দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (ইংৰাজী: Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ। [1] উক্ত প্ৰতিযোগিতাৰ ২৩টা বিভিন্ন খেলৰ ২২৮টা ভাগত অংশগ্ৰহণ কৰিবলৈ সৰ্বমুঠ ২,৬৭২ জন ক্ৰীড়াবিদৰ আগমন ঘটিব।[2]
এই প্ৰতিযোগিতা ২০১২ চনত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল। কিন্তু ভাৰতীয় অলিম্পিক সংস্থাৰ নিলম্বন আৰু দিল্লীৰ নিৰ্বাচনৰ বাবে ২০১৫ চনলৈ পিছুৱাই দিয়া হয়। পিছলৈ আকৌ ২০১৬ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয়।
[3] প্ৰতিযোগিতা খনৰ উদ্ভোধনী অনুষ্ঠান ৫ ফেব্ৰুৱাৰী, ২০১৬ গুৱাহাটীত অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানৰ মূখ্য অতিথী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল।[4]
প্ৰতিযোগিতাত ভাৰতে সৰ্বোচ্চ ১৮৮টা স্বৰ্ণ পদক সহ মুঠ ৩০৮টা পদক জয়লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰে।[5]
শুভংকৰ আৰু ল'গ'
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ শুভংকৰ এটা গঁড়ৰ পোৱালি তীখৰ ২০১৫ চনৰ ১৯ ডিচেম্বৰত ৰাজহুৱাকৈ উন্মোচন কৰা হয়। তীখৰে শান্তি, উন্নতি আৰু দক্ষিণ এছিয়াৰ সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই ফুৰে।[6][7]শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে ক্ৰীড়া(Play for Peace, Progress and Prosperity) এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক মূলমন্ত্ৰ।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি এই পৃথিৱী এক ক্ৰীড়াঙ্গন ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ... দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ সংগীত হিচাপে গ্ৰহণ কৰা হৈছে।[8]
অংশগ্ৰহণকাৰী দেশসমূহ
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াত ৮ খন দেশে অংশগ্ৰহণ কৰিব।