দাদাচাহেব ফাল্কে, পাছলৈ যি ভাৰতীয় চলচ্চিত্ৰৰ জনক হিচাপে পৰিগণিত হৈছে,[3] এই চলচ্চিত্ৰৰ প্ৰযোজক তথা পৰিচালক আছিল। তেওঁ দাদৰ ঘাইপথত তেওঁৰ ষ্টুডিঅ'তেই এই চলচ্চিত্ৰৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল। এই চলচ্চিত্ৰখন দাদাচাহেব ফাল্কেৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ। ৪০ মিনিট সময়ৰ তথা ৩৭০০ ফুট দৈৰ্ঘ্যৰ ৰীলযুক্ত চলচ্চিত্ৰখন নিৰ্মাণ কৰোঁতে সাত মাহ একৈশ দিন সময় লাগিছিল।[4]
দাদাচাহেব ফাল্কে চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ অঙ্কণশৈলীৰ দ্বাৰা বহুলাংশে প্ৰভাৱিত হৈছিল। হিন্দু পৌৰাণিক ঘটনাবোৰৰ ওপৰত অঁকা ৰাজা ৰবি বৰ্মাৰ চিত্ৰবোৰক দাদাচাহেব ফাল্কে চলচ্চিত্ৰৰ দ্বাৰা গতি প্ৰদান কৰিছিল।[5]
চলচ্চিত্ৰখনত স্ত্ৰী চৰিত্ৰৰ সকলো ভূমিকাত পুৰুষেই অভিনয় কৰিছিল।[6] দাদাচাহেবে এই চলচ্চিত্ৰত নাৰীক অভিনয় কৰাবলৈ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছিল। সেইকাৰণে তেখেতে হৰিশ্চন্দ্ৰৰ পত্নী তাৰামতীৰ ভূমিকাত আন্না সালুঙ্কে নামৰ এজন কমনীয় পুৰুষক অভিনয় কৰাইছিল। আন্না আছিল এজন হোটেলৰ ৰান্ধনী যি পাছলৈ ভালেমান চলচ্চিত্ৰত স্ত্ৰীৰ ভূমিকা পালন কৰি জনপ্ৰিয় হৈ পৰিছিল।[7]
এই চলচ্চিত্ৰ নিৰ্মাণৰ ঘটনাক কেন্দ্ৰ কৰি ২০০৯ চনত হৰিশচন্দ্ৰাচী ফেক্টৰী নামৰ এখন মাৰাঠী চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়।[8]
মুক্তি
১৯১৩ চনৰ ২১ এপ্ৰিলত বোম্বে চহৰৰ গ্ৰাণ্ট ৰোডৰ অলিম্পিয়া থিয়েটাৰত চহৰৰ বহুকেইজন বিখ্যাত ব্যক্তি তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সন্মুখত প্ৰথমে এই চলচ্চিত্ৰখন দেখুওৱা হয়।[9] ১৯১৩ চনৰ ৩ মে'ত বোম্বে চহৰৰ কৰোনেচন চিনেমাত সৰ্বসাধাৰণ ৰাইজৰ বাবে চলচ্চিত্ৰখন মুক্তি দিয়া হয়।[10][11] প্ৰথমে চলচ্চিত্ৰখনৰ মাত্ৰ এটা প্ৰিণ্টেই নিৰ্মাণ কৰা হৈছিল যদিও দ্ৰুত জনপ্ৰিয়তা তথা বাণিজ্যিকভাৱে সফলতা লাভ কৰাত[12] চলচ্চিত্ৰখন গ্ৰামাঞ্চলত দেখুওৱাবৰ কাৰণে দাদাচাহেবে ভালেমান প্ৰিণ্ট তৈয়াৰ কৰিছিল।
বিতৰ্ক
ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন মুক্তি লাভ কৰাৰ প্ৰায় এবছৰ পূৰ্বে দাদাচাহেব টোৰ্ণেৰ চলচ্চিত্ৰ শ্ৰীপুণ্ডলিক ১৯১২ চনৰ ১৮ মে'ত মুক্তিলাভ কৰিছিল। সেইকাৰণে ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰখন ভাৰতৰ প্ৰথম চলচ্চিত্ৰ হিচাবে গণ্য কৰাৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছিল। পাছলৈ এখন জনপ্ৰিয় মাৰাঠী নাটকৰ ৰেক'ৰ্ডিং তৈয়াৰ কৰি সেইখনক চলচ্চিত্ৰৰ ৰূপ দিয়া বাবে শ্ৰীপুণ্ডলিকক বহুতে চলচ্চিত্ৰ হিচাবে গণ্য নকৰে।[13][14]
অৱশিষ্ট প্ৰিণ্ট
ৰাজা হৰিশ্চন্দ্ৰ চলচ্চিত্ৰৰ চাৰিটা ৰীল থাকিলেও বৰ্তমান পুণেৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফিল্ম অভিলেখাগাৰত প্ৰথম তথা শেষ ৰীলটো আছে। অনেক ইতিহাসবিদে বিশ্বাস কৰে যে এই ৰীল দুটা ১৯১৭ চনত সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ নামৰ চলচ্চিত্ৰৰহে অংশ।[15][16]