ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামী (জন্ম: ১ জানুৱাৰী ১৯১৩) এগৰাকী ভাৰতীয় ন্যায়াধীশ। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ। ইয়াৰ লগতে তেওঁ অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপালো আছিল। উচ্চতম ন্যায়ালয়ত বিচাৰপতি হিচাপে যোগ দিয়াৰ আগতে তেওঁ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2]
প্ৰাৰম্ভিক জীৱন
১৯১৩ চনৰ ১ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অবিভক্ত অসম প্ৰদেশত পাৰ্বতী কুমাৰ গোস্বামীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম বামদেৱ গোস্বামী আৰু যুগদা দেৱী। তেওঁ প্ৰাৰম্ভিক শিক্ষা শিৱসাগৰৰ ইংৰাজী স্কুলত গ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীৰ সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ বাবে তেওঁ গুণাভিৰাম বৰুৱা ৰূপৰ পদক লাভ কৰে। তাৰ পিছত গুৱাহাটীৰ আৰ্ল ল' কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।[3]
কৰ্মজীৱন
গোস্বামীয়ে পোন প্ৰথমে ১৯৩৮ চনত ডিব্ৰুগড়ৰ উকীল সন্থাত যোগ দিয়ে। তাৰপিছত তেওঁ ১৯৪৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰে। তাত তেওঁ ১৯৪৭ চনৰ পৰা ১৯৪৯ লৈ চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫৩ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে উন্নীত হয়। তেওঁ ৰাজ্যিক আইন আয়োগৰো সদস্য আছিল।
১৯৬৭ চনত গোস্বামীয়ে অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।[4] তাৰ পিছত তেওঁ ইয়াৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। ১৯৭০ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৭১ চনৰ জানুৱাৰী মাহলৈ তেওঁ অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব ন্যায়াধীশ সন্থাৰ সক্ৰিয় সদস্য আছিল। ১৯৭৩ চনত পাৰ্বতী কুমাৰ গোস্বামীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ভাৰতৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম গৰাকী ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি। ১৯৭৭ চনৰ ৩১ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।[3]
তথ্য উৎস