ছেট |
---|
|
মুখ্য উপাসনাস্থল |
অ'ম্বছ, এভাৰিছ |
---|
প্ৰতীক |
দমন দণ্ড, ছেট জন্তু |
---|
সঙ্গী |
নেফ্থিছ, নেইথ, এনাট, আৰু এষ্টাৰ্ট |
---|
পিতৃ-মাতৃ |
গেব, নূট |
---|
সহোদৰ |
অচাইৰিছ, আইচিছ, নেফ্থিছ, জ্যেষ্ঠ হ'ৰাছ |
---|
সন্তান |
অনুবিছ, ৱেপৱাৱেট, চাৰ্কেট, চ'বেক আৰু মাগা[1] |
ছেট (ইংৰাজী: Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা।[2] প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।[2] এজন যুঁজাৰু হিচাপে ছেটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।[2] তেওঁ আছিল ৰঙা ভূমিৰ গৰাকী। ইয়াত তেওঁ হ'ৰাছৰ কৃষ্ণাংগ ভূমিৰ গৰাকী হিচাপে ভূমিকাৰ ভাৰসাম্য ৰক্ষা কৰিছিল।
মিচৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আখ্যান অচাইৰিছ আখ্যানত ছেটক নিজৰ ভাতৃ অচাইৰিছক হত্যা কৰি অংগচ্ছেদ কৰা বিদ্ৰোহী হিচাপে চিত্ৰিত কৰা হৈছে। অচাইৰিছৰ ভগ্নী তথা সহধৰ্মিণী আইচিছে তেওঁৰ মৃতদেহটো পুনৰ একত্ৰিত কৰি দেৱী নেফ্থিছৰ সহায়ত তেওঁৰ মৃত ভাতৃ তথা স্বামীক পুনৰুজ্জীৱিত কৰে। এই পুনৰুজ্জীৱন অচাইৰিছৰ পুত্ৰ আৰু উত্তৰাধিকাৰী হ’ৰাছক গৰ্ভধাৰণ কৰিবলৈ যথেষ্ট হোৱাকৈ দীৰ্ঘকালীন আছিল। হ'ৰাছে ছেটৰ ওপৰত প্ৰতিশোধ ল'বলৈ বিচাৰিছিল আৰু প্ৰাচীন মিচৰৰ বহুতো আখ্যানত তেওঁলোকৰ সংঘাতৰ বৰ্ণনা কৰা হৈছে।[3]
প্ৰাচীন মিচৰৰ জ্যোতিৰ্বিজ্ঞানত ছেটক সাধাৰণতে বুধ গ্ৰহৰ সৈতে জড়িত কৰা হৈছিল।[4]
তেওঁ নীল নদীৰ পশ্চিম অংশ অৰ্থাৎ চাহাৰাৰ সৈতে জড়িত, সেয়েহে তেওঁক কেতিয়াবা এজন নিম্নশ্ৰেণীৰ মৰুভূমিৰ দেৱতা হাৰ সৈতে সম্পৰ্কিত কৰা হয়।
তথ্য সংগ্ৰহ
- ↑ Ritner, Robert K. (1984). "A uterine amulet in the Oriental Institute collection". Journal of Near Eastern Studies খণ্ড 43 (3): 209–221. doi:10.1086/373080. PMID 16468192.
- ↑ 2.0 2.1 2.2 Herman Te Velde (2001). "Seth". Oxford Encyclopedia of Ancient Egypt. 3.
- ↑ Strudwick, Helen (2006). The Encyclopedia of Ancient Egypt. প্ৰকাশক New York: Sterling Publishing Co., Inc.. পৃষ্ঠা. 124–125. ISBN 978-1-4351-4654-9.
- ↑
Parker, R.A. (1974). "Ancient Egyptian astronomy". Philosophical Transactions of the Royal Society of London. A, Mathematical and Physical Sciences খণ্ড 276 (1257): 51–65. doi:10.1098/rsta.1974.0009.