অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত |
---|
চমু নাম |
ASFFDC |
---|
প্ৰতিষ্ঠা |
৪ ছেপ্টেম্বৰ ১৯৭৪ (1974-09-04) |
---|
সক্ৰিয়তা |
সক্ৰিয় |
---|
প্ৰধান কাৰ্যালয় |
পাঞ্জাবাৰী, গুৱাহাটী, অসম |
---|
মুখ্য ব্যক্তি |
সভাপতি: সীমান্ত শেখৰ উপ-সভাপতি: অলেক্ষ্য বৰুৱা |
---|
ৱেবছাইট |
filmfinance.assam.gov.in/as |
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ইংৰাজী: Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল।[1]
ASFFDC-এ বিগত বৰ্ষবোৰত অন্য প্ৰযোজনা সংস্থাৰ সৈতে যুটীয়াভাবে জাহ্নু বৰুৱাৰ 'বান্ধোন' (২০১২), ৰজনী বসুমতাৰীৰ 'ৰাগ' (২০১৪) আদিকে ধৰি বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰিছে।[2][3]
কাৰ্যাৱলী
ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।
- অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান
- শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক সহযোগিতা আগবঢোৱা
- চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয় সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
- ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
- ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা
- ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ যোগান[4]
প্ৰযোজনা কৰা ছবিৰ তালিকা
তথ্য উৎস
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|