দক্ষিণ কোৰিয়াৰ মহিলাসকলে(ইংৰাজী: Women in South Korea) শেহতীয়া বৰ্ষসমূহত সামাজিক পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত যথেষ্ট উন্নতি সাধন কৰিছে। কনফুচিয়াছবাদ সংস্কৃতিত গভীৰভাৱে সোমাই থকা পূৰ্বৰ সময়তকৈ এই পৰিৱৰ্তনৰ মাত্ৰা বেছি বুলি ঠাৱৰ কৰা হৈছে।[1]১৯৬০ চনৰ শেষৰ ফালৰ পৰা নগৰায়ন, উদ্যোগীকৰণ, সামৰিক স্বৈৰাচাৰীতা, গণতান্ত্ৰিক সংস্কাৰ, সামাজিক উদাৰীকৰণৰ বাবে দক্ষিণ কোৰিয়াৰ অৰ্থনীতিৰ প্ৰচুৰ উন্নতি হৈছে। এইদৰে আধুনিকতাৰ পৰিৱৰ্তনৰ ফলত লিংগ ভূমিকা আৰু লিংগ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছে।[2] কোৰিয়ান মহিলাসকলৰ আধাতকৈও অধিক(২০১৮ চনৰ OECD অৰ্থনীতিৰ সমীক্ষাত ই আছিল ৫৬.১%। ই OECDৰ গড়তকৈ কম।) কৰ্মসংস্থাপিত।[3] তদুপৰি, ২৫%তকৈ অধিক বিবাহিত মহিলা পূৰ্ণকালীন শ্ৰমিক হিচাপে নিয়োজিত। ৰাজনীতিত যদিও পুৰুষ ৰাজনীতিবিদৰ দৰে মহিলা ৰাজনীতিবিদৰ সংখ্যা নাই, তথাপি শেহতীয়াকৈ মহিলা ৰাজনীতিবিদসকলে পূৰ্বতকৈ অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে, ৰাষ্ট্ৰীয় বিধানসভাত ২৯৯খন আসনৰ ভিতৰত ২০খন আসন মহিলাই দখল কৰে। ২০২০ চনৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰীয় বিধানসভাত মহিলাসকলে ৫৭খন আসন দখল কৰে।[4] ই এতিয়ালৈকে সৰ্বাধিক আসন।[5]
সামাজিক শ্ৰেণী আৰু আৰ্থিক স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰি নাৰীৰ মৰ্যাদা ভিন্ন হয়। মহানগৰত মহিলাসকলে শিক্ষাৰ সুবিধা অধিক লাভ কৰে, অৰ্থাৎ তেওঁলোক গৃহিণী হিচাপে ঘৰতে কম আৱদ্ধ হৈ থাকে। চহৰ অঞ্চলৰ অধিকাংশ নিয়োজিত মহিলাই সেৱা খণ্ডৰ দৰে তৃতীয় পৰ্যায়ৰ উদ্যোগত কাম কৰে।[6] সেয়ে শ্ৰমিক শ্ৰেণীৰ মহিলা হিচাপে তেওঁলোকৰ ঘৰৰ ভিতৰতে সিদ্ধান্ত লোৱাৰ ক্ষমতা অধিক আৰু আৰ্থিকভাৱে অধিক স্বাধীন। আনহাতে গ্ৰামাঞ্চলত বেছিভাগ মহিলাই কৃষি খণ্ডৰ দৰে প্ৰাথমিক উদ্যোগ এটাত কাম কৰে। আচলতে তেওঁলোকৰ শৈক্ষিক আৰু কৰ্মসংস্থাপনৰ বিভিন্ন ধৰণৰ সুবিধা নাই। ২০১৯ চনত কৃষি মন্ত্ৰালয়ৰ এক সমীক্ষা অনুসৰি সকলো কৃষকৰ ভিতৰত ৫০%তকৈ অধিক মহিলা কৃষক।[7]কিন্তু ৮১% লোকে জনাইছিল যে এগৰাকী মহিলা কৃষকৰ মৰ্যাদা পুৰুষ কৃষকতকৈ কম।[7]
নাৰীৰ মৰ্যাদা ইমানেই উন্নীত হৈছে যে শিক্ষা, স্বাস্থ্য, আইনী অধিকাৰৰ ক্ষেত্ৰত ইয়াক পুৰুষৰ সামাজিক স্থানৰ সমান বুলি ধৰিব পৰা যাব। কিন্তু নাৰীৰ প্ৰতি এতিয়াও যথেষ্ট ৰাজনৈতিক আৰু অৰ্থনৈতিক পক্ষপাতিত্ব আছে।[8] তদুপৰি কোৰিয়ান মহিলাসকলে এতিয়াও কঠিন লিংগ ভূমিকাৰ দিশত লিংগ কু-সংস্কাৰৰ সন্মুখীন হৈছে। এই কু-সংস্কাৰসমূহৰ ভিতৰত মহিলাসকলে ঘৰতে গৃহিণী হিচাপে থকা, পুৰুষৰ অধীন হোৱা, ৰাজনৈতিক আৰু অৰ্থনৈতিক অংশগ্ৰহণ আৰু আন্দোলনত কম ক্ষমতা আৰু কণ্ঠস্বৰ থকা সন্নিৱিষ্ট।[9]
তথ্যসূত্ৰ
↑South Korea Women in Culture, Business & Travel: A Profile of Korean Women in the Fabric of Society. World Trade Press. 2010. পৃষ্ঠা. 1. ISBN978-1-60780-256-3.
↑Kendall, Laurel (2002). Under Construction: The Gendering of Modernity, Class, and Consumption in the Republic of Korea. Honolulu: University of Hawaii Press. 2002. ISBN9780824824884.
↑Cooke, Fang Lee (2010). "Women's participation in employment in Asia: a comparative analysis of China, India, Japan and South Korea". The International Journal of Human Resource Management খণ্ড 21 (12): 2249–2270. doi:10.1080/09585192.2010.509627.