১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি প্ৰেছিডেন্সী বেংক তিনিটা একত্ৰিত কৰি ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া (ইংৰাজী: Imperial Bank of India) প্ৰতিষ্ঠা কৰা হয়। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰে। পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি 'ষ্টেট বেংক অৱ ইণ্ডিয়া আইন'ৰ অধীনত ভাৰতীয় ষ্টেট বেংক হিচাপে প্ৰতিষ্ঠা কৰে।[1][2]
ইতিহাস
১৮০৯ চনৰ আগতে ভাৰতত ইংৰাজ আৰ্হিৰ বেংক কিছুমান প্ৰতিষ্ঠা কৰা হৈছিল যদিও সেইবোৰ বিভিন্ন কাৰণত বন্ধও হৈছিল। ফলত দেশৰ মুদ্ৰা আৰু ঋণ ব্যৱস্থা নিশকতীয়া হৈ পৰে।
'ইষ্ট ইণ্ডিয়া কোম্পানী'ৰ উদ্যোগত ১৭৭০ চনত কলিকতা মহানগৰীত 'আলেকজেণ্ডাৰ এণ্ড কোম্পানী'য়ে স্থাপন কৰা 'দি বেংক অৱ হিন্দুঃস্থানে'ই হ'ল প্ৰথমটো সংগঠিত ভিত্তিত ভাৰতবৰ্ষত স্থাপন কৰা বেংক।[3] পৰৱৰ্তী পৰ্যায়ত ১৭৭৩ চনত 'দি জেনেৰেল বেংক' বা 'দি গভৰ্ণমেণ্ট বেংক অৱ ৱাৰেণ হেষ্টিংছ' স্থাপন কৰা হয়। অৱশ্যে এই বেংটো ১৭৭৫ চনত বন্ধ হৈ যায়। যাৰ ফলত প্ৰতিৰোধমূলক হিচাপে প্ৰেছিডেন্সী বেংক সংগঠন কৰা হয়।
প্ৰথম প্ৰেছিডেন্সী বেংকটো হৈছে বেংক অৱ বেংগল ইয়াক ১৮০৬ চনৰ ২ জুনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পাছত ১৮৪০ চনৰ ১৫ এপ্ৰিলত বেংক অৱ বোম্বাই স্থাপন কৰা হয় আৰু ১৮৪৩ চনৰ ১ জুলাইত বেংক অৱ মাদ্ৰাজ স্থাপন কৰা হয়।
১৯২০ চনত 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া আইন' প্ৰণয়ন কৰি এই প্ৰেছিডেন্সী বেংক তিনিটা ক্ৰমে- বেংক অৱ কলকাতা (১৮০৬-১৯২১), বেংক অৱ বোম্বাই (১৮৪০-১৯২১) আৰু বেংক অৱ মাদ্ৰাজ (১৮৪৩-১৯২১) -ক একত্ৰিত কৰি 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া' হিচাপে প্ৰতিষ্ঠা কৰে। ই ১৯২১ চনৰ পৰা কাৰ্যনিৰ্বাহ আৰম্ভ কৰে। পিছত ১৯৫৫ চনত এই 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া'ক স্বাধীন ভাৰতবৰ্ষত ৰাষ্ট্ৰীয়কৰণ কৰি 'ষ্টেট বেংক অৱ ইণ্ডিয়া' আইনৰ অধীনত ভাৰতীয় ষ্টেট বেংক হিচাপে প্ৰতিষ্ঠা কৰা হয়৷[1][2][3]
তথ্য সংগ্ৰহ