নব্য নাস্তিকতাবাদ (ইংৰাজী: New Atheism) শীৰ্ষক পৰিভাষাটোৰ জন্ম দিয়ে সাংবাদিক গেৰি ওল্ফে (Gary Wolf)। একবিংশ শতিকাৰ একাংশ নাস্তিকে প্ৰচাৰ কৰা এক বিশেষ ধাৰণাৰ ব্যাখ্যা কৰিবলৈ তেওঁ এই বিশেষ পৰিভাষাটো ২০০৬ চনত সৃষ্টি কৰে।[1][2] এই আধুনিক নাস্তিকতাবাদৰ ধাৰণাটো মূলতঃ প্ৰসাৰিত কৰে কেইগৰাকীমান চিন্তাবিদ আৰু লেখকে। তেওঁলোকৰ মতে— "অন্ধবিশ্বাস, ধৰ্ম আৰু অযুক্তিবাদ কোনোপধ্যেই সহনীয় নহয়, আৰু এইবোৰৰ বিৰোধ আৰু সমালোচনা কৰা উচিত। যেতিয়াই তেনে কিছুমান ধাৰণাই চৰকাৰ, শিক্ষা অথবা ৰাজনীতিত উদ্ভৱ হয়, তেতিয়াই তাক যুক্তিবাদেৰে সৈতে উদঙাই দিব লাগে। "[3][4] ৰিচাৰ্ড অ'ছলিঙৰ মতে, বাৰ্টাণ্ড ৰাছেলে তেওঁৰ ১৯২৭ চনৰ প্ৰবন্ধ "মই কিয় খ্ৰীষ্টিয়ান নহয়"ত আজিৰ নব্য-নাস্তিকসকলৰ পৰামৰ্শসমূহৰেই পৃষ্ঠপোষকতা কৰি উনুকিয়াই দিছিল যে- পৰম্পৰাগত নাস্তিকতাবাদ আৰু নব্য নাস্তিকতাবাদৰ মাজত কোনো তাৎপৰ্যপূৰ্ণ পাৰ্থক্য নাই।[5]
ইতিবৃত্ত
প্ৰাৰম্ভিক ইতিহাস
খ্ৰীষ্টান ধৰ্মত বিশ্বাসী আৰু ডাৰউইনৰ বিৱৰ্তনবাদৰ প্ৰাৰম্ভিক সমৰ্থনকাৰীসকলৰ ভিতৰত অন্যতম, হাৰ্ভাৰ্ডৰ উদ্ভিদবিজ্ঞানী এছা গ্ৰেয়ে (Asa Gray) ১৮৬৮ চনত মন্তব্য আগবঢ়াইছিল যে— ইংলেণ্ডৰ অধিকাংশ ডাৰউইনবাদীয়েই "ইংৰাজ-বস্তুবাদী-যোগাত্মক চিন্তা" এটাৰে সমৃদ্ধ ("the English-materialistic-positivistic line of thought")[6] ডাৰউইনৰ আন এজন সমৰ্থনকাৰী থ'মাছ হাক্সলি আছিল প্ৰকাশ্য সংশয়বাদী, যাৰ বিষয়ে তেওঁৰ জীৱনীকাৰ জেনেট ব্ৰাউনে এইদৰে ব্যাখ্যা আগবঢ়াইছে:
Huxley was rampaging on miracles and the existence of the soul. A few months later, he was to coin the word "agnostic" to describe his own position as neither a believer nor a disbeliever, but one who considered himself free to inquire rationally into the basis of knowledge, a philosopher of pure reason [...] The term fitted him well [...] and it caught the attention of the other free thinking, rational doubters in Huxley's ambit, and came to signify a particularly active form of scientific rationalism during the final decades of the 19th century. [...] In his hands, agnosticism became as doctrinaire as anything else--a religion of skepticism. Huxley used it as a creed that would place him on a higher moral plane than even bishops and archbishops. All the evidence would nevertheless suggest that Huxley was sincere in his rejection of the charge of outright atheism against himself. He refused to be "a liar". To inquire rigorously into the spiritual domain, he asserted, was a more elevated undertaking than slavishly to believe or disbelieve. "A deep sense of religion is compatible with the entire absence of theology," he had told [Anglican clergyman] Charles Kingsley back in 1860. "Pope Huxley", the [magazine] Spectator dubbed him. The label stuck." —Janet Browne[7]
শেহতীয়া ইতিহাস
২০০৪ চনত ছেম হেৰিছৰ এখন বিশেষ কিতাপ প্ৰকাশিত হয়। নামটো হৈছে The End of Faith: Religion, Terror, and the Future of Reason। কিতাপখনে আমেৰিকাত বেষ্ট চেলাৰৰ মৰ্যাদা পায় আৰু পৰৱৰ্তী দুটা বছৰৰ আন দুগৰাকীমান নাস্তিক লেখকে লিখা বেষ্টচেলাৰৰ গ্ৰন্থৰ লগত চামিল হয়।[8] ১১/৯/২০০১ৰ কুখ্যাত সন্ত্ৰাসবাদী আক্ৰমণটোৱে হেৰিছক এইখন গ্ৰন্থ লিখিবলৈ প্ৰৰোচিত কৰিছিল। হেৰিছে ইছলাম ধৰ্মৰ লগতে খ্ৰীষ্টীয় আৰু ইহুদী ধৰ্মৰ পোনপটীয়া সমালোচনা কৰিছিল।[9] দুটা বছৰৰ পিছত হেৰিছে অইন এখন গ্ৰন্থ লেখে যাৰ নাম Letter to a Christian Nation; এইখনৰ দ্বাৰাও তেওঁ খ্ৰীষ্টান ধৰ্মৰ জোৰদাৰ সমালোচনা কৰিছিল।[10] ২০০৬ চনত তেওঁৰ টেলিভিছন তথ্যচিত্ৰ ধাৰাবাহিক The Root of All Evil?ৰ পিছত ৰিচাৰ্ড ড'কিনছ্-এ The God Delusion লিখি উলিয়ায়। এইখন কিতাপ নিউ ইয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰৰ তালিকাত ৫১টা সপ্তাহৰ বাবে অন্তৰ্ভুক্ত হৈ থাকে।[11]
২০১০ চনত এটা বিশেষ স্তম্ভত লেখক টম ফ্লাইনে "Why I Don't Believe in the New Atheism" শীৰ্ষক প্ৰবন্ধত তেওঁ নব্য নাস্তিকতাবাদত বিশ্বাস নকৰে বুলি মত ৰাখে আৰু এইদৰে কয়— what has been called "New Atheism" is neither a movement nor new, and that what was new was the publication of atheist material by big-name publishers, read by millions, and appearing on bestseller lists.[12]
২০১৫ চনৰ ৬ নৱেম্বৰত নিউ ৰিপাব্লিক আলোচনীত এটা বিশেষ প্ৰবন্ধ প্ৰকাশিত হয়। নাম আছিল— "Is the New Atheism dead?"[13] নাস্তিক আৰু বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী ডেভিদ শ্লোৱান উইলছনে লিখে যে— "The world appears to be tiring of the New Atheism movement."[14] ২০১৭ চনত পিজে মায়াৰছে ৰাজহুৱাকৈ নব্য নাস্তিকতাবাদৰ আন্দোলনক অস্বীকাৰ কৰে। তেওঁ পূৰ্বতে নিজকে নব্য নাস্তিক বুলি চিনাকি দিছিল।[15]
২০১৯ চনত The Four Horsemen: The Conversation That Sparked an Atheist Revolution প্ৰকাশিত হয়।[16]
চাৰিজন প্ৰবক্তা (The Four Horsemen)
২০০৭ চনৰ ৩০ ছেপ্টেম্বৰত চাৰিজন নাস্তিক যথাক্ৰমে ৰিচাৰ্ড ড'কিনছ, ছেম হেৰিছ, খ্ৰীষ্টোফাৰ হিচ্ছেনচ, ডেনিয়েল ডেনেট ৱাশ্বিংটন ডিচিত থকা হিচ্ছেনচৰ বাসগৃহত লগ হয়। তাতেই তেওঁলোক দুঘণ্টাজোৰা অসম্পাদিত এক আলোচনাত মিলিত হয়। এই সমগ্ৰ আলোচনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰা হয় আৰু নাম দিয়া হয় "দ্য ফ'ৰ হৰ্ছমেন"।[18] ২০১০ চনত খ্ৰীষ্টোফাৰ হিচেনচ আৰু ডিনেছ দিছ'জাৰ মাজত "The God Debate" সম্পন্ন হয়, য'ত সেই চাৰিগৰাকী ব্যক্তিক "Four Horsemen of the Non-Apocalypse" বুলি কোৱা হয়।[19] এই বিশেষ পৰিভাষাটোক বুক অৱ ৰিভিলেছনৰ (Book of Revelation) ফ'ৰ হৰ্ছমেন অৱ দ্য এপ'কেলিপছৰ ইংগিত হিচাপে ব্যৱহাৰ কৰা হৈছিল।[20] এওঁলোক চাৰিওজনকে অপমানজনকভাৱে কেতিয়াবা "ধৰ্মপ্ৰচাৰক নাস্তিক" (evangelical atheists) বুলিও কোৱা হয়।[21]
আৰু এগৰাকী প্ৰবক্তা (Plus One Horse-Woman)
হিচ্ছেনছৰ মৃত্যুৰ পাচত, আয়ান হিৰচি আলী (Ayaan Hirsi Ali)-ক "আৰু এগৰাকী হৰ্ছ-অ'মেন" বুলি অভিহিত কৰা হয়। তেওঁ ২০১২ চনত অনুষ্ঠিত হোৱা গোলকীয় নাস্তিক সন্মিলনীত অংশগ্ৰহণ কৰিছিল, য'ত হিচ্ছেনেচেও ভাগ লোৱাৰ কথা আছিল। আয়ান হিৰচি আলীয়ে ২০০৭ চনৰ সেই বিশেষ আলোচনাটোত অংশ লোৱাৰ কথা আছিল যদিও শেষমুহূৰ্তত বাতিল কৰিবলগীয়া হৈছিল।[22] হিৰছি আলিৰ জন্ম হৈছিল ছোমালিয়াৰ মোগাডিশ্বুত। হ'বলগীয়া বিবাহৰ পৰা পলাবলৈ তেওঁ ১৯৯২ চনত নেডাৰলেণ্ডছলৈ গমন কৰে।[23] তেওঁ তাৰপিছত নেডাৰলেণ্ডৰ ৰাজনীতিৰ লগত জড়িত হৈ পৰে। প্ৰচলিত বিশ্বাসবোৰক তেওঁ অস্বীকাৰ কৰে আৰু ইছলামিক দৰ্শন বিশেষকৈ নাৰী-সম্বন্ধীয় ধাৰণাবোৰৰ বিৰুদ্ধে স্পষ্টতাৰে মত দাঙি ধৰে। তেওঁৰ দ্বাৰা ৰচিত Infidel আৰু The Caged Virgin শীৰ্ষক কিতাপতো তাৰ আভাস পোৱা যায়।[24]
গ্ৰন্থাৱলী
নাম
লেখক
চন
The End of Faith: Religion, Terror, and the Future of Reason
ছেম হেৰিছ
২০০৪
The Caged Virgin: An Emancipation Proclamation for Women and Islam
আয়ান হিৰচি আলী
২০০৪a
Atheist Manifesto: The Case Against Christianity, Judaism, and Islam
↑"New Atheists". The Internet Encyclopedia of Philosophy. http://www.iep.utm.edu/n-atheis/। আহৰণ কৰা হৈছে: 14 April 2016. "The New Atheists are authors of early twenty-first century books promoting atheism. These authors include Sam Harris, Richard Dawkins, Daniel Dennett, and Christopher Hitchens. The 'New Atheist' label for these critics of religion and religious belief emerged out of journalistic commentary on the contents and impacts of their books."
↑Hoffman, Claire (2 September 2014). "Sam Harris is Still Railing Against Religion" (en-US ভাষাত). Los Angeles Magazine. http://www.lamag.com/culturefiles/sam-harris-is-still-railing-against-religion/। আহৰণ কৰা হৈছে: 13 April 2016. "As Western society grappled with radical Islam, Harris distinguished himself with his argument that modern religious tolerance had placated us into allowing delusion rather than reason to prevail. Harris upended a discussion that had long been dominated by cultural relativism and a hands-off academic intellectualism; his seething contempt for the world's faiths helped launch the 'New Atheist' movement, and together with Christopher Hitchens, Richard Dawkins, and Daniel Dennett, he became known as one of the 'Four Horsemen of the Non-Apocalypse.'"
↑The Oxford Handbook of Atheism; Stephen Bullivant, Michael Ruse; Oxford University Press; p. 254
↑Stedman, Chris (18 October 2010). "'Evangelical Atheists': Pushing For What?". The Huffington Post. http://www.huffingtonpost.com/chris-stedman/evangelical-atheists-what_b_765379.html। আহৰণ কৰা হৈছে: 2 March 2017. "something peculiarly evangelistic about what has been termed the new atheist movement ... It is no exaggeration to describe the movement popularized by the likes of Richard Dawkins, Daniel Dennett, Sam Harris, and Christopher Hitchens as a new and particularly zealous form of fundamentalism — an atheist fundamentalism."