প্ৰমথেশ চন্দ্ৰ বৰুৱা (২৪ অক্টোবৰ ১৯০৩- ২৯ নৱেম্বৰ ১৯৫১) আছিল ভাৰত ৰ প্ৰাক্-স্বাধীনতা যুগৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক। অসম ৰ গৌৰীপুৰ ত জন্ম লাভ কৰা বৰুৱাই বাংলা আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এজন আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা ৰূপে প্ৰতিষ্ঠিত হৈছিল। বৰুৱাই "অপৰাধী" ছবিখনত ব্যৱহাৰ কৰা "কৃত্ৰিম পোহৰ"ৰ কৌশল ভাৰতীয় ছবিৰ ক্ষেত্ৰত আছিল প্ৰথম। আনহাতে বৰুৱাৰ দেৱদাস ছবিখনত ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ফ্লাছবেক মন্তাজ , টেলীপেথী শ্বট্ , আৰু চাবজেক্টতিভ কেমেৰা ৰ দৰে আধুনিক কৌশল ব্যৱহাৰ হৈছিল।
[ 1] ।
প্ৰাৰম্ভিক জীৱন
প্ৰমথেশ বৰুৱাৰ গৌৰীপুৰৰ ৰাজবাৰীত সংৰক্ষণ কৰি ৰখা চকীখন।
প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয় অসম ৰ গোৱালপাৰা জিলাৰ গৌৰীপুৰ ৰ বিখ্যাত জমিদাৰ পৰিয়ালত। পিতৃ আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু মাতৃ সৰোজবালা দেৱী। তেখেতে শৈশৱকাল গৌৰীপুৰতে অতিবাহিত কৰে। [ 2] তেখেতৰ ভাই-ভনীসকল আছিল নিহাৰবালা, নীলিমা, প্ৰকৃতিশ আৰু প্ৰণৱেশ। সৰুকালত বৰুৱাই গৌৰীপুৰত "ইউনাইটেড ক্লাব" বুলি এটা সাংস্কৃতিক সংঘ খুলি স্থানীয়ভাৱে বিভিন্ন নাটক মঞ্চস্থ কৰিছিল।
ঘৰতে প্ৰাথমিক শিক্ষা সাং কৰি কলিকতা ৰ হেয়াৰ স্কুলত পঢ়াৰ পিছত তেখেতে ১৯২৪ চনত প্ৰেচিডেন্সী কলেজ ৰ পৰা পদাৰ্থ বিজ্ঞান ৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২১ চনত বৰুৱাই কলিকতা ৰ বীৰেন্দ্ৰনাথ মিত্ৰৰ কন্যা মাধুৰীলতা ৰ লগত বিবাশপাশত আৱদ্ধ হয়। ইয়াৰ পিছত তেখেত ইউৰোপ ভ্ৰমণ কৰে য’ত তেখেত প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰ ৰ প্ৰতি আকৃষ্ট হয়। ঘূৰি আহি ১৯২৬ চনত মাতৃ বিয়োগৰ পাছত তেখেতে জমিদাৰী কাম-কাজত মনোনিৱেশ কৰে। অসম বিধানসভা ৰ সদস্য হিছাপেও তেখেতে কিছুকাল কাৰ্যনিৰ্বাহ কৰে। কিন্তু কিছুদিনৰ পিছতে তেখেত কলিকতালৈ ৰাওনা হয় আৰু ঘৰৰ আপত্তি সত্ত্বেও চলচ্চিত্ৰ জগতৰ লগত জড়িত হৈ পৰে। বৰুৱাই পিছলৈ অমলা বালা বৰুৱা আৰু সহশিল্পী যমুনা বৰুৱা ৰ লগতো বিয়া পাতে আৰু মুঠ ছটি সন্তানৰ পিতৃ হয়।
চলচ্চিত্ৰ জীৱন
কলিকতালৈ গৈ প্ৰমথেশ বৰুৱাই ধীৰেন্দ্ৰ নাথ গাংগুলী ৰ দ্য ব্ৰিটিছ ডমিনিয়ান ফিল্ম লিমিটেডত কিছু ধন বিনিয়োগ কৰে আৰু অভিনেতা হিছাপেও কিছুদিন কাম কৰে। তাৰ পিছত তেখেত দ্বিতীয়বাৰৰ বাবে ইউৰোপ ভ্ৰমণলৈ যায়। তেখেতে লণ্ডন ত বোলছবিৰ নিৰ্মাণ সম্পৰ্কে কিছু অভিজ্ঞতা লাভ কৰাৰ উপৰিও পেৰিচ ত লাইট বয় হিছাপে কাম শিকে।
পেৰিচৰ পৰা অলপ বোলছবি নিৰ্মাণৰ সঁজুলি ক্ৰয় কৰাৰ পিছত ভাৰতলৈ আহি তেখেতে বৰুৱা পিক্চাৰ্ছ লিমিটেড স্থাপন কৰে। ১৯৩১ চনত এই ষ্টুডিঅ’টোৰ প্ৰথম চলচ্চিত্ৰ "অপৰাধী" য়ে মুক্তি লাভ কৰে। এই অবাক চলচ্চিত্ৰ খনৰ পৰিচালক আছিল দেবকী বসু । এইখন ছবিতেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় বোলছবিত "কৃত্ৰিম পোহৰ"ৰ কৌশল ব্যৱহাৰ কৰা হয়। ইয়াৰ সফলতাৰ পিছত বৰুৱাই কালিপ্ৰসাদ ঘোষ পৰিচালিত "ভাগ্যলক্ষ্মী"(১৯৩২) ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰে। গাংগুলীৰ চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীটোৱে লোকচানৰ মুখ দেখাত পিছলৈ প্ৰমথেশ বৰুৱাই গাংগুলী আৰু দেবকী বসুৰ লগত নিউ থিয়েটাৰ্ছ ত যোগদান কৰে।
নিউ থিয়েটাৰ্ছত থাকোঁতেই বৰুৱাই নিজৰ জীৱনৰ সকলোতকৈ উল্লেখযোগ্য ছবি দেৱদাস নিৰ্মাণৰ সুযোগ পায়। শৰৎ চন্দ্ৰ চট্টোপাধ্যায় ৰ একে নামৰ উপন্যাসৰ আধাৰত কৰা ছবিখন প্ৰথমতে বাংলা ভাষা ত নিৰ্মাণ কৰা হৈছিল আৰু বৰুৱাই নিজেই তাত নায়কৰ ভূমিকাত অভিনয় কৰিছিল। পিছত তেখেতে কুণ্ডন লাল চাইগল ক নায়ক হিছাপে লৈ ১৯৩৬ চনত হিন্দী ভাষা ত দেৱদাস মুক্তি দিয়ে। এই ছবিখন সমগ্ৰ দেশজুৰি জনপ্ৰিয় হৈ পৰে। ছবিখনে বৰুৱাক এজন আগশাৰীৰ পৰিচালক ৰূপে আৰু কুণ্ডন লাল চাইগল ক অন্যতম শ্ৰেষ্ঠ নায়ক হিছাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত বৰুৱাই হিন্দীত "মঞ্জিল" (১৯৩৬), "মুক্তি" (১৯৩৭), "অধিকাৰ" (১৯৩৮), "ৰজত জয়ন্তী" (১৯৩৯) আৰু পুনৰ চাইগলক নায়ক ৰূপে লৈ "জিন্দেগী" (১৯৪০) বোলছবিকেইখন পৰিচালনা কৰে।
বৰুৱাৰ ছবিবোৰত কেমেৰাৰ দায়িত্বত আছিল বিমল ৰয় যি পিছলৈ নিজেই এজন আগশাৰীৰ পৰিচালক ৰূপে জনাজাত হৈ পৰে।
প্ৰমথেশ বৰুৱাই ১৯৩৯ চনত নিউ থিয়েটাৰ্ছ ত্যাগ কৰে আৰু স্বাধীনভাৱে ছবি নিৰ্মাণ কৰিবলৈ লয়। কিছু এই সময়ৰ তেখেতৰ ছবিবোৰৰ ভিতৰত কেৱল "শেষ উত্তৰ"/"জৱাব" (১৯৪২)এ কিছু সফলতাৰ মুখ দেখে। তেখেতে 'The Way of All Flesh ' ছবিখনৰ ভাৰতীয় ৰূপ এটা নিৰ্মাণৰ পৰিকল্পনা কৰিছিল যদিও ই বাস্তৱত পৰিণত নহ’ল।
মৃত্যু
অত্যধিক মদ্যপানৰ ফলত বৰুৱাৰ স্বাস্থ্য লাহে লাহে পৰি আহে। ১৯৫১ চনৰ ২৯ নৱেম্বৰত মাত্ৰ ৪৮ বছৰ বয়সতে তেখেতে মৌলিন ষ্ট্ৰীটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। কলিকতাৰ কেওৰালতা সমাধিক্ষেত্ৰত তেখেতৰ অন্তিম সৎকাৰ কৰা হয়।
চলচ্চিত্ৰসমূহ
একদা (১৯৩২)-নিৰ্বাক ছবি
নিশিৰ ডাক (১৯৪০)-নিৰ্বাক ছবি
বেঙ্গল ১৯৮৩ (১৯৩২)
মায়েৰ প্ৰাণ(১৯৪১)-এম পি প্ৰডাকশ্বনৰ সৈতে
উত্তৰায়ণ (১৯৪১)-এম পি প্ৰডাকশ্বনৰ সৈতে
শেষ উত্তৰ (১৯৪২)-এম পি প্ৰডাকশ্বনৰ সৈতে
জবাব (১৯৪২)-এম পি প্ৰডাকশ্বনৰ সৈতে
ৰাণী (১৯৪৩)-বৰুৱা হৈ প্ৰমথেশ বৰুৱা
চাঁদেৰ কলঙ্ক (১৯৪৪)-ইন্দ্ৰ্পুৰী ষ্টুডিঅ'ৰ হৈ প্ৰমথেশ বৰুৱা
পৰিচালনা
বেঙ্গল ১৯৮৩ (১৯৩২)
ৰূপ লেখা (১৯৩৪)
অৱশেষে (১৯৩৪)
দেৱদাস (১৯৩৫)[ 3]
মায়া (১৯৩৬/II)
মায়া (১৯৩৬/I)
মঞ্জিল (১৯৩৬)
গৃহদাহ (১৯৩৬)
দেৱদাস (১৯৩৬)-হিন্দী[ 3]
মুক্তি (১৯৩৭/II)
মুক্তি (১৯৩৭/I)
অধিকাৰ (১৯৩৮)
ৰজত জয়ন্তী (১৯৩৯)
অধিকাৰ (১৯৩৯)
নিশিৰ ডাক (১৯৪০)-নিৰ্বাক ছবি[ 3]
জিন্দেগী (১৯৪০)
শাপ মুক্তি (১৯৪০)
মায়েৰ প্ৰাণ (১৯৪১)
উত্তৰায়ণ (১৯৪১)
শেষ উত্তৰ (১৯৪২)[ 3]
জৱাব (১৯৪২)-হিন্দী
চাদেৰ কলঙ্ক (১৯৩৫)[ 3]
ৰাণী (১৯৪৪)
চুবহ শাম (১৯৪৪)
আমীৰী (১৯৪৫)
পেহচান (১৯৪৬)
ইৰাণ কী এক ৰাত (১৯৪৯)
মায়া কানন (১৯৫৩)
অভিনয়
চুবহ শাম (১৯৪৪)
ৰাণী (১৯৪৩)
জৱাব (১৯৪২) .... মনোজ
উত্তৰায়ণ (১৯৪১) .... সলিল
মায়েৰ প্ৰাণ (১৯৪১) .... সতীশ
শাপ মুক্তি (১৯৪০) .... ৰমেশ
অধিকাৰ (১৯৩৯) .... নিখিলেশ
ৰজত জয়ন্তী (১৯৩৯) .... ৰজত
অধিকাৰ (১৯৩৮) .... নিখিলেশ
মুক্তি (১৯৩৭/I) .... প্ৰশান্ত
মুক্তি (১৯৩৭/II) .... প্ৰশান্ত
গৃহদাহ (১৯৩৬) .... মহিম
মঞ্জিল(১৯৩৬) .... মহিম
দেৱদাস (১৯৩৫) .... দেৱদাস
ৰূপ লেখা (১৯৩৪) .... বাংলা ছবিখনত অৰুপ
ভাগ্যলক্ষ্মী (১৯৩২)- নিৰ্বাক ছবি[ 3]
বেঙ্গল ১৯৮৩ (১৯৩২)
একদা (১৯৩২)- নিৰ্বাক ছবি[ 3]
অপৰাধী (১৯৩১)-নিৰ্বাক ছবি
চৰিত্ৰহীন (১৯৩১)
টাকাই কি না হয় (১৯৩১)- নিৰ্বাক ছবি
পঞ্চশৰ (১৯৩০)-নিৰ্বাক ছবি[ 3]
লেখক
অধিকাৰ (১৯৩৯) (লেখক)
ৰজত জয়ন্তী (১৯৩৯) (লেখক)
অধিকাৰ (১৯৩৮) (লেখক)
মুক্তি (১৯৩৭/I) (লেখক)
মুক্তি(১৯৩৭/II) (লেখক)
দেৱদাস (১৯৩৬) (লেখক)
মায়া (১৯৩৬/I) (লেখক)
মায়া (১৯৩৬/II) (লেখক)
দেৱদাস (১৯৩৫) (লেখক)
একাডা (১৯৩২) (চিত্ৰনাট্য,কাহিনী)
চিনেমাটোগ্ৰাফী
তথ্যসূত্ৰ
বৰ্হিসংযোগ