দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী |
---|
লেখক |
মকৰণ্ড পাৰাঞ্জপে |
---|
দেশ |
ভাৰত |
---|
ভাষা |
ভাৰতীয় ইংৰাজী |
দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী (ইংৰাজী: The Death and Afterlife of Mahatma Gandhi) হ'ল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ।[1][2][3] গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।[4]
প্ৰকাশন
কিতাপখন লিখক তথা অধ্যাপক মকৰণ্ড পাৰাঞ্জপেই লিখিছে আৰু এইখন প্ৰকাশ কৰিছে পেঙ্গুইন ৰেণ্ডম হাউচ, ভাৰতে। কিতাপখনত ৩৩১টা পৃষ্ঠা আছে।[1]
পৰ্যালোচনা
গান্ধীবাদী পণ্ডিত ত্ৰিদিপ চুৰুদে ইণ্ডিয়া টুডে আলোচনীত কিতাপখনৰ প্ৰশংসা কৰিছে।[5] চুৰুদৰ মতে, মহাত্মাৰ নিধনৰ লগত জড়িত সকলো স্মৃতি আৰু মহাত্মাৰ হৈ আমাৰ প্ৰতিনিধিত্ব পাৰাঞ্জপেই তন্নতন্নকৈ পৰীক্ষা কৰাৰ ইচ্ছা ৰাখিছে।[5]
সুকুমাৰ মুৰুলীধৰণ নামৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডিজৰ এগৰাকী ফেল'ই বিজনেচ লাইনত কিতাপখনৰ পৰ্যালোচনা লিখিছে।[4]
শিৰশ্ৰী বসুৱে টেলিগ্ৰাফ ইণ্ডিয়াত লিখিছে যে পাৰাঞ্জপেই এই অধ্যয়ন দুঃসাহসিক।[6]
ফ্ৰী প্ৰেছ জাৰ্নালৰ সাংবাদিকে লিখিছে, নিধনক পুনৰ নিৰ্মাণ কৰিবলৈ লিখকে আগতে নেদেখা ঐতিহাসিক তথ্যৰ ব্যৱহাৰ কৰিছে।[7]
তথ্য সংগ্ৰহ