থিয়েন ৱাই এ না

ভিয়েটনামৰ ৰীতি অনুসৰি পো নগৰ দেৱীক "থিয়েন ৱাই এ না" বুলি কোৱা হয়

থিয়েন ৱাই এ না (ইংৰাজী: Thiên Y A Na) এগৰাকী ভিয়েটনামী লোকদেৱী। তেওঁক ভিয়েটনামৰ লোক ধৰ্মত উপাসনা কৰা হয়। দাও মাও ধৰ্মৰ সৈতে জড়িত দেৱী থিয়েন ৱাই এ নাক লেডি পো নগৰ বা পো নগৰৰ দেৱী বুলিও কোৱা হয়। বহুতে বিশ্বাস কৰে যে তেওঁ প্ৰকৃততে চাম দেৱী পো নগৰৰ ভিয়েটনামৰ সংস্কৰণ, যাৰ অৰ্থ হৈছে "ৰাজ্যৰ দেৱী।" ভিয়েটনামৰ চাম লোকসকল ভাৰতৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল আৰু বিশ্বাস কৰা হয় যে পো নগৰক ভাগৱতী উমাৰ বৈশিষ্ট্যৰ সৈতে প্ৰতিনিধিত্ব কৰা হৈছে। থিয়েন ৱাই এ নাৰ সংস্কৃতি বিশেষকৈ মহিলাসকলৰ মাজত যথেষ্ট ভিয়েটনামত জনপ্ৰিয়। তেওঁক লেং ডন ৰীতি-নীতিৰে উপাসনা কৰা হয়। তেওঁৰ প্ৰতি উসৰ্গিত বহুতো মঠ-মন্দিৰ আছে।[1]

যেতিয়া ভিয়েটনামী সকলে মধ্য ভিয়েটনামলৈ নামি আহিছিল আৰু চাম লোকসকলৰ দখলত থকা ভূমিৰ নিয়ন্ত্ৰণ দখল কৰিছিল, তেওঁলোকে চামক তেওঁলোকৰ নিজৰ সংস্কৃতিত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ লগতে তেওঁলোকে চাম সংস্কৃতিৰ কিছুমান দিশ নিজৰ কৰি লৈছিল যিয়ে ৰাজপক্ষক আকৰ্ষণ কৰিছিল। এই প্ৰক্ৰিয়াৰ জৰিয়তেই দেৱী পো নগৰ থিয়েন ৱাই এ না হৈ পৰিছিল।[2]

পো নগৰৰ কিংবদন্তি

পো নগৰৰ পৌৰাণিক কাহিনী অনুসৰি তেওঁ আকাশৰ ডাৱৰ আৰু সাগৰৰ ফেনৰ পৰা জন্ম গ্ৰহণ কৰিছিল। সাগৰৰ ঢৌত ওপঙি থকা সাঁচিগছৰ (বৈজ্ঞানিক নাম: Aquilaria malaccensis) টুকুৰাত তেওঁৰ শাৰীৰিক ৰূপ প্ৰকাশ হৈছিল। তেওঁৰ ৯৭ গৰাকী স্বামী আৰু ৩৯ গৰাকী কন্যা আছিল বুলিও কোৱা হয়। তেওঁৰ কন্যাসমূহো তেওঁলোকৰ মাতৃৰ দৰে দেৱী হৈছিল। পো নগৰ দেৱীয়ে পৃথিৱী, সাঁচিগছ আৰু চাউলৰ সৃষ্টি কৰিছিল। জনবিশ্বাস মতে হয় তেওঁৰ চাৰিওফালে বতাহত চাউল আৰু আগৰৰ সুগন্ধি বিয়পি থাকে। চামসকলে তেওঁক উদ্ভিদ আৰু প্ৰকৃতিৰ দেৱী হিচাপে গণ্য কৰিছিল। তেওঁ পৃথিৱীৰ দৰে লালন পালন কৰা দেৱী বুলি বিবেচনা কৰা হৈছিল আৰু অনুগামীসকলক তেওঁ আশীৰ্বাদ প্ৰদান কৰিছিল। [3]

ভিয়েটনামী সংস্কৃতিত পো নগৰ

ভিয়েটনামীয়াসকলে পো নগৰ দেৱীক গ্ৰহণ কৰাৰ পিছত কেইবাটাও পৰিৱৰ্তন আনিছিল। তেওঁলোকে তেওঁৰ নাম সলনি কৰি "থিয়েন ৱাই এ না এ না দিয়েন ফি ছুয়া নগক থানহ ফি" ৰাখিছিল। যিহেতু ভিয়েটনামী সকলৰ কনফুছিয়াছ ধৰ্মৰ অনুগামী আছিল, সেয়ে তেওঁলোকে পো নগৰ দেৱীক তেওঁলোকৰ সংস্কৃতিত অন্তৰ্ভুক্ত কৰোঁতে কেইবাটাও দিশ সলনি কৰিছিল।[4][5] তেওঁৰ একাধিক স্বামী থকাৰ বিষয়ে আৰু বহু সংখ্যক সন্তান থকা কিংবদন্তি তেওঁলোকে ক্ৰমে এৰি পেলাইছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে তেওঁক অমৰ বুলি বৰ্ণনা কৰা হৈছিল। তেওঁ নিজকে সাঁচি গছৰ এটা কাণ্ডলৈ ৰূপান্তৰিত কৰি অমৰত্ব লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁ চীনলৈ পলাই গৈ এজন ৰাজকুমাৰক বিয়া কৰিছিল। পিছত তেওঁ ভিয়েটনামৰ লোকসকলক শিকাবলৈ চীনৰ পৰা ৰূপ সলনি কৰি ভিয়েটনামলৈ উভতি আহিছিল বুলি কোৱা হয়। তেওঁ এগৰাকী শক্তিশালী দেৱী আছিল আৰু সন্মান দাবী কৰিছিল। তেওঁক অসন্মান কৰা লোকসকলক শাস্তি দিবলৈ তাইৰ অতিপ্ৰাকৃত শক্তি ব্যৱহাৰ কৰিছিল। ভিয়েটনামীসকলৰ প্ৰভাৱত তেওঁ থলুৱা লোকদেৱীৰ সলনি বৌদ্ধ ঈশ্বৰ হৈ পৰিছে।[6]

সংস্কৃতি

বৰ্তমান তেওঁক বহু লোকে উপাসনা কৰে। তেওঁৰ সংস্কৃতিৰ বেছিভাগ মহিলা জড়িত। দাও মাও পালন কৰা মহিলা সকলে সাধাৰণতে থিয়েন ৱাই এ নাক উপাসনা কৰে। তেওঁলোকে দেৱীক নৈবেদ্য প্ৰদান কৰে আৰু তেওঁলোকৰ জীৱনৰ বিভিন্ন দিশত তেওঁৰ পৰা সহায় বিচাৰে। তেওঁলোকে দেৱীক লেং ডন ৰীতিৰে পূজা অৰ্চনা কৰে। তেওঁক আত্মাৰ মাধ্যমৰ দ্বাৰা প্ৰেৰণ কৰা হয়। তেওঁৰ উপাসকসকলে প্ৰায়েথিয়েন ৱাই এ নাৰ মন্দিৰ আৰু পৱিত্ৰস্থানত তীৰ্থযাত্ৰাত যায় আৰু তেওঁৰ সন্মানত ৰীতি-নীতি পৰিচালনা কৰে। এই ৰীতি-নীতিবোৰত সাধাৰণতে এটা আত্মা মাধ্যমত সেৱকসকলৰ দ্বাৰা জটিল প্ৰদৰ্শন থাকে।

উপাসনাস্থলী

সমগ্ৰ ভিয়েটনামত থিয়েন ৱাই এ নালৈ উৎসৰ্গিত বহুতো মঠ-মন্দিৰ আৰু পৱিত্ৰস্থান আছে। এই মন্দিৰবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে হুৱেত অৱস্থিত থিয়েন ৱাই এ না মন্দিৰ। এই মন্দিৰ হুং নদীৰ বাওঁ পাৰৰ নিউ নাহা ট্ৰাংৰ ওচৰৰ পো নগৰ মন্দিৰৰ কাষত অৱস্থিত।

তথ্য উৎস