কানু সান্যাল |
---|
কানু সান্যাল |
|
সাধাৰণ সম্পাদক CPIML Class Struggle |
---|
কাৰ্যকাল ২০০৪ – ২০০৯ |
পলিটবুৰ' সদস্য |
---|
কাৰ্যকাল ১৯৬৯ – ১৯৭১ |
চি.পি.আই. (এম)ৰ কমিটি সদস্য দাৰ্জিলিং জিলা |
---|
কাৰ্যকাল ১৯৬৫ – ১৯৬৭ |
ব্যক্তিগত তথ্য |
---|
জন্ম |
কৃষ্ণ কুমাৰ সান্যাল ১৯৩২ |
---|
মৃত্যু |
(৭৮ বছৰ) |
---|
মৃত্যুৰ কাৰণ |
আত্মহত্যা |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
ৰাজনৈতিক দল |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) শ্ৰেণী সংঘাত গ্ৰুপৰ সাধাৰণ সম্পাদক ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) (1969–1972) |
---|
প্ৰখ্যাত |
নক্সালবাদী |
---|
কানু সান্যাল |
---|
অপৰাধ আৰোপ |
অপৰাধমূলক ষড়যন্ত্ৰ |
---|
|
|
কানু সান্যাল (ইংৰাজী: Kanu Sanyal; ১৯৩২[1] – ২৩ মাৰ্চ ২০১০)[2] এজন ভাৰতীয় কমিউনিষ্ট ৰাজনীতিক। ১৯৬৭ চনত সংঘটিত নক্সালবাৰী বিদ্ৰোহৰ তেওঁ অন্যতম মূল নেতা আৰু ১৯৬৯ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী)ৰ অন্যতম প্ৰতিষ্ঠাপক নেতা।[3] ২০১০ চনৰ ২৩ মাৰ্চত সান্যালে আত্মহত্যা কৰে।[4]
প্ৰাৰম্ভিক জীৱন
কানু সান্যালৰ জন্ম হৈছিল দাৰ্জিলিঙৰ অন্তৰ্গত কাৰ্ছিয়াঙত। পিতৃ অন্নগোবিন্দ সান্যাল আৰু মাতৃ নিৰ্মলা সান্যালৰ সাতটা সন্তানৰ ভিতৰত তেওঁ তৃতীয়। জলপাইগুৰিৰ আনন্দচন্দ্ৰ মহাবিদ্যালয়ত ইণ্টাৰমিডিয়েট অধ্যয়ন কৰি থাকোঁতে তেওঁ ৰাজনীতিৰ প্ৰতি কৌতূহলী হৈ পৰিছিল আৰু ক্ৰমান্বয়ে কমিউনিষ্ট মতাদৰ্শৰ সৈতে পৰিচিত হৈছিল। কিছুদিন পিছত তেওঁ সেই সময়ত নিষিদ্ধ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ছাত্ৰশাখাত কাম কৰিবলৈ আৰম্ভ কৰে। আৰ্থিক দুৰ্দশাৰ বাবে তেওঁ পঢ়িব পৰা নাছিল। জলপাইগুৰিৰ মহকুমাধিপতিৰ অধীনত ৰাজ্য চৰকাৰৰ ভূমি বিভাগত চাকৰি কৰিবলৈ বাধ্য হয়। ৰাজনৈতিক আন্দোলনত জড়িত হৈ কাৰাগাৰত বন্দী হৈ থকা সময়ত তেওঁ উত্তৰ বংগৰ তেভাগা আন্দোলনৰ প্ৰাণপুৰুষ চাৰু মজুমদাৰক লগ পায়। তেতিয়াৰ পৰাই তেওঁ কমিউনিষ্ট মতাদৰ্শ আৰু ৰাজনীতিক দৃঢ়তাৰে আঁকোৱালি লৈছিল।
ৰাজনৈতিক জীৱন
কানু সান্যাল কাৰাগাৰৰ পৰা মুক্তি পাই ১৯৫০ চনত অবিভক্ত ভাৰতৰ কমিউনিষ্ট পাৰ্টিত সদস্য পদ লয়। ১৯৫২ চনৰ এপ্ৰিল মাহত তেওঁ দলৰ পূৰ্ণকালীন কৰ্মী হিচাপে দাৰ্জিলিং জিলাৰ গাঁওবোৰত কৃষক আন্দোলন গঢ়ি তোলাত নিজকে উৎসৰ্গা কৰিছিল। চাহ শ্ৰমিক আৰু ভূমিহীন কৃষকৰ অন্যতম সংগঠক আছিল তেওঁ। তেওঁৰ নেতৃত্বত তৰাই অঞ্চলত উগ্ৰবাদী ভূমি দখল আন্দোলন সংগঠিত কৰা হয়। ১৯৫৩ চনত শিলিগুৰি মহকুমা কৃষক সন্থাৰ সম্পাদক হোৱাৰ লগতে কেৰালাৰ মালাবাৰৰ কান্নানোৰত অনুষ্ঠিত হোৱা সদৌ ভাৰত কিষাণ সভা সন্মিলনত অংশগ্ৰহণ কৰে। ১৯৫৬ চনত দাৰ্জিলিং জিলা কৃষক পৰিষদৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী বছৰৰ পিছত তেওঁ প্ৰাদেশিক কৃষক পৰিষদ পৰিষদৰ সদস্যপদ লাভ কৰে। ১৯৬২ চনত ভাৰত-চীন যুদ্ধ অথবা সীমান্ত সংঘৰ্ষক কেন্দ্ৰ কৰি ‘ডিফেঞ্চ অফ ইণ্ডিয়া ৰুল’ৰ অধীনত কানু সান্যালক গ্ৰেপ্তাৰ কৰা হয়। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ দলৰ জিলা সম্পাদকমণ্ডলীৰ সদস্য পদ পায়। ১৯৬৪ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ত যোগদান কৰে।[5]
নক্সাল বিদ্ৰোহ
মাও চে তুঙৰ নিৰ্দেশিত সশস্ত্ৰ কৃষিবপ্লৱৰ ৰণনীতিৰ সপক্ষে প্ৰশ্ন কৰা চাৰু মজুমদাৰৰ মতাদৰ্শৰ তেওঁ আছিল সমৰ্থক। ক্ষমতাত অধীস্থিত যুক্তফ্ৰণ্ট চৰকাৰক প্ৰতিক্ৰিয়াশীল বুলি তেওঁ চিহ্নিত কৰে। চিপিআই (এম)ৰ এটা অংশ দলৰ ৰাজনীতিক সংশোধনবাদী বুলি আখ্যা দিয়ে। ১৯৬৭ চনত সমগ্ৰ উত্তৰ বংগত শসস্ত্ৰ কৃষি বিপ্লৱৰ আহ্বান জনোৱা কৃষক আৰু ভূমিহাৰ জনতাৰ এটা অংশ বিদ্ৰোহী হৈ উঠে। সেই বছৰৰে ২৪ মে’ৰ দিনা গাঁৱত পুলিচ সোমোৱাত কৃষকসকলৰ আক্ৰমণত মৃত্যু হয় এজন আৰক্ষীৰ। পিছদিনা ২৫ মে’ তাৰিখে যুক্তফ্ৰণ্ট চৰকাৰৰ পুলিছ বাহিনীয়ে নক্সালবাৰীত দুটা শিশুসহ তেৰজন লোকক হত্যা কৰে। মৃতকসকলৰ অধীকাংশই আছিল মহিলা। ব্যপক হাৰত কৃষকসকল বিদ্ৰোহী হৈ উঠে, যাক সন্মুখৰ পৰা নেতৃত্ব দিছিল কানু সান্যালে। কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বই সান্যাল আৰু অন্য বিদ্ৰোহীসকলক দলৰ পৰা বহিষ্কাৰ কৰে। চাৰু মজুমদাৰৰ নিৰ্দেশত সৌৰেন বসু, খোকন মজুমদাৰ, দীপক বিশ্বাস আৰু তেওঁ চীন যাত্ৰা কৰে। তাত তেওঁলোকে মাও-চে-তুং আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰে। ১৯৬৭-ৰ ১১ নৱেম্বৰৰ দিনা কলকাতাত এখন সভাত চাৰু মজুমদাৰে সান্যালত নক্সালবাৰীৰ প্ৰধান নেতা বুলি ঘোষণা কৰে।[5]
মৃত্যু
২০১০ চনৰ ২৩ মাৰ্চত পশ্চিম বংগৰ শিলিগুৰিৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ ছেফতোলাজোত গাঁৱৰ বাসগৃহত ফাঁচী লোৱা অৱস্থাত উদ্ধাৰ হয়। তেওঁ কাৰ্ডিঅ’-পালমোনেৰী ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁ মূল দলটোৰ কেইবাটাও বিভাজিত গোটৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নতুন চিপিআই (এমএল)ৰ সাধাৰণ সম্পাদক আছিল।[6]
জনপ্ৰিয় সংস্কৃতিত
জুম্পা লাহিড়ীৰ ২০১৩ চনত প্ৰকাশিত উপন্যাস দ্য লোলেণ্ডত কানু সান্যাল আৰু নক্সালবাদী বিদ্ৰোহৰ প্ৰসংগ উল্লিখিত হৈছে।[7]
তথ্য উৎস
বাহ্যিক সংযোগ