ছৈয়দ মুজতবা আলি |
---|
|
স্থানীয় নাম |
সৈয়দ মুজতবা আলী |
---|
জন্ম |
১৩ ছেপ্টেম্বৰ, ১৯০৪[1] কৰিমগঞ্জ, অসম, ব্ৰিটিছ ভাৰত |
---|
মৃত্যু |
১১ ফেব্ৰুৱাৰী, ১৯৭৪ (৬৯ বছৰ)[2] ঢাকা, বাংলাদেশ |
---|
ৰাষ্ট্ৰীয়তা |
ব্ৰিটিছ ভাৰতীয় (১৯০৪–১৯৪৭) পাকিস্তানী (১৯৪৭-১৯৪৯) ভাৰতীয় (১৯৪৯-১৯৭২) বাংলাদেশী (১৯৭২–১৯৭৪) |
---|
শিক্ষা |
পি এইচ ডি (তুলনামূলক ধৰ্মীয় শিক্ষা) |
---|
শিক্ষানুষ্ঠান |
- চিলেট গভৰ্মেণ্ট পাইলট হাইস্কুল
- মুৰাৰী চন্দ কলেজ
- বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়
- আলিগড় মুছলিম ইউনিভাৰচিটি
- ইউনিভাৰচিটি অৱ বন
|
---|
পেচা |
লেখক, সাংবাদিক, ভ্ৰমণকাৰী, শিক্ষাবিদ, ভাষাবিদ |
---|
দাম্পত্যসঙ্গী |
ৰাবেয়া খাতুন |
---|
পিতৃ-মাতৃ |
খান বাহাদুৰ ছৈয়দ চিকন্দৰ আলি (দেউতাক) আমতুল মন্নন খাতুন (মাক) |
---|
আত্মীয়-স্বজন |
ছৈয়দ মুৰতজা আলি (ভাতৃ) ছৈয়দ মহম্মদ আলি (ভতিজা) ছৈয়দ মুৱাজ্জেম আলি (ভতিজা) চগুফটা বখ্ট চৌধুৰী (ভতিজা) |
ছৈয়দ মুজতবা আলি (ইংৰাজী: Syed Mujtaba Ali; ১৩ ছেপ্টেম্বৰ ১৯০৪ – ১১ ফেব্ৰুৱাৰী ১৯৭৪) এগৰাকী প্ৰখ্যাত বঙালী সাহিত্যিক। তেওঁ আধুনিক বঙালী সাহিত্যৰ এগৰাকী অন্যতম ঔপন্যাসিক, গল্পকাৰ, অনুবাদক আৰু ৰম্য ৰচক। তেওঁ তেওঁৰ ভ্ৰমণ-কাহিনীসমূহৰ বাবে বিশেষভাৱে পৰিচিত। আলি এগৰাকী ভাষাবিদ তথা শিক্ষাবিদো। তেওঁৰ পাণ্ডিত্যপূৰ্ণ ৰচনাসমূহ হাস্য-ৰসাত্মকো আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯০৪ চনৰ ১৩ ছেপ্টেম্বৰত, ব্ৰিটিছ ভাৰতৰ অধীনত চিলেটৰ কৰিমগঞ্জত ছৈয়দ মুজতবা আলীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক খান বাহাদুৰ ছৈয়দ চিকন্দৰ আলি এজন উপ-পঞ্জীয়ক আছিল।[3][4] তেওঁৰ পিতৃ গৃহ আছিল হাবিগঞ্জ জিলাৰ বাহুবল উপজিলাৰ উত্তৰসুৰ গাঁৱত।
আলিয়ে চিলেট চৰকাৰী উচ্চ বিদ্যালয়ত নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল। দেউতাকৰ চাকৰিসূত্ৰে বিভিন্ন শিক্ষানুষ্ঠানত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা সম্পন্ন হৈছিল। ১৯২১ চনত তেওঁ শান্তিনিকেতনত ভৰ্তি হয়। তেওঁ বিশ্ব-ভাৰতীৰ প্ৰাৰম্ভিক ছাত্ৰ আছিল। ইয়াতে তেওঁ সংস্কৃত, ইংৰাজী, আৰবী, উৰ্দু, পাৰ্চী, হিন্দী, গুজৰাটী, ফৰাছী, জাৰ্মান আৰু ইটালিয়ানকে ধৰি পোন্ধৰটা ভাষা শিকিছিল। ১৯২৬ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰ পিছত তেওঁ আলিগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু দৰ্শন অধ্যয়ন কৰিবলৈ বৃত্তি লৈ জাৰ্মানীৰ বন বিশ্ববিদ্যালয়লৈ গৈছিল। তুলনামূলক ধৰ্মত গৱেষণাৰ বাবে তেওঁ ১৯৩২ চনত ডি.ফিল উপাধি লাভ কৰিছিল। ১৯৩৪-১৯৩৫ চনত তেওঁ ইজিপ্তৰ কায়ৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।
কৰ্মজীৱন
আলিয়ে ১৯৩৪-১৯৩৫ চনত কায়ৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ বৰোদা (১৯৩৬-১৯৪৪) আৰু বগ্ৰা (১৯৪৯)ৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৪৯ চনত ভাৰতলৈ উভতি অহাৰ আগতে তেওঁ কিছু দিনৰ বাবে পূব পাকিস্তানত আছিল। ১৯৫০ চনত কলিকতা বিশ্ববিদ্যালয়ত কিছু দিনৰ বাবে অধ্যাপনা কৰাৰ পিছত তেওঁ ‘ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদ’ৰ সম্পাদক আৰু ইয়াৰ আৰবী আলোচনী তকাফাটুল হিন্দৰ সম্পাদক আছিল।[2] ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ নতুন দিল্লী, কটক আৰু পাটনাত অল ইণ্ডিয়া ৰেডিঅ’ৰ বাবে কাম কৰিছিল। তাৰ পিছত তেওঁ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ৰ (১৯৫৬-১৯৬৪) অনুষদত জাৰ্মান ভাষাৰ অধ্যাপক আৰু পিছলৈ ইছলামিক সংস্কৃতিৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৭২ চনৰ আৰম্ভণিলৈকে তেওঁ কলিকতাত বাস কৰিছিল। বাংলাদেশৰ মুক্তিৰ পিছত, তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ঢাকালৈ যায় আৰু ১৯৭৪ চনত তেওঁৰ মৃত্যুৰ সময়লৈকে তাতে বাস কৰে।
গ্ৰন্থপঞ্জী
- উপন্যাস
- অবিশ্বাস্য (১৯৫৪)
- শবনম (১৯৬০)
- চহৰ-ইয়াৰ (১৯৬৯)
- তুলনাহীনা
- ভ্ৰমণকাহিনী
- দেশে বিদেশে (১৯৪৯)
- জলে ডাঙ্গায় (১৯৬০)
- ভবঘুৰে ও অন্যান্য
- মুচাফিৰ
- বিদেশে
- ৰম্যৰচনা/চুটিগল্প
- চাচা কাহিনী (১৯৫২)
- পঞ্চতন্ত্ৰ (১৯৫২)
- ময়ূৰকণ্ঠী (১৯৫৭)
- টুনি মেম (১৯৬৪)
- দ্বন্দ্বমধুৰ
- চতুৰঙ্গ
- বৰবাবু
- দু-হাৰা
- সত্যপীৰেৰ কলমে
- বিচিত্ৰা
- ৰায় পিথৌৰাৰ কলমে
- প্ৰবন্ধ
- ধূপছায়া
- ৰাজা উজীৰ
- কত না অশ্ৰুজল
- পৰিবৰ্তনে অপৰিবৰ্তনীয়
- বাংলাদেশ
- উভয় বাংলা
- পূৰ্ব পাকিস্তানেৰ ৰাষ্ট্ৰভাষা
- ভাষা সংস্কৃতি সাহিত্য
- আত্মজীবনী/স্মৃতিকথা
- দিনলিপি (২০১৫ - বিশ্বসাহিত্য কেন্দ্ৰ সংস্কৰণ)
- গুৰুদেব ও শান্তিনিকেতন (২০১৫ - বিশ্বসাহিত্য কেন্দ্ৰ সংস্কৰণ)
- অনুবাদ
- ঐতিহাসিক ব্যক্তিত্ব
- হিটলাৰ (২০১৫ - বিশ্বসাহিত্য কেন্দ্ৰ সংস্কৰণ)
মৃত্যু
১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত বাংলাদেশত আলিৰ মৃত্যু হয়।[5] তেওঁৰ সাহিত্যকৰ্মৰ কিছু ভাগ বাংলাদেশ আৰু ভাৰত দুয়োখন দেশতে, বিশেষকৈ পশ্চিমবংগ আৰু ত্ৰিপুৰা ৰাজ্যত বিদ্যালয়, মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ বঙালী সাহিত্যৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ২০০৫ চনত বাংলাদেশ চৰকাৰে তেওঁক বাংলাদেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা একুছে পদক প্ৰদান কৰে।[6]
তথ্যসূত্ৰ