সৎনাম ধৰ্মৰ অনুগামী সৎনামীসকলে সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা তেওঁলোকৰ জগত গুৰু পৰম পূজনীয় শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্মদিন ১৮ ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে প্ৰত্যেক গাঁৱৰ পুৰুষ-মহিলাই নিজৰ নিজৰ সৎনাম মন্দিৰ (নামঘৰ)ত স্থাপিত জৈতখামত পতাকা উত্তোলন কৰাৰ লগতে গুৰুজনাক স্মৰণ কৰি আৰতি-মংগল তথা গীত-নৃত্য আদি পৰিৱেশন কৰে। জয়স্তম্ভ বা জৈতখামৰ বিষয়ে পণ্ডিত ৰতনলাল ৰত্নাকৰদেৱে অৰ্থসহ বৰ্ণনা দিছে এনেধৰণৰ। জয়স্তম্ভ সৎনাম পন্থ বা ধৰ্মাৱলম্বী সৎনামী জাতিৰ প্ৰতীক হয়। জগত গুৰু শ্ৰীশ্ৰীঘাসীদাস বাবাই জনকল্যাণৰ বাবে স্থাপিত কৰিছিল। এই স্তম্ভৰ তলত তিনি স্তৰৰ চিৰহী (খটখটি) নিৰ্মিত হয়।
তিনি চিৰহী (খটখটি)ৰ মহত্ত্ব
১/ ভূ-তল বা পাতাল ল'ক
২/ ভূব বা মৃত্যু ল'ক আৰু
৩/ স্বৰ্গ বা আকাশ ল'ক।[2]
জয়স্তম্ভৰ মহত্ত্ব
তিনিটা খটখটিৰ ওপৰত স্তম্ভ নিৰ্মিত হয়। যিটো মানুহৰ শৰীৰৰ লগত তুলনা কৰি নিৰ্মাণ কৰা হয়। বাস্তৱত মানৱ শৰীৰৰ চৌৰাশী আঙুলকৈ তৈয়াৰ তথা ওখ হয়। মানৱ শৰীৰৰ সৃষ্টিক চৌৰাশী আঙুলকৈ চাৰি যুগত ভাগ কৰিলে এক যুগত ভাগফল একৈশ পোৱা যায়। এই কাৰণে স্তম্ভৰ দীঘ ২১ হাত ওখ তৈয়াৰ কৰা হয়। য'ত তিনিটা হুক লগোৱা হয়।[2]
তিনি হুকৰ মহত্ত্ব
তিনি হুকৰ মহত্ত্ব
ভাৱ, গুণ, বন্ধন
১. প্ৰথম হুক : ভজন, সৎ, মন
অৰ্থ : ভজন কৰিলে সৎ গুণৰ প্ৰাপ্তি হয় তথা মনৰ বন্ধনৰ পৰা মুক্তি পোৱা যায়।
২. দ্বিতীয় হুক : স্মৰণ, ৰজ, মায়া
অৰ্থ : স্মৰণ কৰিলে ৰজগুণ বা মায়াজালৰ পৰা মুক্তি পোৱা যায়।
৩. তৃতীয় হুক : ধ্যান, তম, কায়া
অৰ্থ : ধ্যান বা তপস্যা কৰিলে তম বা খং গুণৰ হ্ৰাস হয় তথা কায়া বা শৰীৰৰ মুক্তি পোৱা যায়।[2]
এইদৰে তিনি হুকৰ সৎ গুণৰ মহত্ত্ব কোৱা হৈছে। এই হুকত পাঁচ হাত দীঘল বাঁহ বা ৰোল মাৰি লগোৱা হয়। পাঁচ হাত দীঘল বাঁহ যিটো পঞ্চতত্ত্ব বা পঞ্চ ইন্দ্ৰিয়ৰ লগত সম্বন্ধ আছে। তলত ইয়াৰ বৰ্ণনা দিয়া হৈছে -
পাঁচ নাম, পাঁচ তত্ত্ব, পাঁচ প্ৰকাশ বা জ্যোতি
অ (অহংগনাম): আকাশ, দীপক
চ (চহংগনাম): বায়ু, সূৰ্য
জ (জহংগনাম): অগ্নি, চন্দ্ৰ,পূৰ্ণিমা
প (পহংগনাম): জল, তৰা
ক (কহংগনাম):পৃথিৱী, বিজুলী,ঢেৰেকণি
উপৰোক্ত বাঁহত এটি বগা ৰঙৰ চতুৰ্ভুজ আকাৰৰ পতাকা লগোৱা থাকে।[2]
পতাকাৰ মহত্ত্ব
বগা পতাকাৰ মহত্ত্ব
স্বচ্ছ বগা ৰঙৰ পতাকা যি চাৰি যুগ তথা চাৰিও দিশৰ সত্যৰ প্ৰতীক হয়।