গুলাম কুদ্দুছ (২০ জানুৱাৰী ১৯২০ – ১৩ ডিচেম্বৰ ২০০৬) এজন বিশিষ্ট কমিউনিষ্ট বাঙালী কবি, কল্পকাহিনী লেখক আৰু সাংবাদিক। [1] [2]
জন্ম আৰু প্ৰাথমিক জীৱন
১৯২০ চনৰ ২০ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ বৃটিছ ভাৰতৰ ফৰিদপুৰ জিলাৰ সাট্টিগ্ৰামৰ মাতুলালয়ত গোলাম কুদ্দুছৰ জন্ম হৈছিল। পূৰ্বপুৰুষৰ বাসগৃহ আছিল কুষ্টিয়া জিলাৰ কুমাৰখালি উপজিলাৰ ধলনগৰ নামৰ এখন গাঁৱত। পিতৃ গুলাম দৰৱেশ জোৱাদাৰ আছিল এগৰাকী অধিবক্তা আৰু মাতৃ চৈয়দুন্নেসা খাতুন। গোলাম কুদ্দুছৰ শৈশৱৰ শিক্ষা আৰম্ভ হৈছিল গাঁৱৰ ছোলেমান পণ্ডিতৰ স্কুলত। তাৰ পিছত হৰিনাৰায়ণপুৰ বহুমুখী হাইস্কুল, কিন্তু কুষ্টিয়া হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলকাতালৈ গুচি যায়। প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। বিখ্যাত ইতিহাসৰ অধ্যাপক সুশোভন সৰকাৰৰ মাৰ্ক্সবাদী দৃষ্টিভংগীৰে ইতিহাস শিকোৱাৰ ফলত গোলাম কুদ্দুছ ছাত্ৰৱস্থাতেই কমিউনিষ্ট হৈ পৰিছিল। [3] আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ আজীৱন কৰ্মী হৈ পৰিল। গুলাম কুদ্দুছ কলিকতাৰ বেকাৰ হোষ্টেলত আছিল। সেই হোষ্টেলৰ কাষৰ কোঠাটোত বঙ্গবন্ধু শ্বেখ মুজিবৰ ৰহমানো আছিল। গোলাম কুদ্দুছে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম এ পাছ কৰে। [4]
কৰ্মজীৱন
ছাত্ৰ আন্দোলনৰ সময়ৰ পৰাই তেওঁ কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ "স্বাধীনতা"ত সাংবাদিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু জ্যোতিৰিন্দ্ৰ মৈত্ৰৰ সৈতে 'ফেচিষ্ট বিৰোধী লেখক আৰু শিল্পী'ৰ যুটীয়া সম্পাদক হয়। এইবোৰৰ বাহিৰেও তেওঁ ট্ৰেড ইউনিয়ন, কৃষকসভাৰ লগতে ফেচিষ্ট বিৰোধী আন্দোলন, প্ৰগতিশীল লেখক সংঘ, ৰুছ-ভাৰত মৈত্ৰী সমিতি, ভাৰতীয় গণনাট্য সংঘ আদিৰ কামৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। সাংস্কৃতিক আন্দোলনৰ লগতে তেওঁ দীৰ্ঘদিন ধৰি দৈনিক "কালান্তৰ" কাকতৰ সম্পাদক মণ্ডলীৰ সদস্য আছিল। ১৯৭২ চনত তেওঁ সাংবাদিকতাৰ বাবে ছোভিয়েট লেণ্ড নেহৰু বঁটা লাভ কৰিছিল। ১৯৮৩ চনত ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনে তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনায়।
বাংলাদেশৰ মুক্তিযুদ্ধত অৱদান
গোলাম কুদ্দুছ ভাৰতত থাকিলেও ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত পাক আক্ৰমণকাৰীৰ নিৰ্যাতন আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। নৈতিক সমৰ্থনত কলকাতাৰ বিভিন্ন স্থানত অনুষ্ঠিত সভা-সমিতিত তেওঁ অংশ লৈছিল। কিছুদিন তেওঁ কুষ্টিয়াত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ গৈ নিৰ্যাতিত আৰু নিপীড়িত লোকসকলৰ বাবে আশ্ৰয়ৰ দিহা কৰিছিল। বাংলাদেশৰ মুক্তিযুদ্ধৰ অন্যতম সুহৃদ কবি হিচাপে তেওঁক অভিহিত কৰা হয়। [4]
সাহিত্য-কৰ্ম
বাওঁপন্থী লেখকসকলৰ ভিতৰত গুলাম কুদ্দুছ অন্যতম। সাহিত্য জগতত তেওঁৰ প্ৰৱেশ কবিতাৰ যোগেদি। ১৯৫০ চনত তেওঁৰ প্ৰথমখন কবিতা পুথি বিদীৰ্ণ প্ৰকাশ পায়। পিছৰ বছৰত কৃষক আন্দোলন আৰু তেভাগা আন্দোলনৰ অন্যতম মহিয়সী নেত্ৰী ইলা মিত্ৰক লৈ এখন কবিতা পুথি ৰচনা কৰে। বৰ্ণিল সাহিত্যিক জীৱনত কবিতাৰ লগতে তেওঁ প্ৰবন্ধ, চুটিগল্প আৰু উপন্যাস ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত আন আন গ্ৰন্থসমূহ হ’ল –
কবিতা পুথি
- টুনটুনিৰ গান (১৯৫৪)
- নাচে মনময়ূৰ
- স্বেচ্ছাবন্দী
উপন্যাস
- মাৰিয়ম (১৯৫৪)
- এক শৃঙ্গে (১৯৫৫)
- বাঁদী (১৩৫৯ ব)
- লেখা নেই স্বৰ্ণাক্ষৰে
অন্যান্য
১৯৪০ চনত তেওঁ কবি সুভাষ মুখোপাধ্যায়ৰ সৈতে যৌথভাৱে ফেচিষ্ট বিৰোধী কবিসকলৰ সংকলন "একসূত্ৰ" সম্পাদনা কৰে। বাংলা সাহিত্যৰ বাবে তেওঁ বহু বঁটা লাভ কৰে। বিদ্যাসাগৰ, বংকিম, ৰবীন্দ্ৰ, নজৰুল, মুজাফ্ফৰ আহমেদ স্মৃতি বঁটাৰে বিভিন্ন সময়ত তেওঁক সন্মানিত কৰা হৈছে।
- ইৰাকে ঈগল
- উজানিয়া
- জগৎজয়েৰ যাত্ৰী
- নৰৰামায়ণ
- যুগসন্ধিক্ষণ
- সম্মোধন
- সুৰেৰ আগুন
জীৱনাৱসান
২০০৬ চনৰ ১৩ ডিচেম্বৰত কলকাতাত গোলাম কুদ্দুছৰ মৃত্যু হয়। নিঃসন্তান গুলাম কুদ্দুছৰ পত্নী হেনা মৈত্ৰ এগৰাকী বিশিষ্ট অধ্যাপিকা।
তথ্যসূত্ৰ