পৰায়া ধন (হিন্দী: पराया धन; ইংৰাজী: Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।[1]
প্লট
ৰাজ্জু ওৰফে ৰজনী (হেমা মালিনী) তেওঁৰ দেউতাক গোবিন্দৰাম (বলৰাজ চাহনী) -ৰ সৈতে ভাৰতৰ এখন সৰু গাঁৱত বাস কৰে, যি এগৰাকী সন্মানীয় ভদ্ৰলোক আৰু লগতে গাঁও চৰপঞ্চ। যেতিয়া ৰজনীৰ বয়স হৈ আহে গোবিন্দৰামে শেৱাৰামৰ পুত্ৰ শংকৰ (ৰাকেশ ৰোশন) -ৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰে। শংকৰে ৰজনীক চাবলৈ আহে আৰু দুয়ো ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ৰজনীয়ে তেওঁৰ প্ৰকৃত পিতৃক তেতিয়াহে গম পায় যেতিয়া হীৰালাল (অজিৎ খান) নামৰ ডকাইত এগৰাকী কাৰাগাৰৰ পৰা পলাই আহি গোবিন্দৰামৰ ঘৰত আশ্ৰয় লয়। হীৰালাল কাৰাগাৰৰ পৰা পলাই অহাৰ পিছত গাঁওখনৰ শান্তি ভাগি পৰে। গোবিন্দৰামক হীৰালালে হত্যা কৰে আৰু অৱশেষত ৰজনীয়ে গোবিন্দৰামৰ হত্যাকাৰী ডকাইত হীৰালালক হত্যা কৰে আৰু তাৰ বাবে তেওঁ সন্মান লাভ কৰে।[2]
অভিনয়ত
প্ৰডাকচন
চলচ্চিত্ৰখনৰ মুখ্য দৃশ্য গ্ৰহণ কৰা হৈছে কুল্লু মানালীত।[1]
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে আৰ. ডি. বৰ্মনে।[3]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ