জীৱবিজ্ঞান
| বিজ্ঞান বিষয়ক নিবন্ধমালাৰ অংশ | বিজ্ঞান |
---|
|
|
|
|
|
|
|
জীৱ-বিজ্ঞান (ব্ৰিটিছ ইংৰাজী: Biology, আমেৰিকান ইংৰাজী: Life sciences বা Bioscience) হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱ (যেনে— গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদিৰ ৱৈজ্ঞানিক আলোচনা কৰা হয়। জীৱ-বিজ্ঞান জীৱনৰ গুণৱতা আৰু মানৰ যথেষ্ট উন্নতিসাধন কৰিছে।
জীৱ বিজ্ঞানৰ শাখা সমূহ:
জীৱ বিজ্ঞানৰ প্ৰধান শাখা সমূহ হ'ল:[1][2]
- কৃষি বিজ্ঞান – শস্য উৎপাদন আৰু পশু ধনৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
- বায়বীয় জীৱ বিজ্ঞান – বতাহত জন্মা জৈৱিক অণু সমূহৰ অধ্যয়ন,
- শৰীৰ ৰচনা – উদ্ভিদ, প্ৰাণী, অন্য জীৱ, বা বিশেষকৈ মানুহৰ শৰীৰৰ গঠন আৰু কাৰ্যৰ অধ্যয়ন,
- কলা বিজ্ঞান – শৰীৰ ৰচনাৰ এটা আণুবীক্ষণিক শাখা। কোষ আৰু কলাৰ অধ্যয়ন,
- জৈৱ মহাকাশ বিজ্ঞান – বিশ্বব্ৰহ্মাণ্ডত জীৱৰ বিৱৰ্তন, বিতৰণ আৰু ভৱিষ্যত সম্পৰ্কে অধ্যয়ন,
- জৈৱ ৰসায়ন (এনাটমী) – জীৱন নিৰ্বাহ আৰু জীৱন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে অধ্যয়ন,
- জৈৱ অভিযান্ত্ৰিক বিদ্যা – প্ৰায়োগিক জ্ঞান আৰু বিশেষকৈ জীৱ প্ৰযুক্তিৰ লগত সম্পৰ্ক ৰাখি অভিযান্ত্ৰিক দৃষ্টিভংগীৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
- জৈৱ ভূগোল – প্ৰজাতিৰ বিতৰণৰ অধ্যয়ন,
- জৈৱ সূচনা বিজ্ঞান – তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে জিন সম্বন্ধীয় বা অন্য জীৱ বৈজ্ঞানিক তথ্য সমূহৰ অধ্যয়ন, সংগ্ৰহ, আৰু সংৰক্ষণ সম্পৰ্কে অধ্যয়ন,
- জৈৱ গণিত (বা গাণিতিক জীৱ বিজ্ঞান) – জীৱ বৈজ্ঞানিক প্ৰক্ৰিয়া সমূহৰ পৰিমাণাত্মক বা গাণিতিক অধ্যয়ন,
- বায়মেকানিকছ – জীৱৰ কাৰিকৰী অধ্যয়ন,
- জৈৱ চিকিৎসা অনুসন্ধান – স্বাস্থ্য আৰু ৰোগৰ অধ্যয়ন,
- ঔষধ বিজ্ঞান – ঔষধ আৰু কৃত্ৰিম দৰৱৰ প্ৰস্তুতি, ব্যৱহাৰ, আৰু প্ৰতিক্ৰিয়াৰ অধ্যয়ন তথা ব্যৱহাৰিক প্ৰয়োগ,
- জৈৱ সংগীতবিজ্ঞান – জীৱ বৈজ্ঞানিক দৃষ্টিভংগীৰে সংগীতৰ অধ্যয়ন,
- জৈৱ পদাৰ্থবিজ্ঞান – পদাৰ্থবিজ্ঞানৰ সূত্ৰ আৰু পদ্ধতি সমূহৰ প্ৰয়োগেৰে জীৱ বিজ্ঞানৰ অধ্যয়ন,
- জৈৱ প্ৰযুক্তি বিজ্ঞান – জীৱৰ প্ৰযুক্তি সম্বন্ধীয় অধ্যয়ন,
- আবাসিক জীৱ বিজ্ঞান – ঘৰুৱা জীৱৰ অধ্যয়ন,
- উদ্ভিদ বিদ্যা – উদ্ভিদৰ অধ্যয়ন,
- কোষ বিজ্ঞান – কোষৰ অধ্যয়ন,
- সংজ্ঞানাত্মক জীৱ বিজ্ঞান – জীৱ বৈজ্ঞানিক কাৰ্যত বোধ সম্বন্ধে অধ্যয়ন,
- সংৰক্ষণ জীৱ বিজ্ঞান – প্ৰাকৃতিক পৰিৱেশ, পৰিস্থিতি, উদ্ভিদ আৰু বন্যজীৱৰ সংৰক্ষণ, সুৰক্ষা, পুনৰ সংস্থাপন সম্বন্ধে অধ্যয়ন,
- হিম জীৱ বিজ্ঞান – নিম্ন উষ্ণতাত জীৱৰ প্ৰতিক্ৰিয়াৰ অধ্যয়ন,
- বিকাশ সম্বন্ধীয় জীৱ বিজ্ঞান – বিকাশ সম্বন্ধীয় অধ্যয়ন,
- পৰিস্থিতি বিজ্ঞান – পৰিৱেশৰ জীৱবোৰৰ পাৰস্পৰিক সম্পৰ্ক আৰু অজৈৱিক পদাৰ্থৰ সৈতে সম্পৰ্ক সম্বন্ধে অধ্যয়ন,
- পৰিৱেশ বিজ্ঞান – প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়ন,
- মহামাৰী বিজ্ঞান – জন স্বাস্থ্যৰ অধ্যয়ন,
- বিৱৰ্তনিক জীৱ বিজ্ঞান – জীৱ প্ৰজাতিৰ উৎপত্তি আৰু বংশ সম্বন্ধে অধ্যয়ন,
- বংশগতি বিদ্যা – জিন আৰু বংশগতিৰ অধ্যয়ন,
- ৰক্ত বিজ্ঞান – তেজ সম্পৰ্কীয় অধ্যয়ন,
- সম্পূৰ্ণ জীৱ বিজ্ঞান – সমস্ত জীৱৰ অধ্যয়ন,
- সৰোবৰ বিজ্ঞান – সৰোবৰ সম্বন্ধে অধ্যয়ন,
- সামুদ্ৰ বিজ্ঞান – সাগৰৰ ৰকিস্থিতি, উদ্ভিদ, প্ৰাণী আৰু অন্য জীৱৰ অধ্যয়ন,
- অণুজীৱ বিদ্যা – অণুজীৱৰ অধ্যয়ন,
- আনৱিক জীৱবিজ্ঞান – আনৱিক পৰ্য্যায়ত জীৱৰ কাৰ্য আৰু জীৱবিজ্ঞানৰ অধ্যয়ন,
- ভেঁকুৰ বিজ্ঞান – ভেঁকুৰৰ অধ্যয়ন,
- স্নায়ু বিজ্ঞান – স্নায়ুতন্ত্ৰৰ অধ্যয়ন,
- জৈৱ জনসংখ্যা বিজ্ঞান – জীৱৰ সজাতীয় জনসমস্তিৰ অধ্যয়ন,
- জীৱাশ্ম বিজ্ঞান – জীৱাশ্মৰ অধ্যয়ন,
- ৰোগ বিজ্ঞান – ৰোগ সম্বন্ধে অধ্যয়ন,
- শৰীৰ বিজ্ঞান – জীৱৰ কাৰ্য আৰু অংগৰ অধ্যয়ন,
- উদ্ভিদ ৰোগ বিজ্ঞান – উদ্ভিদৰ ৰোগ সম্বন্ধে অধ্যয়ন,
- জৈৱ মনোবিজ্ঞান – মনোবিজ্ঞানৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
- সামাজিক জীৱ বিজ্ঞান – সমাজতত্ত্বৰ জীৱ বৈজ্ঞানিক ভিত্তি সম্বন্ধে অধ্যয়ন,
- গঠনাত্মক জীৱ বিজ্ঞান – আনৱিক জীৱ বিজ্ঞান, জৈৱ ৰসায়নবিজ্ঞান, আৰু জৈৱ পদাৰ্থবিজ্ঞানৰ এটা শাখা। বৃহৎ জৈৱিক অণু বোৰৰ আনৱিক গঠনৰ অধ্যয়ন,
- প্ৰাণী বিদ্যা – প্ৰাণীৰ শ্ৰেণীবিভাজন, শৰীৰ তত্ত্ব, বিকাশ, আৰু আচৰণ সম্বন্ধে অধ্যয়ন। ইয়াৰ উপ শাখা সমূহ হ'ল: প্ৰাণীৰ আচৰণ, পতংগ বিদ্যা, সৰীসৃপবিদ্যা আৰু উভচৰবিদ্যা, মৎস বিজ্ঞান, স্তন্যপায়ী বিজ্ঞান, আৰু পক্ষী বিজ্ঞান।
-
Animalia - Bos primigenius taurus
-
Planta - Triticum
-
Fungi - Morchella esculenta
-
Stramenopila/Chromista - Fucus serratus
-
Bacteria - Gemmatimonas aurantiaca (- = 1 Micrometer)
-
Archaea - Halobacteria
-
Virus - Gamma phage
তথ্য সংগ্ৰহ
|
|