১৯৮০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম যেতিয়া মানৱ শৰীৰত এইড্ছ ৰোগৰ ভাইৰাছ ধৰা পৰে, তেতিয়াৰ পৰাই সমকামী পুৰুষ, উভকামি ব্যক্তিৰ দেহত প্ৰায়ে এই ৰোগৰ ভাইৰাছৰ উপস্থিতিৰ তথ্য চিকিৎসকৰ হাতলৈ আহে। ১৯৪১ চনৰ ৫ জুন তাৰিখে প্ৰথম বাৰলৈ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনত এই ৰোগত আক্ৰান্ত ৫জন সমকামী ব্যক্তিৰ তথ্য পোহৰলৈ আহে। তেওঁলোক গুৰুত্বৰ ভাৱে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছিল।[1] এমাহ পিছতেই নিউয়ৰ্ক টাইমচে প্ৰকাশ কৰে যে ৪১জন সমকামী ব্যক্তিৰ এক বিশেষ ধৰণৰ চালত হোৱা কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু চিকিৎসাৰ প্ৰায় ২৪ মাহৰ পিছত ইয়াৰে ৮জন ব্যক্তিয়ে মৃত্যুক সাৱটি লয়।[2] ১৯৮২ চনত এই ৰোগক 'Gay- related immune deficiency' চমুকৈ GRID 'Gay cancer' ইত্যাদি অভিধাৰে সংজ্ঞাবদ্ধ কৰা হয়।[3] সেই বছৰৰে জুলাই মাহলৈ এই GRID অভিধাটোক একোৱায়াৰ্ড ইমিউন্' ডিফিশ্বেন্সি ছিন্-ড্ৰ'ম(AIDS) বুলি প্ৰকাশ কৰিবলৈ অনুগ্ৰহ কৰা হয়। অৱশ্যে ছেপ্টেম্বৰ মাহত হে ইয়াক ৰাজহুৱাকৈ ঘোষণা কৰা হয়।[4][5]
সমলিংগীয় যৌন অভিসাৰ
সমকামিতা হ'ল সমলিংগৰ ব্যক্তিৰ সৈতে হোৱা "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ। " যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়। "[6][7]
ইংৰাজীত ব্যৱহাৰ হোৱা 'MSM' অভিধাটোৱে সেইসকল ব্যক্তিক বুজায়, যি সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত লিপ্ত হয়।[8]পুৰুষৰ ক্ষেত্ৰত MSM(Man who sex with another man) আৰু মহিলাৰ ক্ষেত্ৰত WSW(Women who sex with another woman) বুলি কোৱা হয়। এইক্ষেত্ৰত ব্যক্তি এজনে নিজৰ যৌন পৰিচয় কি বুলি দিয়ে সেইটো নিৰ্ভৰ নকৰে। অৱশ্যে যৌনকাৰ্যত লিপ্ত নোহোৱা অথচ নিজকে সমকামী, উভকামী বা বিষয়কামী বুলি পৰিচয় দিয়া লোকক ইয়াৰ আওতাত ধৰা নহয়।[9]১৯৯০ চনলৈকে এই অভিধা দুটাৰ ব্যৱহাৰ হয় যদিও পিছলৈ ইয়াৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় বুলি প্ৰতিপন্ন কৰা হয়[10][11] কাৰণ নিজকে সমকামী, উভকামী বুলি পৰিচয় দিয়া ব্যক্তিৰ উপৰিও নিজকে বিষয়কামী বুলি পৰিচয় দিয়া ব্যক্তিয়েও সমলিংগৰ ব্যক্তিৰ সৈতে যৌন কাৰ্যত সক্ৰিয় হয় বা হোৱাৰ সম্ভাৱনা থাকে।[12]
ৰোগৰ আশংকা
ৰাষ্ট্ৰসংঘৰ এইচ.আই.ভি/এইড্ছ সম্বন্ধীয় সংযুক্ত অনুষ্ঠান(UNAIDS)ৰ ২০১৮ৰ এক প্ৰতিবেদন মতে MSM ৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ শংকা আটাইতকৈ বেছি।[13] ২০০৭ চনৰ এটা গৱেষণাত প্ৰকাশ হোৱা তথ্য অনুসৰি সৰহ সংখ্যক সমকামী ব্যক্তিয়েই বিষয়কামী ব্যক্তিৰ দৰে কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ মুক্ত যৌন কাৰ্যত লিপ্ত হয়।[14][15] ২০০৬ চনত কৰা আন এটা গৱেষণাত এই কথা পোহৰলৈ আহে যে কোনো সমকামী ব্যক্তিয়ে যদি ৪জন বা অধিক ব্যক্তিৰ সৈতে যৌন সম্পৰ্ক ৰাখে তেন্তে সেই লোক সকল এইচ আই ভি বা আন কোনো STDৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা অধিক।[16]
অসুৰক্ষিত ভাৱে কৰা যৌন সম্ভোগৰ ক্ষেত্ৰত যোনীদ্বাৰৰ তুলনাত গুহ্যদ্বাৰৰ দ্বাৰা এইচ আই ভি সংক্ৰমণৰ আশংকা আটাইতকৈ বেছি।[17] সাধাৰণতে গুহ্যদ্বাৰৰ ভিতৰৰ আৱৰণ কোমল অথচ অশিথিল হোৱা বাবে ৰতি ক্ৰিয়াত লিংগৰ ঘৰ্ষণৰ ফলত গুহ্যদ্বাৰ আভ্যন্তৰ আৰু লিংগ উভয়তে কটা-চিঙা হোৱাৰ সম্ভাৱনা অধিক। ফলস্বৰূপে বীৰ্য্য, তেজ বা অন্যান্য ৰসৰ দ্বাৰা অতি সহজে উভয়ৰে দেহত এইচ আই ভি বিয়পাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি গুহ্যদ্বাৰৰ দ্বাৰা কৰা ৰতি ক্ৰিয়াত কণ্ডম ফাটি যোৱাৰ সম্ভাৱনা বেছি। গতিকে কণ্ডম ব্যৱহাৰৰ পিছতো ই এক শংকাৰ বিষয় হৈ পৰে।[18]
চুম্বন, পাৰস্পৰিক হস্তমৈথুন আৰু 'ফ্ৰ'টেজ' আদিয়ে এইচ আই ভি ৰোগ বিয়পাব নোৱাৰে। মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্য, 'ৰিমিং', কণ্ডমৰ ব্যৱহাৰৰ দ্বাৰা 'টপ' বা 'বটম'হৈ যৌন অভিসাৰত লিপ্ত হ'লে, এনেবোৰ প্ৰক্ৰিয়াই কিছুপৰিমাণে এইচ আই ভি ৰোগৰ শংকা বহন কৰে। অৱশ্যে এনেবোৰ প্ৰক্ৰিয়াত কণ্ডমৰ ব্যৱহাৰ নহ'লে এইচ আই ভি ৰোগ বিয়পাৰ আশংকা অধিক হোৱা দেখা যায়। অন্যান্য যৌনৰোগ যেনে উপদংশ বা 'চিফিলিছ', প্ৰমেহ বা 'গনৰিয়া', 'ক্লেমাইডিয়া', 'হেঁপাটাইটিছ' আদি ৰোগ বিয়পাৰ ক্ষেত্ৰত এনেবোৰ কাৰক গ্ৰহণ যোগ্য নহয়। গুহ্যদ্বাৰ বা যোনিদ্বাৰৰ দ্বাৰা হোৱা যৌন অভিসাৰতকৈ মুখৰ দ্বাৰা উপভোগ কৰা যৌন কাৰ্যত এইচ আই ভি সংক্ৰমণৰ শংকা তেনেই কম। এই প্ৰক্ৰিয়াত ঘঁহনি খাই বা কামোৰ খাই চাল চিঙিলে ভাইৰাছ বিয়পাৰ আশংকা থাকে। এই প্ৰক্ৰিয়াৰে হোৱা যৌন কাৰ্যৰ ফলত এইচ আই ভি সংক্ৰমণৰ দুই-এক উদাহৰণ পোৱা যায় য'দিওঁ এয়া একেবাৰেই বিৰল। যৌন সংক্ৰমিত ৰোগ অথবা যৌনৰোগ (যাক STD বা STI বুলি কোৱা হয়) হৈছে এক প্ৰকাৰৰ ঘাঁ জাতীয় ৰোগ যি যৌন কাৰ্যৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যৌনৰোগ আছে যাৰ সংক্ৰমণ ব্যক্তিৰ যৌন কাৰ্যৰ ধৰণক লৈ নিৰ্ভৰ কৰে। সকলো ধৰণৰ যৌনৰোগ য়েই একে পদ্ধতিৰে সংক্ৰমণ নহয়। কিছুমান STI যেনেঃ গনৰিয়া আৰু ক্লেমাইডিয়া আদি দেহৰ বিভিন্ন অংশ যেনে গুহদ্বাৰ, যোনীদ্বাৰ আদিৰ পৰা নিৰ্গত হোৱা বীজলুৱা পদাৰ্থৰ দ্বাৰা বিয়পে আৰু চিফিলিছ বা উপদংশ আদি ৰোগ ছালৰ পৰা ছাললৈ বিয়পে।[19][20]
কণ্ডম শ্ৰান্তি
যদিও এইচ আই ভি সংক্ৰমণৰ হাৰ ১৯৯০ দশকলৈ কমিগৈছিল, কিন্তু দশকৰ শেষৰ ফালে এই হাৰৰ পুনৰ উত্থান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা তথা যুক্তৰাজ্যৰ প্ৰধান চহৰ সমূহত যৌন ৰোগৰ ক্ৰমবৰ্ধমান হাৰৰ কাৰণ হিচাপে সমকামী ব্যক্তিসকলৰ কণ্ডম শ্ৰান্তি আৰু "এইডছ আশাবাদ"ৰ ফলস্বৰূপে হোৱা সুৰক্ষিত যৌন কাৰ্যৰ "শিথিলতা"ক আঙুলিয়াই দিয়া হৈছে,[21]আৰু এই কাৰণটোক দাম্পত্য জীৱন(সমকামী আৰু বিষয়কামী)ৰ যৌন প্ৰৱণতা সমূহৰ ওপৰত কৰা এক গৱেষণাটো পোহৰলৈ আহিছে।[22][23][24][25][26][27] ২০১০ চনৰ এক গৱেষণাত এটা কথা পোহৰলৈ আহেযে সমকামী বা উভকামী ব্যক্তি সকলে বিভিন্ন কাৰণত অসুৰক্ষিত(কণ্ডম ব্যৱহাৰ নকৰাকৈ) ৰতি ক্ৰিয়াত লিপ্তহৈ ভাল পায়। অৱশ্যে ইয়াৰ কাৰণসমূহক সাধাৰণীকৰণ কৰাটো সম্ভৱপৰ নহয়। বিভিন্ন কাৰণ সমূহৰ ভিতৰত লিংগৰ অশিথিলতা, মানসিক চাপ, মানসিক ৰোগ, পাৰস্পৰিক বুজাবুজিৰ অসুবিধা, সন্মতিৰ অভাৱ, অসাধাৰণ যৌন প্ৰৱণতা ইত্যাদি প্ৰধান।[21]
↑Young, Rebecca M. and Ilan H. Meyer. “The Trouble With “MSM” and "WSW”: Erasure of the Sexual-Minority Person in Public Health Discourse.” Am J Public Health. (2005) 95: 1144–1149.
↑"Necrotizing ulcerative periodontitis: a marker for immune deterioration and a predictor for the diagnosis of AIDS". J. Periodontol. খণ্ড 65 (5): 393–7. May 1994. doi:10.1902/jop.1994.65.5.393. PMID7913962.
↑Young, Rebecca M. and Ilan H. Meyer. “The Trouble With “MSM” and “WSW”: Erasure of the Sexual-Minority Person in Public Health Discourse.” Am J Public Health. (2005) 95: 1144–1149.
↑ 21.021.1Adam, Barry D., Winston Husbands, James Murray, and John Maxwell. (2005): AIDS optimism, condom fatigue, or self-esteem? Explaining unsafe sex among gay and bisexual men, Journal of Sex Research, 42:3, 238-248
↑Appleby, P., Miller, L., & Rothspan, S. (1999). The paradox of trust for male couples. Personal Relationships, 6, 81-93.
↑Bochow, M. (1998). The importance of contextualizing research. In M. Wright, B. R. S. Rosser, & O. de Zwart (Eds.), New international directions in HIV prevention for gay and bisexual men. New York: Harrington Park Press.
↑Cusick, L., & Rhodes, T. (2000). Sustaining sexual safety in relationships. Culture, Health & Sexuality, 2(4), 473-487
↑Diaz, R., & Ayala, G. (1999). Love, passion and rebellion. Culture, Health &Sexuality, 1(3),277-293
↑Hays, R., Kegeles, S., & Coates, T. (1997). Unprotected sex and HIV risk- taking among young gay men within boyfriend relationships. AIDS Educationand Prevention, 9(4), 314-329.
↑Middelthon, A. L. (2001). Interpretations of condom use and nonuse among young Norwegian gay men. Medical Anthropology Quarterly, 15(1), 58-83.
↑Mimiaga, M., Reisner, S., Cranston, K., Isenberg, D., Bright, D., Daffin, G., Bland, S., & Driscoll, M. (2009). Sexual mixing patterns and partner characteristics of black msm in Massachusetts at increased risk for HIV infection and transmission. Journal of Urban Health, 86(4), 602-623.