দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছ'ভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্বৰ সবাটোকৈ ডাঙৰ অৰ্থনীতিসমূহৰ মাজৰ একোটাত পৰিণত হয় আৰু 'এছিয়ান চাৰি ড্ৰাগন'ত পৰিণত হয়।
ইতিহাস
অবিভক্ত কোৰিয়া মূলত জাপানীসকলে দখল কৰি ৰাখিছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ হাৰিবৰ সময়ত জাপান দেশে ছ'ভিয়েট সংঘৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ ফলত অবিভক্ত কোৰিয়া ২টা ভাগত বিভক্ত হয়। এফালে উত্তৰ কোৰিয়া ১৯৫০ চনত সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ মতে 'সমাজতান্ত্ৰিক ব্লক'ত অংশ লয়, অন্যহাতে দক্ষিণ কোৰিয়া পুঁজিবাদীআমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে ই 'পুঁজিবাদি ব্লক'ত যোগ দান কৰে। তেতিয়াৰ পৰাই কোৰিয়াই দুটা ভিন্ন নাম: উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া তথা দুটা ভিন্ন অথনৈতিক ব্যৱস্থাত চলিবলৈ আৰম্ভ কৰে। দক্ষিণ কোৰিয়াত আমেৰিকাৰ পুঁজিবাদ আৰু উত্তৰ কোৰিয়াত ছ'ভিয়েট সংঘৰ মতে সমাজতন্ত্ৰবাদ আৰম্ভ হয়। ইয়েই ১৯৪৮ চনত অবিভক্ত কোৰিয়াক বিভক্তিকৰণৰ পথ দেখুৱায়। উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় গণতান্ত্ৰিক কোৰিয়া গণপ্ৰজাতন্ত্ৰ আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় কোৰিয়া প্ৰজাতন্ত্ৰ। উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম পিয়ং ইয়াং আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম ছিউল।
শাসন ব্যৱস্থা
দক্ষিণ কোৰিয়াৰ মুখ্য শাসন ব্যৱস্থা সমূহ হৈছে: 'ৰাজ্য' (Province), 'মেট্ৰ'পলিটান মহানগৰ' (Metropolitan city) (যি সমূহ স্বয়ং-শাসিত মহানগৰ কোনো ৰাজ্যৰ অংশ নহয়), এখন 'বিশেষ মহানগৰ' আৰু এখন 'বিশেষ শায়ত্ব শাসিত মহানগৰ' (জুলাই, ২০১২ মতে)।
উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ বৰ্তমান ৰাজনৈতিক বিভক্তিকৰণে আধুনিক কোৰিয়াৰ সংস্কৃতিক অপসাৰণ কৰিছে। তথাপি দুয়ো দেশৰ পাঁচ সহস্ৰাধিক বছৰৰৰ ইতিহাস আৰু বিশ্বৰ প্ৰাচীন ইতিহাসৰো অন্যতম। ১৯৪৮ চনত কোৰিয়া বিভক্ত হোৱাৰ ফলত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ সংস্কৃতিৰ তাৰতম্য দেখা দিছে।
প্ৰাচীন কালৰ পৰাই দক্ষিণ কোৰিয়াৰ সংস্কৃতি ইয়াৰ প্ৰতিৱেশী চীনৰদ্বাৰা প্ৰভাৱিত।[2]বৰ্তমানে দক্ষিণ কোৰিয়াৰ সংস্কৃতি হৈছে অত্যাধুনিক। অৰ্থনৈতিক ও সামাজিক উন্নয়নৰ কাৰণে পোচাক-পৰিচ্ছদ, ৰন্ধন, বাসস্থান ইত্যাদিতে জীবনযাত্ৰাৰ মানৰ পৰিৱৰ্তন হৈছে, আৰু ইয়াৰপৰাই সৃষ্টি হৈছে দক্ষিণ কোৰিয়াৰ আধুনিক সংস্কৃতি।
উদ্যোগীকৰণ আৰু নগৰীকৰণে দক্ষিণ কোৰিয়াৰ লোকসকলৰ জীৱনত বহুতো পৰিৱৰ্তন ঘটাইছে। মুখ্য মহানগৰ সমূহত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে: অৰ্থনৈতিক আৰু জীৱনশৈলীৰ পৰিৱৰ্তন।
ভূগোল
দক্ষিণ কোৰিয়াই কোৰিয়ান উপদ্বীপ দখল কৰি আছে আৰু ই এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা ১,১০০ কিঃ মিঃ (৬৮০ মাইল) দূৰত্বলৈকে বিস্তাৰিত হৈ আছে। এই উপদ্বীপটোৰ পশ্চিমে Yellow সাগৰ আৰু পূবে Sea of Japan। ইয়াৰ দক্ষিণ অংশ কোৰিয়া প্ৰণালি আৰু পূব চীন সাগৰ।
দক্ষিণ কোৰিয়াৰ ভূ-ভাগ মূলতঃ পৰ্বতময় এলেকা। নিম্নভূমি মূলতঃ পশ্চিম আৰু দক্ষিণ-পূবত অৱস্থিত। ই মুঠ মাটিকালিৰ ৩০% ভাগ আগুৰি আছে।
পশ্চিম আৰু দক্ষিণ উপকূল অঞ্চলত প্ৰায় ৩০০০টা দ্বীপ আছে। এইবিলাক তেনেই সৰু আৰু তাত কোনো বসতি নাই। জেজু (Jeju) দক্ষিণ উপকূল অঞ্চলৰ পৰা প্ৰায় ১০০ কিঃমিঃ (৬০ মাইল) দূৰত অৱস্থিত। ই দেশখনৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ মুঠ মাটিকালি হৈছে: ১৮৪৫ বৰ্গ কিঃমিঃ(৭১২ বৰ্গ মাইল)।
দক্ষিণ কোৰিয়াৰ সৰ্ব্বোচ্চ স্থান হালাচন(Hallasan), সমুদ্ৰপৃষ্ঠৰ পৰা ১৯৫০ মিঃ (৬,৩৯৮ ফুট) উচ্চতাৰ এটা মৃত আগ্নেয়গিৰি এই জেজু দ্বীপতেই অৱস্থিত। উলেঙদো (Ulleungdo) আৰু ড'ক্ড' (Dokdo), ইয়াৰ উত্তৰ দিশৰ মুখ্য দ্বীপ আৰু মাৰাড' (Marado) আৰু চক'ত্ৰা ৰ'ক (Socotra Rock) হৈছে দক্ষিণ দিশত থকা দ্বীপ।
↑Fairbank, John K.; Reischauer, Edwin O.; Craig, Albert M. (1978). East Asia: Tradition & Transformation. প্ৰকাশক Boston: Houghton Mifflin. ISBN0-395-25812-X.