ভাৰতে পোনপ্ৰথমবাৰৰ বাবে ১৯০০ চনত অলিম্পিক ক্ৰীড়া সমাৰোহ ত অংশগ্ৰহণ কৰিছিল। অকলশৰীয়াকৈ এথলীট নৰ্মান প্ৰিচাৰ্ডে এথলেটিকছত জয় কৰা দুটা ৰূপৰ পদকৰ সৈতে ভাৰত অলিম্পিকত পদক জয় কৰা প্ৰথম এছিয়ান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।[ 1]
প্ৰথমে দেশখনে ১৯২০ চনত গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া সমাৰোহলৈ এটা দল প্ৰেৰণ কৰিছিল আৰু তেতিয়াৰ পৰা ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন খেলত অংশগ্ৰহণ কৰিছে। ভাৰতে ১৯৬৪ চনৰ পৰা আৰম্ভ হোৱা কেইবাখনো শীতকালীন অলিম্পিকতো অংশগ্ৰহণ কৰিছে।
ভাৰতীয় খেলুৱৈসকলে ৩৫টা পদক জিকিছে আৰু ইয়াৰে সকলোবোৰ কেৱল গ্ৰীষ্মকালীন ক্ৰীড়াৰ। এছোৱা সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দল অলিম্পিক প্ৰতিযোগিতাত প্ৰভাৱশালী আছিল। দলটোৱে ১৯২৮ আৰু ১৯৮০ চনৰ ভিতৰত বাৰখন অলিম্পিকত এঘাৰটা পদক জয় কৰিছিল। এই এঘাৰটা পদকৰ ভিতৰত মুঠ ৮টা সোণৰ পদক আৰু ১৯২৮-১৯৫৬ চনৰ পৰা ক্ৰমাগত ছটা সোণৰ পদক অন্তৰ্ভুক্ত আছিল।
ইতিহাস
স্বাধীনতাৰ পূৰ্বে
ভাৰতে ১৯০০ চনৰ খেলৰ বাবে গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰথম খেলুৱৈ প্ৰেৰণ কৰিছিল, কিন্তু ১৯২০ চনলৈকে কোনো এটা ভাৰতীয় ৰাষ্ট্ৰীয় দলে গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰা নাছিল। ১৯২০ চনৰ সমাৰোহৰ আগতে, ছাৰ ডোৰাবজী টাটা আৰু বোম্বাইৰ ৰাজ্যপাল জৰ্জ লইডে আন্তৰ্জাতিক অলিম্পিক সমিতিত ভাৰতৰ প্ৰতিনিধিত্ব সুৰক্ষিত কৰাত সহায় কৰিছিল, যাৰ ফলত দেশখনে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত ভাৰতে ১৯২০ চনৰ অলিম্পিকলৈ এটা দল প্ৰেৰণ কৰে, যাৰ ভিতৰত আছিল তিনিজন এথলীট, দুজন মল্লযোদ্ধা, আৰু তেওঁলোকৰ সৈতে মেনেজাৰ সোহৰাব ভূট আৰু এ. এইচ. এ. ফাইজি। ইয়াৰ পিছত ১৯২০ ৰ দশকত ভাৰতীয় অলিম্পিক আন্দোলনৰ সূচনা কৰা হয়। এই আন্দোলনৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম আছিল ডোৰাবজী টাটা, এ. জি. নোহেৰেন (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), এইচ.চি বাক (মাদ্ৰাজ শাৰীৰিক শিক্ষা মহাবিদ্যালয়), মইনুল হক (বিহাৰ ক্ৰীড়া সংস্থা), এছ. ভূট (বোম্বাই অলিম্পিক সংস্থা), এ. এছ. ভাগৱত (ডেকান জিমখানা), আৰু গুৰু দত্ত সোন্ধি (পঞ্জাব অলিম্পিক সন্থা)। লেঃ কৰ্ণেল এইচ.এল.অ'. গেৰেট (চৰকাৰী মহাবিদ্যালয় লাহোৰ আৰু পঞ্জাব অলিম্পিক এছ'চিয়েচন) আৰু সাগ্নিক পোদ্দাৰে (ছেইণ্ট ষ্টিফেনছ স্কুলৰ) কেইখনমান প্ৰাৰম্ভিক ৰাষ্ট্ৰীয় খেল আয়োজন কৰাত সহায় কৰিছিল; আৰু বিশিষ্ট পৃষ্ঠপোষকসকলৰ ভিতৰত আছিল পাটিয়ালাৰ ভূপিন্দৰ সিং, নৱানগৰৰ ৰঞ্জিতসিংহজী, কাপুৰথালাৰ মহাৰাজ আৰু বৰ্ধমানৰ মহাৰাজৰ দৰে মহাৰাজ আৰু ৰাজকুমাৰ।
১৯২৮ চনৰ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী ভাৰতীয় হকী দলটো
১৯২৩ চনত এক অস্থায়ী সৰ্বভাৰতীয় অলিম্পিক সমিতি গঠন কৰা হয় আৰু ১৯২৪ চনৰ ফেব্ৰুৱাৰী মাহত ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে এটা দল বাছনি কৰিবলৈ সৰ্বভাৰতীয় অলিম্পিক গেমছ (যি পিছলৈ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পৰিণত হয়) অনুষ্ঠিত হয়। পেৰিছ অলিম্পিকত ভাৰতীয় প্ৰতিনিধি দলটোত আছিল সাতজন এথলীট, সাতজন টেনিছ খেলুৱৈ আৰু দলৰ মেনেজাৰ হেৰী বাক।
১৯২৭ চনত অস্থায়ী ভাৰতীয় অলিম্পিক সমিতি আনুষ্ঠানিকভাৱে ভাৰতীয় অলিম্পিক সংঘ লৈ ৰূপান্তৰিত কৰা হয়। ইয়াৰ মুখ্য কাম আছিল ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে প্ৰচাৰ চলোৱা, ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ বাবে আয়োজক চহৰ বাছনি কৰা, আৰু এই সমাৰোহৰ পৰা বাছনি কৰা দলবোৰ গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰেৰণ কৰা। সেয়েহে ১৯২৮ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত সংঘই পৰৱৰ্তী গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাতগৰাকী খেলুৱৈ বাছনি কৰে আৰু সোন্ধিক মেনেজাৰ হিচাপে লয়। এই সময়ছোৱাত ভাৰতীয় হকী ফেডাৰেচন স্থাপন কৰা হৈছিল আৰু সংস্থাটোৱে গ্ৰীষ্মকালীন অলিম্পিকলৈ এটা হকী দল প্ৰেৰণ কৰিছিল। ৰাষ্ট্ৰীয় হকী দলটোক ১৯৩২ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট আৰু এজন সাঁতোৰবিদ আৰু ১৯৩৬ চনৰ অলিম্পিকলৈ চাৰিজন এথলীট, তিনিজন মল্লযোদ্ধা, এজন ওজন ভাৰ-উত্তোলকৰ সৈতে দলৰ মেনেজাৰ সোন্ধিৰ নেতৃত্বত তিনিজন বিষয়াৰ সৈতে প্ৰেৰণ কৰা হৈছিল।
ভাৰতীয় ফিল্ড হকী দলে ১৯২৮ চনৰ পৰা ১৯৩৬ চনলৈ অলিম্পিকত অভূতপূৰ্বভাৱে একেৰাহে তিনিবাৰলৈ খিতাপ জয় কৰি আধিপত্য বিস্তাৰ কৰিছিল। ১৯২৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত ভাৰতে নেডাৰলেণ্ড ক ৩-০ গ'লত পৰাস্ত কৰে।[ 2] ১৯৩২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ ক ২৪-১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিক ইতিহাসৰ সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান।[ 3] ১৯৩৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ ফাইনেলত তেওঁলোকে জাৰ্মানী ক ৮- ১ ব্যৱধানত পৰাস্ত কৰে যি অলিম্পিকৰ ফাইনেলত এতিয়ালৈকে সৰ্ববৃহৎ বিজয়ৰ ব্যৱধান।[ 4]
স্বাধীনতা-উত্তৰ কাল
১৯৪৮ চনৰ পৰা ভাৰতীয় অলিম্পিক সংঘৰ বিস্তৃতি তথা প্ৰসাৰৰ বাবে ভাৰতে প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকলৈ প্ৰতিবিধ খেলৰ বাবে ইয়াৰ ক্ৰীড়া ফেডাৰেচনসমূহৰ দ্বাৰা বাছনি কৰি সৰ্বমুঠ ৫০ জনতকৈ অধিক খেলুৱৈৰ প্ৰতিনিধি দল প্ৰেৰণ কৰা আৰম্ভ কৰে। প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল এজন চিফ-ডি-মিছনে। ভাৰতীয় ফিল্ড হকী দলে ১৯৪৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনক ফাইনেলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিছিল। স্বাধীন ৰাষ্ট্ৰ হিচাপে এইটো ভাৰতৰ বাবে প্ৰথম সোণৰ পদক আছিল।[ 5] .
১৯৪৮ চনত গ্ৰেট ব্ৰিটেইনৰ বিপক্ষে খেলি তৃতীয়টো স্বৰ্ণজয় কৰা ভাৰতীয় দল।
১৯৫২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মল্লযোদ্ধা কে.ডি. যাদৱে স্বাধীন ভাৰতৰ হৈ প্ৰথমটো ব্যক্তিগত পদক জিকিছিল। ভাৰতীয় ফিল্ড হকী দলে ১৯৫৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তান ক ফাইনেলত পৰাস্ত কৰি একেলেথাৰিয়ে ষষ্ঠটো খিতাপ জয় কৰি নিজৰ আধিপত্য অব্যাহত ৰাখিছিল।
১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত হকী দল ফাইনেলত পাকিস্তানৰ হাতত পৰাজিত হয় আৰু ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হয়।[ 6] ১৯৬৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পুনৰবাৰ দলটোৱে স্বৰ্ণ জয় কৰে।[ 7] কিন্তু পৰৱৰ্তী দুখন অলিম্পিকত কেৱল ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগা হয়।[ 8] [ 9] ১৯৭৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ১৯২৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত খালী হাতেৰে উলটিব লগা হয়।
১৯৮০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতীয় হকী দলে তেওঁলোকৰ অভিলেখসংখ্যক অষ্টমটো অলিম্পিক স্বৰ্ণ জয় কৰিছিল।[ 10] পৰৱৰ্তী তিনিটা গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতে খালী হাতেৰে উলটি আহিব লগা হৈছিল। ১৯৯৬ চনত আটলাণ্টাত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে পুৰুষৰ একক শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু অলিম্পিকত ১৬ বছৰীয়া পদকবিহীন সময়ৰ পৰিসমাপ্তি ঘটায় আৰু ইয়াৰ লগতে ১৯৫২ চনৰ পিছত প্ৰথমটো ব্যক্তিগত পদক বিজয়ী খেলুৱৈ হিচাপে পৰিগণিত হয়।[ 11]
সাম্প্ৰতিক
২০০০ চনৰ চিডনী অলিম্পিকত দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী কৰ্ণম মালেশ্বৰী য়ে মহিলাৰ ৬৯ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এগৰাকী ভাৰতীয় মহিলাই লাভ কৰা এইটো প্ৰথম অলিম্পিক পদক আছিল।[ 12]
২০০৪ চনৰ এথেন্স অলিম্পিকৰ তাৰকা শ্বুটাৰ ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে পুৰুষৰ ডাবল ট্ৰেপ শ্বুটিংত ৰূপৰ পদক জয় কৰে।[ 13]
২০০৮ চনৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰা ই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত স্বৰ্ণ জয় কৰি অলিম্পিক গেমছত ব্যক্তিগত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়। বিজেন্দ্ৰ সিঙে মিডলৱেট শ্ৰেণীত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত দেশৰ প্ৰথমটো পদক লাভ কৰে।
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অভিলেখসংখ্যক ৮৩ জনীয়া ভাৰতীয় দলে খেলসমূহত অংশগ্ৰহণ কৰে আৰু মুঠ ছটা পদকৰ সৈতে দেশৰ বাবে এক নতুন শ্ৰেষ্ঠ স্থান অৰ্জন কৰে।[ 13] স্বাধীনতাৰ পিছত মল্লযোদ্ধা সুশীল কুমাৰ একাধিক ব্যক্তিগত অলিম্পিক পদক (২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জ আৰু ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপ) লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।
ছাইনা নেহৱালে বেডমিণ্টনত দেশৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰি মহিলাৰ একক শাখাৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক লাভ কৰে। মেৰী কম মহিলা ফ্লাইৱেট শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে বক্সিংত পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
২০১৬ চনত গ্ৰীষ্মকালীন অলিম্পিকত, অভিলেখ সংখ্যক ১১৮জন খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সাক্ষী মালিক মহিলাৰ ফ্ৰীষ্টাইল ৫৮ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদকৰ সৈতে অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা মল্লযোদ্ধা হিচাপে পৰিগণিত হয়।[ 14] শ্বাটলাৰ পি. ভি. সিন্ধু অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু লগতে সৰ্বকনিষ্ঠ ভাৰতীয় অলিম্পিক পদক বিজয়ী।[ 15]
২০২১ চনত জাপান ৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত সাইখোম মীৰাবাই চানু ৱে ভাৰোত্তোলন মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰে। পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদকৰ মেচখনত চীনৰ হি. বিংজিয়াওক পোনপটীয়া ছেটত পৰাস্ত কৰে আৰু এনেদৰে দুটা ব্যক্তিগত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। আনহাতে ৪ আগষ্টত অনুষ্ঠিত বক্সিঙত মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়[ 16] যদিও ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়।[ 17] লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসম ৰ প্ৰথমগৰাকী ব্যক্তি হৈ পৰে। নীৰজ চোপ্ৰা ই জেভেলিন থ্ৰ'ত স্বৰ্ণ পদক জয় কৰে, ট্ৰেক আৰু ফিল্ডত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় আৰু ব্যক্তিগত ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়।[ 18] পুৰুষৰ ফিল্ড হকীত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ফিল্ড হকীত এই পদকটো ৪১ বছৰৰ ব্যৱধানৰ পিছত লাভ কৰে, আগতে মস্কোত শেষবাৰৰ বাবে ফিল্ড হকী দলে স্বৰ্ণৰ পদক লাভ কৰিছিল।[ 19] [ 20] মল্লযোদ্ধত ৰবি কুমাৰ দাহিয়া ই ৰূপৰ পদক আৰু বজৰং পুনিয়া ই ব্ৰঞ্জৰ পদক লাভ কৰে।[ 21] [ 22] অলিম্পিকৰ ইতিহাসত ভাৰতৰ বাবে ৭টা পদকেৰে এয়া আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।[ 23] [ 24] [ 25]
পদক লাভ কৰা খেলুৱৈসকল
তথ্য সংগ্ৰহ
স্বৰ্ণ পদক
ব্যক্তিগত ক্ৰীড়া দলীয় ক্ৰীড়া
ৰূপৰ পদক
ব্যক্তিগত ক্ৰীড়া দলীয় ক্ৰীড়া
ব্ৰঞ্জৰ পদক
ব্যক্তিগত ক্ৰীড়া দলীয় ক্ৰীড়া