পৰিৱেশ তন্ত্ৰৰ কাৰ্য্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আন বাহ্যিক কাৰকসমূহ হ’ল, সময় আৰু সম্ভাৱ্য বায়'টা, যিবোৰ জীৱ কোনো অঞ্চলত উপস্থিত থাকে আৰু সম্ভাৱনাময়ভাৱে এটা বিশেষ স্থান দখল কৰিব পাৰে। পৃথিৱীৰ বিভিন্ন ঠাইত অৱস্থিত একে ধৰণৰ পৰিৱেশৰ পৰিৱেশ তন্ত্ৰই শেষত কামবোৰ অতি বেলেগ ধৰণে সৰলভাৱে কৰিব পাৰে
কাৰণ ইহঁতৰ প্ৰজাতিৰ বিভিন্ন পুল উপস্থিত থাকে।[11]:321 বহিৰাগত প্ৰজাতিৰ প্ৰৱৰ্তনে পৰিৱেশ তন্ত্ৰৰ কাৰ্যত যথেষ্ট পৰিৱৰ্তন আনিব পাৰে। [12]
বাহ্যিক কাৰকৰ দৰে পৰিৱেশ তন্ত্ৰৰ আভ্যন্তৰীণ কাৰকে কেৱল পৰিৱেশ তন্ত্ৰৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰাই নহয়, ইয়াৰ দ্বাৰা নিজেও নিয়ন্ত্ৰিত হয়।[4]:16সম্পদৰ ইনপুটসমূহ সাধাৰণতে জলবায়ু আৰু পিতৃ পদাৰ্থৰ দৰে বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয় যদিও পৰিৱেশ তন্ত্ৰৰ ভিতৰত এই সম্পদসমূহৰ উপলভ্যতা পচন, শিপাৰ বৃদ্ধি বা ছাঁ দিয়াৰ দৰে আভ্যন্তৰীণ কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।[13] অন্যান্য কাৰক যেনে সমস্যা, উত্তৰাধিকাৰ বা উপস্থিত প্ৰজাতিৰ প্ৰকাৰো আভ্যন্তৰীণ কাৰক হয়।
পৰিৱেশ তন্ত্ৰ এটা নিয়াৰিকৈ চলিবলৈ হলে কিমান পৰিমাণৰ শক্তি প্ৰয়োজন হব সেয়া নিৰ্ভৰ কৰে ইয়াৰ গঠনৰ ওপৰত। পৰিৱেশ তন্ত্ৰ যিমানেই জটিল শক্তিৰ সিমানেই কম শক্তিৰ প্ৰয়োজন হয়।
পৰিৱেশ তন্ত্ৰ এটা পৈনত হবলৈ ই ক্ৰমে সৰল অৱস্থাৰ পৰা জটিল অৱস্থাপ্ৰাপ্ত হয়। ইয়াকে পৰিস্থিতিক অনুক্ৰমন (Ecological Succession) বোলা হয়।
কোনো নিৰ্দিষ্ট পাৰিপাৰ্শ্বিকতা আৰু পৰিৱেশ তন্ত্ৰত শক্তিৰ স্থিৰীকৰণ (Energy Fixation) এটা নিৰ্দিষ্ট সীমাত থাকে।
পৰিৱেশৰ কাৰকবোৰৰ তাৰতম্যতাই আবাদী বা জীৱগোষ্ঠীৰ ওপৰত এটা নিৰ্বাচিত চাপ (Selective Pressure)ৰ সৃষ্টি কৰে ফলত ইয়াত উপলব্ধ আবাদীবোৰে নিজকে অভিযোজিত কৰিব লগীয়া হয়। যিবোৰ আবাদীয়ে নিজকে অভিযোজিত কৰি লব নোৱাৰে সেইবোৰ আবাদী বিলুপ্ত হৈ যায়।
পৰিৱেশ তন্ত্ৰৰ প্ৰকাৰ
পৰিৱেশ তন্ত্ৰবোৰ প্ৰাকৃতিক (Natural) বা কৃত্ৰিম (Artificial), বৃহৎ (Mega) বা ক্ষুদ্ৰ (Micro), সম্পূৰ্ণ (Complete) বা অসম্পূৰ্ণ (Incomplete) ইত্যাদি বিভিন্ন প্ৰকাৰৰ হব পাৰে।
প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ
যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্ৰত্যক্ষ প্ৰভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্ৰকৃতিত স্বতঃস্ফূৰ্ত্ত ভাবে চলি থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক আকৌ দুটা প্ৰধান ভাগত ভগাব পাৰি যেনে, স্থলজ পৰিৱেশ তন্ত্ৰ আৰু জলজ পৰিৱেশ তন্ত্ৰ।
স্থলজ পৰিৱেশ তন্ত্ৰ (Terrestrial Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ স্থলভাগত সৃষ্টি হয়। অৰণ্য (Forest), তৃণভূমি Grassland), মৰুভূমি (Desert), ইত্যাদি হ’ল স্থলজ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।
জলজ পৰিৱেশ তন্ত্ৰ (Aquatic Ecosystem): এইবোৰ পৰিৱেশ তন্ত্ৰ জলভাগত সৃষ্টি হয়। জলজ পৰিৱেশ তন্ত্ৰক আকৌ দুই প্ৰকাৰৰ যেনে, নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ (Fresh water ecosystem) আৰু সামূদ্ৰিক পানীৰ পৰিৱেশ তন্ত্ৰ (Marine ecosystem)।
নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ: নিৰ্মল বা অলুণীয়া পানীৰ পৰিৱেশ তন্ত্ৰ প্ৰকাৰৰ হ’ব পাৰে যেনে, গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ (Running watewr ecosystem) আৰু স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰ (Standing water ecosystem)। গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ উদাহৰণ হ’ল, নিজৰা, জান জুৰি, নদী ইত্যাদি। স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হ’ল, পুখুৰী, বিল, হ্ৰদ, জলাহ ইত্যাদি।
সামূদ্ৰিক পৰিৱেশ তন্ত্ৰ: সাগৰীয় পানীত লৱণৰ পৰিমাণ বেছি থাকে। দ-সমূদ্ৰ, তৰাং সাগৰ, মোহনা আদিক সামূদ্ৰিক পৰিৱেশ তন্ত্ৰ বোলা হয়।
মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ
জীৱবোৰৰ ভিতৰত মানুহক শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়। অন্যান্য জীৱৰ দৰে মানুহো পৰিৱেশ তন্ত্ৰ (Man made ecosystem)-ৰ এটা উপাংশ। খাদ্য, বাসস্থান আৰু আৰু বিশেষকৈ সামাজিক তথা অৰ্থনৈতিক প্ৰয়োজনত মানুহে পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। এনেদৰে মানুহে স্বাৰ্থজনিত কাৰণত যি পৰিৱৰ্ত্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি লয় তাকে মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা কৃটিম পৰিৱেশ তন্ত্ৰ বোলা হয়। গাওঁ, নগৰ, চহৰ, উদ্যান, বাগিচা আদি হ’ল কৃটিম বা মানৱসৃষ্ট স্থলজ পৰিৱেশ তন্ত্ৰ আৰু কৃটিম বান্ধ, খাল, মাছ পোহা পুখুৰী, একুৱাৰিয়াম (Aquarium) আদি মানুহে সৃষ্টি কৰা জলজ মানৱসৃষ্ট পৰিৱেশ।
ইলেনবাৰ্গৰ (Ellenberg, 1973) মতে জৈৱমণ্ডলেই হ’ল আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। ইয়াৰ ভিতৰতে আন আন পৰিৱেশ তন্ত্ৰবোৰ সোমাই থাকে। তেওঁৰ মতে সাগৰ, হ্ৰদ, আদি হ’ল বৃহৎ পৰিৱেশ (Mega ecosystem) তন্ত্ৰ। আনহাতে পুখুৰী আদিক ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Micro ecosystem) বোলা হয়। আকৌ কাঠৰ টুকুৰা, একুৰিয়াম, বাগিছা আদিক অতি ক্ষুদ্ৰ পৰিৱেশ তন্ত্ৰ (Nano ecosystem) বোলা হয়।
C. অসম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ (Incomplete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত সকলো-বোৰ উপাদান যেনে, অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একে সময়তে একেলগে নেথাকে সেইবোৰ পৰিৱেশ তন্ত্ৰকে অসম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। সাগৰৰ গভীৰ অন্ধকাৰ অঞ্চল (Abyssal depth of sea), গুহাৰ ভিতৰৰ পৰিৱেশ তন্ত্ৰ আদি হ’ল এই শ্ৰেণীৰ পৰিৱেশ তন্ত্ৰ। এইবোৰ পৰিৱেশ তন্ত্ৰত উপভোক্তা আৰু বিয়োজক থাকিলেও পোহৰৰ অভাৱৰ কাৰণে উৎপাদক শ্ৰেণীৰ জীৱ নেথাকে।
D. সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ (Complete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত পৰিৱেশ তন্ত্ৰৰ মৌলিক উপাদানবোৰ অৰ্থাৎ অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একেলগে একে সময়তে থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। যেনে- পুখুৰী, তৃণভূমি, অৰণ্য ইত্যাদি।
পৰিৱেশ তন্ত্ৰৰ গঠন
ওডামৰ (1971) মতে পৰিৱেশ তন্ত্ৰ দুই ধৰণৰ উপাংশৰে গঠিত – যেনে, জৈৱিক উপাংশ (Biotic components) আৰু অজৈৱিক উপাংশ (Abiotic components)।
(ii) পৰপোষী উপাদান বা উপভোক্তা (Heterotrophic components or consumers): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লব নোৱাৰে আৰু খাদ্যৰ বাবে প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাবে স্বপোষী উপাদান বাউৎপাদকৰ ওপৰত নিৰ্ভৰশীল সেইবোৰক পৰপোষী বা উপভোক্তা বোলা হয়। উপভোক্তাবোৰক আকৌ দুই প্ৰকাৰত ভগাব পাৰি যেনে, স্থূল বা বৃহৎ উপভোক্তা (Macro consumers) আৰু ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro consumers or decomposers)।
a. স্থূল বা বৃহৎ উপভোক্তা (Macro consumers): স্থূল উপভোক্তাবোৰে আহাৰ গ্ৰহণ কৰি শৰীৰৰ ভিতৰতে পাচন ঘটায়। এইবোৰক আকৌ 3টা ভাগত ভগাব পাৰি। যেনে- প্ৰাথমিক উপভোক্তা (Primary consumers), দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers) আৰু তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers)।
প্ৰাথমিক উপভোক্তা (Primary consumers): যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষ বাবে উৎপাদকক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰ প্ৰাণীক প্ৰাথমিক বা মুখ্য উপভোক্তা বোলে। সকলোবোৰ তৃণভোজী প্ৰাণী এই শ্ৰেণীৰ ভিতৰত পৰে। উদাহৰণ- ফৰিং, শহাপহু, হৰিণা, ছাগলী, গৰু, মহ ইত্যাদি।
দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): যিবোৰ প্ৰাণীয়ে প্ৰথম স্তৰৰ উপভোক্তা বোৰক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে সেইবোৰক দ্বিতীয় স্তৰৰ উপভোক্তা। সাধাৰণতে মাংসহাৰী প্ৰাণীবোৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। এইবোৰৰ কিছুমান তৃণভোজীও হব পাৰে। উদাহৰণ – ভেকুলী, সাপ, শিয়াল, কেতবোৰ মাছ চিকাৰী চৰাই ইত্যাদি।
তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): যিবোৰ প্ৰাণীয়ে দ্বিতীয় স্তৰৰ উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। এই প্ৰাণীবোৰ দ্বিতীয় স্তৰৰ মাংসভোজী নাইবা সৰ্বভক্ষীও হব পাৰে। যেনে – বাঘ, সিংহ, মানুহ ইত্যাদি।
b. ক্ষুদ্ৰ উপভোক্তা বা বিয়োজক (Micro consumers or decomposers): এই জীৱবোৰ ক্ষুদ্ৰ বা অনুজীৱ। এইবোৰে জীৱই অইন জীৱবোৰৰ মৃত্যুৰ পিছত পাচক ৰস ক্ষৰণ কৰি জীৱবোৰৰ দেহত থকা জটিল যৌগবোৰক সৰল অৱস্থালৈ ৰূপান্তৰ কৰি পাচিত পদাৰ্থবোৰ শোষণ কৰে। এইবোৱক পচনকাৰী জীৱ বুলিও কোৱা হয়। পচনকাৰী জীৱবোৰ পৰিৱেশ তন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। এইবোৰ মাটিত থাকে আৰু মৃত সকলো ধৰণৰ বস্তুৰ পচন ঘটাই এইবিলাকত আৱদ্ধ খনিজ লৱণ পৰিৱেশত মুক্ত কৰি দি পদাৰ্থৰ চক্ৰীভৱনত সহায় কৰে। অৰ্থাৎ বিয়োজকে মুক্ত কৰা অজৈৱ পদাৰ্থবোৰ খাদ্য উৎপাদনৰ বাবে উৎপাদকে পুনৰ গ্ৰহণ কৰে। এইবোৰ প্ৰধানতঃ পৰজীৱী আৰু মৃতজীৱী। বেক্টেৰিয়া, এক্টিন’মাইছেটিছ, বিভিন্ন প্ৰকাৰৰ ভেকুঁৰ, মাটিত বাস কৰা কেতবোৰ কৃমি ইত্যাদি বোৰ ক্ষুদ্ৰ উপভোক্তা বা বিয়োজকৰ উদাহৰণ।
B. অজৈৱিক উপাংশ (Abiotic components):
পৰিৱেশৰ অজৈৱিক উপাংশবোৰ হ’ল নিৰ্জীৱ বস্তু আৰু ভৌতিক কাৰক। তলত কিছুমান অজৈৱিক উপাংশৰ বিষয়ে আলোচনা কৰা হ’ল।
1. তাপ বা উষ্ণতা (Temperature): তাপ বা উষ্ণতা হ’ল পৰিৱেশ তন্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰক। বিষুবীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ই ক্ৰমশঃ হ্ৰাস পাই গৈ থাকে। তদুপৰি ঋতু অনুযায়ী তাপমানৰ পৰিৱৰ্তন ঘটে। গ্ৰীষ্মকালত বিষুবীয় মৰুভূমি অঞ্চলৰ উষ্ণতা 500 চেলচিয়াচতকৈও অধিক হয় আৰু মেৰু অঞ্চলত বা পৰ্বতৰ উচ্চ শিখৰৰ উষ্ণতা 00 চেলচিয়াচৰ তললৈকে নামে। বিভিন্ন জীৱৰ উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা বেলেগ বেলেগ। কিছুমান জীৱৰ উষ্ণতা সহনশীলতাৰ পৰিসৰ বহল। এইবোৰ জীৱক ইউৰিথাৰ্মেল (Eurythermal) জীৱ বুলি কোৱা হয়। কিছুমান জীৱই আকৌ কম পৰিসৰৰ উষ্ণতাহে সহ্য কৰিব পাৰে। এইবোৰক ষ্টেন’থাৰ্মেল (Stenothermal) জীৱ বুলি কোৱা হয়। চৰাই আৰু স্তন্যপায়ী প্ৰাণীৰ নিজৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল নহয়। এইবোৰ প্ৰাণীয়ে নিজৰ শৰীৰৰ নিৰ্দিষ্ট এটা উষ্ণতা বজাই ৰাখে আৰু সেইবাবে ইহঁতক উষ্ণৰক্তী প্ৰাণী (Warm blooded animal) বোলা হয়। বাকীবোৰ প্ৰাণীৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাই নিয়ন্ত্ৰণ কৰে। এইবোৰ প্ৰাণীক শীতল ৰক্তী প্ৰাণী (Cold blooded animal) বোলা হয়। উষ্ণৰক্তী প্ৰাণীবোৰক হ’মিঅ’থাৰ্মিক (Homeothermic) প্ৰাণী আৰু শীতল ৰক্তী প্ৰাণীবোৰক পইকিলোথাৰ্মিক (Pokilothermic) প্ৰাণী বুলিও কোৱা হয়। প্ৰকৃততে তাপে শৰীৰৰ বিপাকীয় কাৰ্যবোৰক প্ৰভাৱান্নিত কৰে।
উষ্ণতাই বিপাকীয় কাৰ্যৰ লগত জড়িত উৎসেচকবোৰক সক্ৰিয় কৰি জৈৱিক প্ৰক্ৰিয়াসমূহ তৰান্বিত কৰে। উষ্ণতাৰ দ্বাৰা উদ্ভিদবোৰ বেছিকৈ প্ৰভাৱান্নিত হোৱা দেখা যায়। উষ্ণতাই জীৱৰ বৃদ্ধি, বিকাশ, প্ৰজনন, অংগসংস্থান আদি প্ৰায়বোৰ জৈৱিক ক্ৰিয়াতে সহায় কৰা দেখা যায়।
জীৱৰ ভৌগোলিক বিতৰণৰ ক্ষেত্ৰতো উষ্ণতাই বিশেষ ভাৱে প্ৰভাৱান্নিত কৰা দেখা য়ায়। উষ্ণৰক্তী প্ৰাণীবোৰৰ বিতৰণৰ ক্ষেত্ৰত উষ্ণতাই বিশেষ প্ৰভাৱান্নিত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে ভাৰতীয় হাতীবোৰ ঠাণ্ডা পাহাৰীয়া অঞ্চলতো থাকে আৰু গ্ৰীষ্ম অঞ্চলৰ বননি অঞ্চলতো বাস কৰে। আকৌ শীতলৰক্তী প্ৰাণীবোৰ উষ্ণতাৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হোৱা দেখা যায়। বিষুবীয় অঞ্চলত সৰীসৃপ আৰু উভচৰী প্ৰাণীবোৰৰ সংখ্যা বেছি। ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে ইহঁতৰ সংখ্যা সংখ্যা নিম্নগামী হোৱা পৰিলক্ষিত হয়। আকৌ ষ্টেন’থাৰ্মেল প্ৰাণীবোৰ কিছুমান বিশেষ ভৌগোলিক অঞ্চলতহে সীমিত হৈ থকা দেখা যায়।
জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ আন্তঃক্ৰিয়াৰ বাবেই একোটা বৈশিষ্ট্যপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হয়। পৰিৱেশ তন্ত্ৰ গঠনৰ মূল বৈশিষ্ট্য সমূহ হ’ল –
1. প্ৰজাতিৰ গাঁথনি বা সংমিশ্ৰণ (Species composition): একোটা পৰিৱেশ তন্ত্ৰৰ জৈৱিক সম্প্ৰদায় সমূহ কিছুমান বিশেষ ধৰণৰ প্ৰজাতিৰে গঠিত হয়। উদাহৰণ স্বৰূপে অৰণ্যৰ পৰিৱেশ তন্ত্ৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ, গুল্ম, লতা আদি থাকে। অৰণ্যবোৰৰো গছৰ প্ৰকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হোৱা দেখা যায়, যেনে – চিৰ সেউজীয়া অৰণ্য, পৰ্ণপাতী অৰণ্য, ইত্যাদি। প্ৰজাতিৰ গাঁথনি, ভৌগোলিক অৱস্থা, ভূ-প্ৰকৃতি, প্ৰাকৃতিক বাতাবৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰে। ক্ৰান্তীয় বৰ্ষাৰণ্য আৰু প্ৰৱাল দ্বীপ সমূহথ প্ৰজাতিৰ সংমিশ্ৰণ সৰ্বাধিক আৰু মৰুভূমি আৰু মেৰু অঞ্চলত সৰ্বনিম্ন হোৱা হোৱা দেখা যায়।
2. স্তৰীভৱন (Stratification): পৰিৱেশ তন্ত্ৰত উলম্ব স্তৰীভৱন বা স্তৰবিন্যাস (Vertical stratification) দেখা যায়। বিভিন্ন উচ্চতা আৰু পত্ৰাৱৰণৰ (Canopy) উদ্ভিদ সমূহে সৃষ্টি কৰা স্তৰীভৱণ বিভিন্ন প্ৰজাতিৰ জীৱৰ সূক্ষ্ম বাসস্থান (Microhabitat) আৰু নিচি (Niche) হিচাপে ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে ক্ৰান্তীয় বৰ্ষাবন (Tropical rain forest) বোৰত সুস্পষ্ট স্তৰীভৱন আৰু তাত প্ৰজাতিৰ বৈচিত্ৰ্যও সৰ্বাধিক হয়। আনহাতে মৰুভূমি অঞ্চলত গছ-গছনিৰ সংখ্যা তেনেই তাকৰ হোৱা বাবেস্তৰীভৱন কম পৰিমাণে দেখা যায় বা নেথাকেই।
3. পুষ্টি সংগঠন (Trophic Structure): পুষ্টিৰ দিশৰ পৰা পৰিৱেশ তন্ত্ৰৰ জীৱ সম্প্ৰদায়বোৰত দুটা অংশ থাকে যেনে – স্বপোষী আৰু পৰপোষী। প্ৰথম বিধত প্ৰধানকৈ সৌৰ শক্তিৰ আহৰণ, সৰল জৈৱ পদাৰ্থৰ ব্যৱহাৰ আৰু জটিল যৌগ গঠন হয়। দ্বিতীয় বিধত জটিল পদাৰ্থৰ ব্যৱহাৰ, পুনৰ গঠন, ভাঙোন আদি পৰিঘটনাবোৰ সংঘটিত হয়।
4. স্থিৰ ফচল (Standing crop): স্থিৰ ফচল বা ষ্টেডিং ক্ৰপ হ’ল পৰিৱেশ তন্ত্ৰৰ বিভিন্ন খাদ্যস্তৰ সমূহত থকা জৈৱিক পদাৰ্থৰ আয়তন। ইয়াক জীৱ ভৰ, জৈৱ আয়তন বা বায়’মাছ (Biomass) হিচাপে প্ৰকাশ কৰা হয়। বায়’মাছক শুস্কভৰ, সিক্তভৰ, কাৰ্বনৰ ভৰ, কেলৰি আদি হিচাপেও নিৰ্ণয় কৰা হয়। ইয়াৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ এটাৰ উৎপাদনৰ পৰিমাণৰ বিষয়ে ধাৰণা কৰিব পাৰি।
5. স্থিৰাৱস্থা বা স্থিৰ মানদণ্ড (Standing state or standing quality): ই হ’ল পৰিৱেশ তন্ত্ৰ এটাত থকা অজৈৱ পোষক দ্ৰব্যৰপৰিমাণ। ইয়াৰ পৰিমাণ স্থিৰ নহয়। বিভিন্ন পৰিৱেশ তন্ত্ৰ আৰু ঋতুত ইয়াৰ পৰিমাণো বেলেগ বেলেগ হয়। উৎপাদকৰ বৃদ্ধি মাধ্যমত (Growth medium) অজৈৱ পোষক দ্ৰব্যবোৰ থাকে। উচ্ছমানৰ স্থিৰ অৱস্থাত (High standing state) উৎপাকৰ বৃদ্ধি আৰু উৎপাদন ক্ষমতা হ্ৰাস পায়।
পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা
কোনো এটা পৰিৱেশ তন্ত্ৰৰ যিকোনো এটা পৌষ্টিক স্তৰে (Trophic level) যি হাৰত প্ৰতি একক ক্ষেত্ৰফলত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বায়’মাছৰ পৰা যিমানখিনি শক্তি সংশ্লেষণ কৰে তাকে পৰিৱেশ তন্ত্ৰটোৰ উৎপাদন ক্ষমতা বুলি কোৱা হয়। ইয়াক ওজনৰ জোখত (g/m2/yr) নাইবা শক্তি হিচাপে (Kcal/m2/yr) প্ৰকাশ কৰা হয়। উৎপাদন ক্ষমতাক দুটা ভাগত ভগাব পাৰি যেনে – প্ৰাথমিক উৎপাদন ক্ষমতা (Primary productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary productivity)।
1. প্ৰাথমিক উৎপাদন ক্ষমতা: প্ৰতি একক ক্ষেত্ৰফলত থকা সেউজীয়া উদ্ভিদে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সালোক সংশ্লৈষণৰ সহায়ত যিখিনি শক্তি আহৰণ কৰে তাকে প্ৰাথমিক উৎপাদন ক্ষমতা বোলা হয়। ই আকৌ দুই প্ৰকাৰৰ যেনে – সামগ্ৰিক বা স্থূল প্ৰাথমিক উৎপাদন (Gross Primary Production, GPP or PG) আৰু ৰাহি প্ৰাথমিক উৎপাদন (Net Primary Production, NPP or PN)।
(i) সামগ্ৰিক বা স্থূল প্ৰাথমিক উৎপাদন (GPP or PG): সেউজীয়া উদ্ভিদে নিৰ্দিষ্ট সময়ত একক ক্ষেত্ৰফলত সামগ্ৰিক ভাবে যি পৰিমাণৰ শৰ্কৰা বা অন্যান্য জৈৱ যৌগ প্ৰস্তুত কৰে তাকে স্থূল প্ৰাথমিক উৎপাদন বোলা হয়।
(ii) ৰাহি প্ৰাথমিক উৎপাদন (NPP or PN): ই হ’ল সেউজীয়া উদ্ভিদে স্থূল প্ৰাথমিক উৎপাদনৰ পৰা খৰচ কৰাৰ পিছত ৰাহি হোৱা শক্তি নাইবা সঞ্চিত বায়’মাছৰ পৰিমাণ। উদ্ভিদৰ ক্ষেত্ৰত শ্বসন কাৰ্যত (Respiration or R) ব্যৱহাৰ হোৱা শক্তিক বাদ দি যিখিনি অতিৰিক্ত শক্তি জমা হৈ থাকে তাকে ৰাহি প্ৰাথমিক উৎপাদন বোলা হয়।
অৰ্থাৎ, ৰাহি মুখ্য উপাদন (PN): = স্থূল মুখ্য উৎপাদন (PG) – শ্বসন (R)।
বা, স্থূল মুখ্য উৎপাদন (PG) = ৰাহি মুখ্য উপাদন (PN) + শ্বসন (R)।
2. গৌণ উৎপাদন ক্ষমতা: উপভোক্তা স্তৰত জৈৱ যৌগৰ পুনৰ সংশ্লেষণ হাৰকে গৌণ উৎপাদন বোলা হয়। ভক্ষণৰ জৰিয়তে উৎপাদকৰ পৰা প্ৰত্যক্ষ নাইবা পৰোক্ষ ভাবে উপভোক্তাবোৰে কিছু শক্তি আহৰণ কৰি দেহত সঞ্চিত কৰি ৰাকে। এনেদৰে উপভোক্তা স্তৰত সঞ্চিত শক্তিকেই গৌণ উৎপাদন বোলা হয়। সাধাৰণতে মুখ্য উৎপাদনৰ কেৱল শতকৰা 10 ৰ পৰা 20 শতাংশহে গৌণ উৎপাদনলৈ ৰূপান্তৰিত হয় আৰু বাকীখিনি তাপ শক্তি হিচাপে নিৰ্গত হয়।
মুখ্য উৎপাদন ক্ষমতা প্ৰভাৱিত কৰা কাৰক সমূহ (Factor Affecting Primary Production):
কোনো এখন ঠাইৰ উৎপাদকতা নিৰ্ভৰ কৰে পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত। এইবোৰৰ তাৰতম্যৰ কাৰণতেই বিভিন্ন পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হয়। এই কাৰকবোৰ হ’ল, পোহৰ, উষ্ণতা, পানী, পোষক দ্ৰব্য, সালোক সংশ্লেষণৰ দক্ষতা, সৌৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্ৰকাৰ, আদ্ৰতা ইত্যাদি। মাটিত পৰ্য্যাপ্ত পৰিমাণৰ পানীৰ যোগান নিশ্বিত হলে ক্ৰান্তীয় অঞ্চলসমূহত গোটেই বছৰ ধৰি মুখ্য উৎপাদন অবিৰত ভাবে চলি থাকে। আনহাতে মেৰু অঞ্চলত অত্যধিক শীতৰ বাবে মুখ্য উৎপাদন সীমিত হৌৱা দেখা যায়।
প্ৰাথমিক উৎপাদন ক্ষমতা (Primary Productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary Productivity) ৰ মাজত পাৰ্থক্য।
প্ৰাথমিক উৎপাদন ক্ষমতা গৌণ উৎপাদন ক্ষমতা
1. প্ৰাথমিক উৎপাদন ক্ষমতা হ’ল উৎপাদকে অজৈৱ বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ। 1. গৌণ উৎপাদন ক্ষমতা হ’ল উপভোক্তাই জৈৱিক বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।
2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে বহুত বেছি। 2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে কম আৰু উৰ্দ্ধৰ পৌষ্টিক স্তৰৰ (Trophic level) ফালে ক্ৰমান্বয়ে কমি আহে।
3. ইয়াত অজৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়। 3. ইয়াত জৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়।
(i) অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰৰ ৰাহি মুখ্য উপাদান) Net productivity) প্ৰায় 2-4kg/m2/yr বা 20-40 ton/hac/yr সেইবোৰকে অধিক উৎপাদনশীল পৰিৱেশ তন্ত্ৰ বোলা হয়। উৎপাদকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা পৰিৱেশ তন্ত্ৰৰ দৈনিক উৎপাদন প্ৰায় 6-20gm/m2। এনেকুৱা উৎপাদন ক্ষমতা সাধাৰণতে ক্ৰান্তীয় অৰণ্য (Tropical forest), প্লাৱন ভূমি (Flood plain), প্ৰৱাল দ্বীপ (Coral reef), কুঁহিয়াৰৰ খেতিৰ পৰিৱেশ তন্ত্ৰত দেখিবলৈ পোৱা যায়।
(ii) সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এনেকুৱা পৰিৱেশ তন্ত্ৰবোৰত উৎপাদনৰ হাৰ 1-2kg/m2/yr বা 10-20ton/hac/yr আৰু দৈনিক হিচাপত উৎপাদন 3-5gm/m2। সাধাৰণ খেতিপথাৰ আৰু নাতিশীতোষ্ণ অঞ্চলৰ (Temperate) অৰণ্য সমূহ এই প্ৰকাৰৰ।
(iii) কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200-1000gm/m2 বা 2-10ton/hac আৰু দৈনিক হিচাপত0.5-3.0gm/m2। উদাহৰণ – তৃণভূমি।
(iv) অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200gm/m2 বা 2ton/hac তকৈও কম। কিছুমান মৰুভূমিৰ বছৰি উৎপাদন ক্ষমতা .03ton/hac বা ইয়াতকৈও কম।
(ii) মাটিত আদ্ৰতা: বিয়োজনৰ বাবে মাটিত জলীয় বাষ্পৰ পৰিমাণো অতি প্ৰয়োজনীয়। মৰুভূমিবোৰত জলীয় বাষ্পৰ পৰিমাণ কম আৰু সেয়েহে উষ্ণতা অধিক হোৱা স্বত্বেও ইয়াত বিয়োজনৰ হাৰ অতি কম। আকৌ অত্যধিক জলীয় বাষ্পৰ মাত্ৰাও বিয়োজনক বাধা দিয়া দেখা যায় কিয়নো এনেকুৱা অৱস্থাত বিয়োজনৰ কাৰণে প্ৰয়োজনীয় অক্সিজেন আহৰণ বাধাপ্ৰাপ্ত হয়।
(iii) pH: প্ৰশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে। ইয়াৰ উপৰিও বিয়োজন প্ৰক্ৰিয়াৰ বাবে অক্সিজেনৰ প্ৰয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমাণে নাইট্ৰজেন তথা পানীত দ্ৰবণীয় শৰ্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্ৰতৰ হয়।
তথ্যসূত্ৰ
↑Hatcher, Bruce Gordon (1990). "Coral reef primary productivity. A hierarchy of pattern and process". Trends in Ecology and Evolution খণ্ড 5 (5): 149–155. doi:10.1016/0169-5347(90)90221-X. PMID21232343.
↑ 4.04.14.24.34.44.5Chapin, F. Stuart III (2011). "Chapter 1: The Ecosystem Concept". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑ 8.08.18.2Chapin, F. Stuart III (2011). "Chapter 5: Carbon Inputs to Ecosystems". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑Chapin, F. Stuart III (2011). "Chapter 2: Earth's Climate System". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑Chapin, F. Stuart III (2011). "Chapter 3: Geology, Soils, and Sediments". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑Chapin, F. Stuart III (2011). "Chapter 11: Species Effects on Ecosystem Processes". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑Simberloff, Daniel; Martin, Jean-Louis; Genovesi, Piero; Maris, Virginie; Wardle, David A.; Aronson, James; Courchamp, Franck; Galil, Bella et al. (2013). "Impacts of biological invasions: what's what and the way forward". Trends in Ecology & Evolution খণ্ড 28 (1): 58–66. doi:10.1016/j.tree.2012.07.013. ISSN0169-5347. PMID22889499.
↑ 14.014.114.2Chapin, F. Stuart III (2011). "Chapter 6: Plant Carbon Budgets". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑ 15.015.115.2Chapin, F. Stuart III (2011). "Chapter 10: Trophic Dynamics". Principles of terrestrial ecosystem ecology. P. A. Matson, Peter Morrison Vitousek, Melissa C. Chapin (2nd সম্পাদনা). প্ৰকাশক New York: Springer. ISBN978-1-4419-9504-9. OCLC755081405.
↑Yvon-Durocher, Gabriel; Caffrey, Jane M.; Cescatti, Alessandro; Dossena, Matteo; Giorgio, Paul del; Gasol, Josep M.; Montoya, José M.; Pumpanen, Jukka et al. (2012). "Reconciling the temperature dependence of respiration across timescales and ecosystem types" (En ভাষাত). Nature খণ্ড 487 (7408): 472–476. doi:10.1038/nature11205. ISSN0028-0836. PMID22722862.
↑Lovett, Gary M.; Cole, Jonathan J.; Pace, Michael L. (2006). "Is Net Ecosystem Production Equal to Ecosystem Carbon Accumulation?" (en ভাষাত). Ecosystems খণ্ড 9 (1): 152–155. doi:10.1007/s10021-005-0036-3. ISSN1435-0629.