নামনি দিবাং উপত্যকা জিলা |
---|
|
অৰুণাচল প্ৰদেশত নামনি দিবাং উপত্যকাৰ অৱস্থান |
দেশ |
ভাৰত |
---|
ৰাজ্য |
অৰুণাচল প্ৰদেশ |
---|
স্থাপিত |
১৬ ডিচেম্বৰ ২০০১ (2001-12-16) |
---|
সদৰ |
ৰয়িং |
---|
মহকুমা |
ৰয়িং, হুনিল, দাম্বুক |
---|
চৰকাৰ |
---|
• লোকসভা সমষ্টি |
অৰুণাচল পূব |
---|
• বিধানসভা সমষ্টি |
২টা (দাম্বুক, ৰয়িং) |
---|
কালি |
---|
• মুঠ |
3,900 km2 (1,500 sq mi) |
---|
জনসংখ্যা |
---|
• মুঠ |
54,080 |
---|
• ঘনত্ব |
14/km2 (36/sq mi) |
---|
• নগৰ |
11,389 |
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷[3]
ইতিহাস
নামনি দিবাং উপত্যকা জিলাৰ বৰ্তমানৰ ভূখণ্ড বাৰশৰ পৰা ষোল্লশ শতিকা চুতীয়া ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল৷ জিলাখনৰ ৰ'ইঙত অৱস্থিত ভীষ্মকনগৰৰ সৈতে চুতীয়া ৰাজ্যৰ ঐতিহ্য বিজড়িত হৈ আছে। ১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ লৈ দিবাং উপত্যকা জিলা গঠন কৰা হয়৷[4] ২০০১ চনৰ ১৬ ডিচেম্বৰৰ দিনা দিবাং উপত্যকা জিলাক বিভক্ত কৰি উজনি আৰু নামনি দিবাং উপত্যকা জিলা দুখন সৃষ্টি কৰা হয়৷[4]
ভৌগোলিক অৱস্থান
নামনি দিবাং উপত্যকা জিলাৰ সদৰঠাই ৰয়িং (Roing)।[5]
প্ৰশাসন
এই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ দুটা সমষ্টি আছে- দাম্বুক (Dambuk) আৰু ৰয়িং৷ দুয়োটা অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভাৰ সমষ্টিৰ অন্তৰ্ভুক্ত৷[6]
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি দিবাং উপত্যকা জিলাৰ জনসংখ্যা ৫৪,০৮০ জন৷[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩০৷[1] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১৪ জন৷[1] ২০০১-২০১১ দশকত জিলাখনত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭.০১%৷[1] নামনি দিবাং উপত্যকা জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.১%।[1]
ভাষা
এই জিলাৰ ব্যৱহৃত মূল ভাষা সমূহ হৈছে আদি আৰু ইডু মিছমি (Idu Mishmi)৷
জৈৱবৈচিত্ৰ্য
১৯৮০ চনত নামনি দিবাং উপত্যকা জিলাৰ ২৮২ বৰ্গ কিলোমিটাৰ সামৰি মেহাও বন্যপ্ৰাণী অভয়াৰণ্য (Mehao Wildlife Sanctuary) গঠন কৰা হয়৷[7]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ