ৰাশী খান্না |
---|
|
জন্ম |
৩০ নৱেম্বৰ, ১৯৯০ (৩৪ বছৰ) নতুন দিল্লী, ভাৰত |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
শিক্ষা |
বি.এ. ইংৰাজী (Hons.) |
---|
শিক্ষানুষ্ঠান |
এছ্টি. মাৰ্কচ্ চিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন |
---|
পেচা |
|
---|
সক্ৰিয় হৈ থকা সময় |
২০১৩–বৰ্তমান |
---|
উচ্চতা |
১.৬৫ মিটাৰ (U=ft}})[1] |
ৰাশী খান্না (ইংৰাজী: Raashi Khanna; জন্ম ৩০ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলত তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ হিন্দী চলচ্চিত্ৰ 'মাদ্ৰাজ কেফ' (২০১৩) ৰ যোগেদি অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁ একেদৰে তেলুগু চলচ্চিত্ৰ 'অহালু গুচাগুচালাদে' (২০১৪), তামিল চলচ্চিত্ৰ 'ইমাইক্কা নদিগাল' (২০১৮) আৰু মালায়লম ভাষাৰ 'ভিলেন' (২০১৭) ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।[2][3]
তেওঁ 'বেঙ্গল টাইগাৰ' (২০১৫), 'চুপ্ৰীম' (২০১৬), 'জয় লব কুশ' (২০১৭), 'থোলি প্ৰেমা' (২০১৮), 'ইমাইক্কা নদিগাল' (২০১৮), 'ভেংকী মামা' (২০১৯), 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) ৰ দৰে বহুতো বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰত আছিল আৰু তেওঁ নিজকে তামিল আৰু তেলুগু চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় অভিনেত্ৰী হিচাপে প্ৰতিস্থিত কৰিছে।
চলচ্চিত্ৰ 'জোড়ু' (২০১৪) ৰ যোগেদি গায়ক হিচাবে আত্মপ্ৰকাশ কৰা খান্নাই লগতে চলচ্চিত্ৰ 'ভিলেন' (২০১৭), 'বালাকৃষ্ণুডু' (২০১৭), 'জাৱান' (১০১৭) আৰু 'প্ৰতি ৰোজু পাণ্ডেজ' (২০১৯) আদিতো গীত গাইছে।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ৩০ নভেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা খান্নাই দিল্লীৰ 'এছ্টি. মাৰ্কচ্ চিনিয়ৰ ছেকেণ্ডাৰী পাব্লিক স্কুল'ত আৰু 'লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন'ৰ পৰা ইংৰাজীত অনাৰচ্লৈ বিএ স্নাতক সম্পূৰ্ণ কৰে।
তেওঁৰ মতে, তেওঁ আছিল একাডেমিক টোপাৰ যিয়ে স্কুল আৰু কলেজৰ সময়ত খুব পঢ়া শুনা কৰিছিল। খান্না সৰু থাকোঁতে গায়িকা হ’ব বিচাৰিছিল আৰু ডাঙৰ হোৱাৰ লগে লগে তেওঁ পঢ়াশুনা আগ্ৰহী হয় আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সপোন দেখে। খান্নাৰ মডেল বা অভিনেত্ৰী হোৱাৰ ইচ্ছা নাছিল যদিও তেওঁ নিয়তিৰ ফলত অভিনেত্ৰী হোৱা বুলি নিজকে দাবী কৰে। চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ আগতে খান্নাই বিভিন্ন বিজ্ঞাপনৰ অনুলিপি লেখিকা আছিল।[4]
চলচ্চিত্ৰপুঞ্জী
টোকা
|
এতিয়াও মুক্তি লাভ কৰা নাই
|
ডিস্কোগ্ৰাফী
বঁটা আৰু মনোনয়ন
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ