ত্ৰিভূৱন মহাদেৱী প্ৰথম
|
পৰমবৈষ্ণৱী, কাত্যায়নী
|
ৰাজত্ব
|
৮৪৫-৮৫০ খ্ৰীষ্টাব্দ [1]
|
পূৰ্বসূৰী
|
শুভকৰদেৱ তৃতীয়
|
উত্তৰাধিকাৰী
|
শান্তিকৰদেৱ দ্বিতীয় (নাতি)
|
দাম্পত্য সঙ্গী
|
শান্তিকৰদেৱ প্ৰথম
|
বাসগৃহ
|
ভূমকৰ সাম্ৰাজ্য
|
ধৰ্ম
|
হিন্দু
|
পৰমবৈষ্ণৱী গোস্বামিনী দেৱী বা ত্ৰিভূৱন মহাদেৱী প্ৰথম(ইংৰাজী: Tribhuvana Mahadevi I) প্ৰাচীন উৰিষ্যাৰ ভৌমকৰ সাম্ৰাজ্যৰ প্ৰথম মহিলা শাসক আৰু ৰজা শান্তিকৰ প্ৰথমৰ বিধৱা পত্নী আছিল। শাসক পুত্ৰ তৃতীয় শুভকৰৰ অকাল মৃত্যুৰ পিছত তেওঁ খ্ৰীষ্টাব্দ ৮৪৩-ৰ পৰা ৮৪৫-ৰ ভিতৰত তোশালী বা উৎকলৰ সিংহাসনত আৰোহন কৰিছিল আৰু ৮৫০ খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। কিছুমান ইতিহাসবিদৰ মতে তেওঁ হয়তো ৮৬৩ খ্ৰীষ্টাব্দলৈকে নাতি শান্তিকৰ দ্বিতীয়ই প্ৰশাসন চলাবলৈ যোগ্য হোৱালৈকে ৰাজপাট খাইছিল আৰু তাৰপিছত নাতিয়েকৰ হাতত শাসনভাৰ এৰি দিছিল। তেওঁ এগৰাকী অতি শক্তিশালী মহিলা শাসক আছিল আৰু আৰব আৰু পাৰ্চী ভূগোলবিদ ইবন খোৰদাদবেহ আৰু ভূ-পৰ্যটক আহমদ ইবন ৰুস্তাহৰ ৰচনাত তেওঁৰ ক্ষমতা আৰু প্ৰতিপত্তিৰ প্ৰশংসাসূচক উল্লেখ পোৱা গৈছে।[2] পূৰ্বৰ ত্ৰি-কলিংগা অঞ্চলৰ উপকূলীয়-মধ্য অংশৰ সামন্তীয় ৰজাসকলৰ বিদ্ৰোহৰ পিছতো তেওঁৰ শক্তিশালী পিতৃৰ সহায়ত তেওঁ ক্ষমতালৈ আহে। তেওঁৰ ধেংকানল চনদত গুহেশ্বৰপাটকত সিংহাসনত আৰোহণ কৰাৰ সময়ত তেওঁ নিজকে শক্তিৰ এক ৰূপ- কাত্যয়নী দেৱীৰ সৈতে তুলনা কৰিছিল। পুৰণি ভুৱনেশ্বৰত আজিলৈকে ধ্বংসপ্ৰাপ্ত নোহোৱা আটাইতকৈ পুৰণি মন্দিৰৰ গঠন আৰু উৰিষ্যাৰ খাকৰ শৈলীত নিৰ্মিত কিছু মন্দিৰৰ ভিতৰত অন্যতম- বৈতল দেউল নিৰ্মাণৰ বাবেও তেওঁক কৃতিত্ব দিয়া হয়।
পৰিচিতি আৰু ব্যক্তিত্ব
প্ৰথম ত্ৰিভুৱন মহাদেৱীৰ বংশ পৰিচিতিৰ ক্ষেত্ৰত এতিয়াও ইতিহাসবিদৰ মাজত বিতৰ্কিত। কাৰণ একাংশই বিশ্বাস কৰে যে তেওঁ মহীশূৰৰ ৰজা ৰাজামল্লাৰ কন্যা আছিল। আনহাতে আন কিছুমান ইতিহাসিদে যুক্তি দিয়ে যে তেওঁ আৰম্ভণিৰ কালচোৱাৰ পূৰ্বীয় গংগা সাম্ৰাজ্যৰ এজন ৰজাৰ কন্যা আছিল, যিখন ভৌমকৰ সাম্ৰাজ্যৰ দক্ষিণ দিশৰ এখন প্ৰতিবেশী সাম্ৰাজ্য আছিল। ৰাণীৰ ধেংকানল চনদখনত এটা ইংগিত পোৱা যায় যে কেনেকৈ কলিংগৰ পূৰ্বীয় গংগাসকলক প্ৰথমে পূৰ্বৰ ভৌমকৰ ৰজা শিৱকৰ প্ৰথমৰ হাতত পৰাস্ত হৈছিল আৰু তাৰ পিছত তেওঁলোকে শিৱকৰৰ আধিপত্য মানি লোৱাৰ পিছত পুনৰ ক্ষমতা ঘূৰাই পাইছিল। ইয়াৰ ফলত দুয়োটা ৰাজপৰিয়ালৰ মাজত সদ্বিশ্বাস আৰু বৈবাহিক সম্পৰ্ক স্থাপন কৰা হৈছিল।[3] তেওঁৰ বংশধৰ শিৱকৰ তৃতীয়ই তেওঁৰ শিলালিপিত যে ত্ৰিভুৱন মহাদেৱী প্ৰথম মন্ত্ৰ শক্তি, প্ৰভু শক্তি (আধ্যাত্মিকতাবাদ) আৰু উৎসাহ শক্তি (শক্তিশালী)- তিনিটা শক্তিৰে ভৰি আছিল।[4] পিতৃ-মাতৃৰ চৰণত ধ্যান কৰা পিতৃভক্ত বুলি বৰ্ণনা কৰা হৈছে। মহাদেৱী প্ৰথমৰ ধেংকানল চনদৰ মতে পৃথিৱীৰ এগৰাকী উচ্চ শাসক হ’বলৈ তেওঁক এগৰাকী ব্যক্তি হিচাপে শ শ শুভ চিনেৰে সজোৱা হৈছিল। তেওঁ এগৰাকী ভক্তিময়ী বৈষ্ণৱী আছিল আৰু হৰিক উপাসনা কৰিছিল আৰু এই পৰমবৈষ্ণৱী উপাধি গ্ৰহণ কৰিছিল।[5]
প্ৰশাসন
তেওঁ আৰু উত্তৰাধিকাৰীসকলে জাৰী কৰা চনদ অনুসৰি তেওঁক ৰাজ্যৰ ফলপ্ৰসূ প্ৰশাসন আৰু জনসাধাৰণৰ সমৃদ্ধি নিশ্চিত কৰাৰ কৃতিত্ব দিয়া হয়। চতুৰ্থ শুভকৰৰ টালচেৰ ফলিত উল্লেখ আছে যে তেওঁৰ শাসনকালত দেশখন প্ৰশাসনৰ ক্ষেত্ৰত আগবাঢ়িছিল, শত্ৰুৰ ধ্বংস হৈছিল, ৰাজ্যৰ গৌৰৱ বিদেশলৈ বিয়পি পৰিছিল আৰু জনসাধাৰণে মিলাপ্ৰীতিৰে বাস কৰিছিল। দায়িত্বশীল আৰু সৎ ৰাজকীয় বিষয়া নিযুক্তিৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব দিছিল আৰু ৰাজ্যৰ অধীনস্থসকলে তেওঁৰ আধিপত্যৰ প্ৰতি আনুগত্যশীল হৈ আছিল। তেওঁ জনসাধাৰণৰ ওপৰত ম্ৰুডুকৰ (মৃদুকৰ বা লঘু কৰ) আৰোপ কৰিছিল। তেওঁৰ ধেংকানল চনদত ভৌমসকলে নিজৰ সাম্ৰাজ্য আৰু আনক আলোকিত কৰিবলৈ ধৰ্মীয় কামৰ ওপৰত নিজৰ বিশাল সাম্ৰাজ্যৰ ধন-সম্পত্তি কেনেকৈ খৰচ কৰিছিল আৰু অখণ্ড ধাৰাবাহিকতাৰে বিভিন্ন মঠ, মঠ আৰু মন্দিৰ নিৰ্মাণ কৰি পৃথিৱীখনক সজাই তোলাৰ বিষয়ে কোৱা হৈছে।[6] তেওঁৰ শাসন কালত অনুদান আৰু চনদ জাৰীৰ কৰাৰ তথ্য পোৱা যায়। তেওঁ বৈষ্ণৱ, শৈৱ আৰু শক্তি পন্থৰ পৃষ্ঠপোষকতা কৰিছিল।[7]
তথ্য উৎস