টাইফইড জ্বৰ, বা চমুকৈ টাইফইড (আন অসমীয়া নাম সন্নিপাত জ্বৰ) ছাল্ম'নেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰামক ৰোগ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে।[1][2] প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে।[1] দুৰ্বলতা, পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু মূৰৰ বিষো হ'ব পাৰে।[2][6] হাগনি কম ক্ষেত্ৰত হ'ব পাৰে আৰু বমি বেছিকৈ নহয়।[6] কিছুমান মানুহৰ গাত ৰঙচুৱা দাগে (rose colored spots) দেখা দিয়ে[2] গুৰুতৰ ৰোগত বিভ্ৰান্তি হ'ব পাৰে।[6] চিকিৎসা অবিহনে লক্ষণবোৰ সপ্তাহৰ পৰা মাহ পৰ্যন্ত থাকে।[2] কিছুমান মানুহৰ গাত বেক্টেৰিয়া থাকিলেও তেওঁলোক আক্ৰান্ত নহয়, কিন্তু তেওঁলোকে আনলৈ ৰোগ বিয়পাব পাৰে।[4] টাইফইড জ্বৰ আৰু পাৰাটাইফইড জ্বৰক আন্ত্ৰিক জ্বৰ (enteric fever) বুলি কোৱা হয়।[3]
এই ৰোগৰ কাৰক অন্ত্ৰ আৰু তেজত উপজা ছাল্ম'নেলা টাইফি বেক্টেৰিয়া।[2][6] সংক্ৰমিত ৰোগৰ মলৰে দূষিত পানী বা খুৱাবস্তু গ্ৰহণ কৰিলে এই ৰোগ বিয়পে।[4] নিম্নমানৰ অনাময় ব্যৱস্থা আৰু স্বাস্থ্য বিধি সংশয়ৰ কাৰণ।[3] উন্নয়নশীল দেশলৈ যাত্ৰা কৰা লোকৰো ৰোগৰ আশংকা থাকে।[6] কেৱল মানুহৰহে টাইফইড সংক্ৰমণ হয়।[4] বেক্টেৰিয়া কাল্চাৰ বা তেজ, মল, আৰু হাড় মজ্জাত বেক্টেৰিয়াবিধৰ ডি এন এ ধৰা পেলাই ৰোগনিৰ্ণয় কৰা হয়।[3][2][5] বেক্টেৰিয়াবিধৰ কাল্চাৰ কৰাটো অলপ টান।[10] হাড় মজ্জাৰ পৰীক্ষা সকলোতকৈ সঠিক। [5] আন কেইবাটাও সংক্ৰামক ৰোগৰ সৈতে লক্ষণবোৰৰ মিল আছে।[6]
প্ৰথম দুবছৰৰ ভিতৰত টাইফইড ছীটাই ৩০% ৰ পৰা ৭০% ৰোগ প্ৰতিৰোধ কৰিব পাৰে।[7] সাতবছৰলৈকে প্ৰতিষেধকে কাম কৰিব পাৰে। The vaccine may have some effect for up to seven years.[3] ৰোগৰ অতিমাত্ৰা সংশয় থকা লোক আৰু ৰোগ বেছি হোৱা ঠাইলৈ যাত্ৰা কৰা মানুহক এই ছীটা ল'বলৈ পৰামৰ্শ দিয়া হয়।[4] ৰোগ প্ৰতিৰোধৰ আন উপায়ৰ ভিতৰত বিশুদ্ধ খোৱা পানীৰ যোগান, ভাল অনাময় আৰু হাত ভালকৈ ধোৱা প্ৰধান।[2][4] ব্যক্তিজনৰ সংক্ৰমণ নাইকিয়া হোৱা বুলি নিশ্চিত নোহোৱালৈকে তেওঁ আনৰ বাবে খোৱা বস্তু ৰান্ধিব নাপায়।[2] চিকিৎসাৰ বাবে এজিথ্ৰ'মাইচিন, ফ্ল'ৰ'কুইন'ল'ন বা তৃতীয় প্ৰজন্মৰ চিফাল'স্পৰিন প্ৰতিজৈৱিক ব্যৱহাৰ কৰা হয়।[3] এই প্ৰতিজৈৱিক ঔষধসমূহৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠা বাবে চিকিৎসা আগতকৈ কঠিন হৈ পৰিছে।[3]
২০১৫ চনৰ তথ্য অনুসৰি বিশ্বত এনে ৰোগীৰ সংখ্যা ১.২৫ কোটি।[8] ভাৰততে ৰোগীৰ সংখ্যা সৰ্বাধিক।[3] ডাঙৰতকৈ শিশুসকল বেছিকৈ আক্ৰান্ত হয়।[3][4] ১৯৪০ৰ দশকত উৎকৃষ্ট অনাময় আৰু প্ৰতিজৈৱিকৰ ব্যৱহাৰৰ ফলত উন্নত দেশবোৰত টাইফইডৰ প্ৰাবল্য কমি আহে।[4] ২০১৫ চনত বিশ্বজুৰি প্ৰায় ১,৪৯,০০০ গৰাকী ৰোগীৰ মৃত্যু হৈছিল। ১৯৯০ চনত এই সংখ্যা আছিল প্ৰায় ১,৮১,০০০।[9][11] চিকিৎস অবিহনে ২০% পৰ্যন্ত ৰোগীৰ মৃত্যুৰ আশংকা থাকে।[4] চিকিৎসা গ্ৰহণ কৰিলে এই হাৰ প্ৰয় ১ ৰ পৰা ৪%।[3][4] টাইফইড শব্দটোৰ অৰ্থ "টাইফাছৰ নিচিনা" কাৰণ দুয়োবিধ ৰোগৰে লক্ষণবিলাক একেই।[12]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 Anna E. Newton (2014). "3 Infectious Diseases Related To Travel". CDC health information for international travel 2014 : the yellow book. ISBN 9780199948499. http://wwwnc.cdc.gov/travel/yellowbook/2014/chapter-3-infectious-diseases-related-to-travel/typhoid-and-paratyphoid-fever.
- ↑ 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 "Typhoid Fever". cdc.gov. May 14, 2013. http://www.cdc.gov/nczved/divisions/dfbmd/diseases/typhoid_fever/। আহৰণ কৰা হৈছে: 28 March 2015.
- ↑ 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 Wain, J; Hendriksen, RS; Mikoleit, ML; Keddy, KH; Ochiai, RL (21 March 2015). "Typhoid fever.". Lancet খণ্ড 385 (9973): 1136–45. doi:10.1016/s0140-6736(13)62708-7. PMID 25458731.
- ↑ 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 "Typhoid vaccines: WHO position paper.". Wkly Epidemiol Rec. খণ্ড 83 (6): 49–59. February 8, 2008. PMID 18260212. http://www.who.int/wer/2008/wer8306.pdf?ua=1.
- ↑ 5.0 5.1 5.2 Crump, JA; Mintz, ED (15 January 2010). "Global trends in typhoid and paratyphoid Fever.". Clinical Infectious Diseases খণ্ড 50 (2): 241–6. doi:10.1086/649541. PMID 20014951.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 6.6 "Typhoid Fever". cdc.gov. May 14, 2013. http://www.cdc.gov/nczved/divisions/dfbmd/diseases/typhoid_fever/technical.html। আহৰণ কৰা হৈছে: 28 March 2015.
- ↑ 7.0 7.1 Anwar, E; Goldberg, E; Fraser, A; Acosta, CJ; Paul, M; Leibovici, L (2 January 2014). "Vaccines for preventing typhoid fever.". The Cochrane database of systematic reviews খণ্ড 1: CD001261. doi:10.1002/14651858.CD001261.pub3. PMID 24385413.
- ↑ 8.0 8.1 GBD 2015 Disease and Injury Incidence and Prevalence, Collaborators. (8 October 2016). "Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990–2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1545–1602. doi:10.1016/S0140-6736(16)31678-6. PMID 27733282.
- ↑ 9.0 9.1 GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). "Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980–2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1459–1544. doi:10.1016/s0140-6736(16)31012-1. PMID 27733281.
- ↑ Alan J. Magill (2013). Hunter's tropical medicine and emerging infectious diseases (9th সম্পাদনা). প্ৰকাশক London: Saunders/Elsevier. পৃষ্ঠা. 568–572. ISBN 9781455740437. https://books.google.ca/books?id=x15umovaD08C&pg=PA568.
- ↑ GBD 2013 Mortality and Causes of Death, Collaborators (17 December 2014). "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.". Lancet খণ্ড 385 (9963): 117–71. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442.
- ↑ "Oxford English Dictionary (Online)". পৃষ্ঠা: typhoid, adj. and n.. http://www.oed.com। আহৰণ কৰা হৈছে: 28 March 2015. "Resembling or characteristic of typhus"
অতিৰিক্ত পঠন
বাহ্যিক সংযোগ