আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী (ইংৰাজী: Regional Science Centre, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন বিজ্ঞান কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে হৈছিল। বিজ্ঞান যাদুঘৰ বা চাইন্স মিউজিয়াম হিচাপে বিখ্যাত আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান যাদুঘৰ পৰিষদৰ অন্তৰ্ভুক্ত। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে বিজ্ঞান কেন্দ্ৰটোৰ চোৱা-চিতা কৰে।উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ;
সমলবিহীন refসমূহৰ অৱশ্যেই এটা নাম থাকিব লাগিব। অঞ্চলটোত বিজ্ঞানক জনপ্ৰিয়কৰণক মুখ্য উদ্দেশ্যৰে এই কেন্দ্ৰটি স্থাপন কৰা হৈছিল। ইয়াত বিজ্ঞান যাদুঘৰ, বিজ্ঞান উদ্যান, বিজ্ঞান প্ৰদৰ্শনী, জুৰাচিক পাৰ্ক, গণিত উদ্যান আদিৰ উপৰিও নিয়মীয়া বিশেষ কিছুমান অনুষ্ঠান দেখুৱাৰ ব্যৱস্থা আছে। ইয়াৰ লগতে বিজ্ঞান কেন্দ্ৰয়ে মাজে সময়ে বিজ্ঞান বিষয়ত বিভিন্ন শিক্ষামূলক অনুষ্ঠান যেনে আলোচনা চক্ৰ, কৰ্মশালা, প্ৰদৰ্শনী, বক্তৃতা অনুষ্ঠান ইত্যাদি অনুষ্ঠিত কৰে।[1]
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীত বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় এটা উদ্ভাৱন কেন্দ্ৰ আছে। ছাত্ৰ-ছাত্ৰী আৰু বিজ্ঞানৰ প্ৰতি আগ্ৰহী সকলে এই কেন্দ্ৰৰ সদস্য হৈ সপ্তাহৰ শেষৰ দিনকেইটাত নানা উদ্ভাৱনমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তদুপৰি ইয়াত বছেৰেকীয়া উদ্ভাৱন উৎসৱ উদযাপন কৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।[3]
ত্ৰিমাত্ৰিক অনুষ্ঠান
আঞ্চলিক বিজ্ঞান কেন্দ্ৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ষ্টেৰেক্সপিক ডিজিটেল ত্ৰিমাত্ৰিক চিনেমা প্ৰজেকচন সুবিধা আছে। ইয়াত ত্ৰিমাত্ৰিক ছবি কেনেকৈ নিৰ্মাণ কৰা হয় সেয়া দেখুৱাৰ লগতে ভিন্ন অনুষ্ঠান দেখুৱা হয়।
ডিজিটেল তাৰকাগৃহ
ইয়াত মহাকাশ পৰ্যবেক্ষণৰ বাবে এটা ডিজিটেল তাৰকাগৃহ আছে।
বিজ্ঞান প্ৰদৰ্শনীমূলক বক্তৃতা
আঞ্চলিক বিজ্ঞান কেন্দ্ৰত "ডাইন'চৰ" আৰু "আচৰিত পদাৰ্থ" নামেৰে দুটা বিজ্ঞান প্ৰদৰ্শনীমূলক বক্তৃতা দেখুৱা হয়।
বিজ্ঞান অনুষ্ঠান
ইয়াত জুলীয়া নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি অতি শীতল অনুষ্ঠান আৰু বিজ্ঞানৰ পৰীক্ষাৰ যাদু দেখুৱাৰ ব্যৱস্থা আছে।
আকাশ পৰ্যবেক্ষণ
ইয়াত আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা আছে। বিভিন্ন মহাজাগতিক ঘটনা আৰু গ্ৰহণৰ সময়ত ইয়াত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ বাবে আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয়।