ডিব্ৰুগড় ৰেল ষ্টেচন (ইংৰাজী: Dibrugarh Railway Station) অসমৰ ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত। ই লামডিং-ডিব্ৰুগড় শাখাৰ এক গুৰুত্বপূৰ্ণ ষ্টেচন। ডিব্ৰুগড় টাউন ৰেল ষ্টেচন (DBRT)ৰ পিছতেই ডিব্ৰুগড় ৰেল ষ্টেচন (DBRG) ঐতিহাসিক নগৰৰ দ্বিতীয় ৰেল ষ্টেচন।
ইতিহাস
১৬ জুলাই, ১৮৮৩ চনত ডিব্ৰুমুখৰ পৰা মাকুমলৈ ডিব্ৰু-শদিয়া ৰেলৱেৰ 1,000 mm (3 ft 3 3⁄8 in) বহল মিটাৰগেজ ৰেললাইন যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল। পিছলৈ ১৯০৩ চনত অসম বেংগল ৰেলৱেৰ চট্টগ্ৰামৰ পৰা লামডিঙলৈ থকা মিটাৰ গজ লাইনটোক তিনিচুকীয়াত ডিব্ৰু-শদিয়া লাইনৰ সংযোগ কৰা হয়।[1]
ডিব্ৰুগড়-লামডিং শাখা মিটাৰ গজৰ পৰা ব্ৰড গজলৈ 1,676 mm (5 ft 6 in) সলনি কৰাৰ প্ৰকল্প ১৯৯৭ চনৰ শেষলৈ সমাপ্ত হয়।[2]
২০০২ চনত বগীবিল নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এইখন এখন ৰেল আৰু মটৰ চলিবপৰা দুখলপীয়া দলং। সমান্তৰালভাবে ডিব্ৰুগড়ৰ পৰা উত্তৰ অসমৰ ৰঙাপাৰা-মুৰ্কংচেলেক ৰেলপথ সংযোগী এটা নতুন ৰেলপথ নিৰ্মাণৰ কামো চলিল।[3] ইফালে পূৰ্বৰ মিটাৰগেজ শিমলুগুৰি-মৰাণহাট শাখা ৰেলপথ ব্ৰডগেজলৈ ৰূপান্তৰ কৰি ইয়াক ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰাৰ প্ৰকল্পও হাতত লোৱা হ'ল। ২০০৯ চনত মৰাণহাটৰ পৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত অংশ (মৰাণহাট-চাউলকৰা খণ্ড) ৰেল যাতায়তৰ বাবে মুকলি কৰা হয়।[4] সেইবাবে ডিব্ৰুগড়ত এটা নতুন ৰেল ষ্টেচন নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিল। ১৩ ডিচেম্বৰ , ২০০৯ ৰ পৰা বাণীপুৰ অঞ্চলত নতুনকৈ নিৰ্মাণ কৰা ডিব্ৰুগড় ষ্টেচনৰ পৰা ৰেলসেৱা আৰম্ভ হয়।[5]
ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ
২০১১ চনত আৰম্ভ কৰা ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ (Dibrugarh - Kanyakumari Vivek Express) ভাৰতৰ দীৰ্ঘতম ৰেলসেৱা। ৰেলখনে অসম, পশ্চিমবঙ্গ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰালাৰ মাজেৰে ৮২ ঘণ্টাত 4,278 km (2,658 মাইল) পথ অতিক্ৰম কৰে।[6][7]
ৰেলসেৱাসমূহ
ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা অহা যোৱা কৰা কিছুমান উল্লেখযোগ্য ৰেলৰ নং, নাম, আদিস্থান, গন্তব্য স্থান আৰু দিনৰ সূচী তলত দিয়া হৈছে:
ৰেলৰ নং |
ৰেলৰ নাম |
আদিস্থান |
গন্তব্য স্থান |
দিনৰ সূচী
|
১২২৩৫/৩৬ |
ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ |
ডিব্ৰুগড় |
নতুন দিল্লী ৰেল ষ্টেচন, নতুন দিল্লী |
দৈনিক
|
১২৫২৫/২৬ |
ডিব্ৰুগড় -কলকাতা এক্সপ্ৰেছ |
ডিব্ৰুগড় |
কলকাতা ৰেল ষ্টেচন, কলকাতা |
সাপ্তাহিক
|
১৪০৫৫/৫৬1 |
ব্ৰহ্মপুত্ৰ মেইল |
ডিব্ৰুগড় |
দিল্লী জংচন |
দৈনিক
|
১৫৬০৫/০৬ |
কামাখ্যা - ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ |
কামাখ্যা জংচন |
ডিব্ৰুগড় |
দৈনিক
|
১৫৯০১/০২ |
ডিব্ৰুগড়-বাংগালুৰু এক্সপ্ৰেছ |
ডিব্ৰুগড় |
বাংগালুৰু নগৰ ৰেল ষ্টেচন |
সাপ্তাহিক
|
১৫৯০৩/০৪ |
ডিব্ৰুগড় - চণ্ডীগড় এক্সপ্ৰেছ |
ডিব্ৰুগড় |
চণ্ডীগড় |
সাপ্তাহিক
|
১৫৯০৫/০৬ |
ডিব্ৰুগড়-কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ |
ডিব্ৰুগড় |
কন্যাকুমাৰী |
সাপ্তাহিক
|
১৫৯২৭/২৮ |
ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ |
ৰঙিয়া ৰেল ষ্টেচন |
ডিব্ৰুগড় |
ত্ৰি-সাপ্তাহিক
|
১৫৯২৯/৩০ |
ডিব্ৰুগড়-চেন্নাই ইগমোৰ এক্সপ্ৰেছ |
চেন্নাই ইগমোৰ |
ডিব্ৰুগড় |
সাপ্তাহিক
|
১৫৯৩৩/৩৪ |
অমৃতসৰ-ডিব্ৰুগড় এক্সপ্ৰেছ |
ডিব্ৰুগড় |
অমৃতসৰ |
সাপ্তাহিক
|
১৫৯৪১/৪২ |
ঝাঝা ডিব্ৰুগড় এক্সপ্ৰেছ |
ঝাঝা |
ডিব্ৰুগড় |
সাপ্তাহিক
|
১৫৯৫৯/৬০ |
কামৰূপ হাওড়া এক্সপ্ৰেছ |
হাওড়া জংচন |
ডিব্ৰুগড় |
দৈনিক
|
তথ্যসূত্ৰ
লগতে চাওক
বাহ্যিক সংযোগ