বিকল্প দল হিচাপে ফ্ৰান্সক নিমন্ত্ৰণ কৰা হয়, হলত দৰৰ সংখ্যা হয় ১৫, আকৌ দ্ৰ(draw)ৰ পাছৰ ফ্ৰান্স আৰু ভাৰতে নাম প্ৰত্যাহাৰ কৰাত ১৩টা দলেহে প্ৰতিযোগিতাত ভাগ লয়।
↑Previously, due to there being fewer finals places and a bigger ratio of European finalists, there had been several occasions where three European teams were in a single group, for example, 1986 (West Germany, Scotland, and Denmark), 1990 (Italy, Czechoslovakia, and Austria), and 1994 (Italy, Republic of Ireland, and Norway). ("History of the World Cup Final Draw" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-201_10e-fwcdraw-history_52560.pdf.)
↑Australia's qualification in 2006 was through the Oceanian zone as they were a member of the OFC member during qualifying. However, on 1 January 2006, they left the Oceania Football Confederation and joined the Asian Football Confederation.