বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ (ইংৰাজী: cloud) হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ।[1] পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে। পৃথিৱীত, বায়ু যেতিয়া হিমাংক পৰ্যায়লৈ ঠাণ্ডা হলে ঘনীভূত হৈ নাইবা বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পালে (সাধাৰণতে জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পালে) এক উপযুক্ত উষ্ণতাত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰ পৃথিৱীৰ হ’মস্ফিয়াৰ (ইয়াত ট্ৰ’পস্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেজ’স্ফিয়াৰ অন্তৰ্ভুক্ত হৈ থাকে) অঞ্চলত দেখা পোৱা যায়।
মেঘৰ শ্ৰেণীবিভাজন
ডাৱৰক দুটা শ্ৰেণীত ভাগ কৰা হয়: স্তৰীভূত আৰু পৰিচলনশীল। এই নামবোৰে মেঘৰ আচৰণ প্ৰতিনিধিত্ব কৰে। মেঘক তাৰ অৱস্থানৰ নিম্নাংশৰ উচ্চতাৰ ভিত্তিত শ্ৰেণীবিভক্ত কৰা হয়, চূড়াৰ উচ্চতাৰ ভিত্তিত নহয়। এই ব্যৱস্থাটো ১৮০২ চনত লিউক হাওয়াৰ্ড অস্কেছিয়ান ছছাইটিয়ে প্ৰস্তাব কৰিছিল।
উচ্চ মেঘ (গোত্ৰ ক)
মধ্য উচ্চতাৰ মেঘ (গোত্ৰ খ)
নিম্ন মেঘ (গোত্ৰ গ)
এই মেঘ ২,০০০ মি (৬,৫০০ ফুট) উচ্চতা পৰ্যন্ত পোৱা যায় আৰু এই শ্ৰেণীত আছে স্তৰ মেঘ (ঘন আৰু ধূসৰ)। স্তৰ মেঘ মাটিৰ সংস্পৰ্শলৈ আহিলে তাকে কুৱলী বোলা হয়।
গ গোত্ৰেৰ মেঘৰ ভিতৰত আছে:
উলম্ব মেঘ (গোত্ৰ ঘ)
এই মেঘ শক্তিশালী ঊৰ্ধ্ব-প্ৰবাহ লাভ কৰিব পাৰে আৰু ভিত্তিৰ সৈতে বহু উপৰলৈ উঠি নানা ধৰণৰ আকৃতি সৃষ্টি কৰিব পাৰে।
ঘ গোত্ৰৰ মেঘৰ ভিতৰত আছে:
তথ্য সংগ্ৰহ