সোণ, 79Au |
সাধাৰণ ধৰ্মসমূহ |
---|
নাম, সংকেত |
সোণ, Au |
---|
Appearance |
ধাতৱ হালধীয়া |
---|
উচ্চাৰণ |
/xun/ |
---|
পৰ্যাবৃত্ত তালিকাত সোণ |
---|
.
|
আনৱিক সংখ্যা (Z) |
৭৯ |
---|
গ্ৰুপ, ব্লক |
১১, d-ব্লক |
---|
পৰ্যায় |
period 6 |
---|
মান আনৱিক ভৰ (±) (Ar) |
196.966569(5)[1] |
---|
ইলেক্ট্ৰনৰ বিন্যাস |
[Xe] 4f14 5d10 6s1 |
---|
প্ৰতি কক্ষত |
2, 8, 18, 32, 18, 1 |
---|
ভৌতিক ধৰ্মসমূহ |
---|
দশা |
solid |
---|
গলনাংক |
1337.33 কে (1064.18 °ছে, 1947.52 °ফা) |
---|
উতলাংক |
3243 কে (2970 °ছে, 5378 °ফা) |
---|
ঘনত্ব কক্ষ তাপমানৰ ওচৰত |
19.30 g/cm3 |
---|
জলীয় অৱস্থাত, m.p.ত |
17.31 g/cm3 |
---|
Heat of fusion |
12.55 kJ/mol |
---|
মৌলৰ তাপ |
342 কি.জুল/ম'ল |
---|
Molar heat capacity |
25.418 J/(mol·K) |
---|
বাস্পীয় চাপ
P (Pa)
|
1
|
10
|
100
|
1 k
|
10 k
|
100 k
|
at T (K)
|
1646
|
1814
|
2021
|
2281
|
2620
|
3078
| |
আনৱিক ধৰ্মসমূহ |
---|
জাৰণ অৱস্থা |
5, 3, 2, 1, −1, −2, −3 (an amphoteric oxide) |
---|
বিদ্যুৎঋণাত্মকতা |
Pauling scale: 2.54 |
---|
আয়নিভৱন শক্তি |
1st: 890.1 kJ/mol 2nd: 1980 kJ/mol |
---|
Atomic radius |
empirical: 144 pm |
---|
Covalent radius |
136±6 pm |
---|
Van der Waals radius |
166 pm |
সোণ (ইংৰাজী: Gold) হৈছে এক ৰাসায়নিক মৌল, ইয়াৰ ৰাসায়নিক সংকেত Au (লেটিন: aurum
ৰ পৰা) আৰু আনৱিক সংখ্যা হৈছে ৭৯। বিশুদ্ধ সোণৰ বৰণ উজ্বল হালধীয়া, এক প্ৰকাৰৰ কোমল ধাতু। ৰাসায়নিকভাৱে ই ১১ নং গোটৰ মৌল আৰু অনুকল্প ধাতু। ই এক প্ৰকাৰৰ সীমিত বিক্ৰিয়ণশীল মৌল, আৰু ই মান অৱস্থাত কঠিন ৰূপত থাকে। সেইবাবে ইয়াক শিল, ভেইন অথবা ৰাসায়নিক অধঃক্ষেপত নাগেট হিচাপে মুক্ত ৰূপত পোৱা যায়। ইয়াক ৰূপৰ কঠিন দ্ৰৱ (ইলেক্ট্ৰাম) হিচাপে, আৰু তাম আৰু পেলেডিয়ামৰ প্ৰাকৃতিক সংকৰ হিচাপেও পোৱা যায়। কেতিয়াবা সোণ আৰু টেলুৰিয়ামৰ মিশ্ৰ গল্ড টেলুৰাইড হিচাপেও পোৱা যায়।
সোণ হৈছে বিশ্বব্ৰহ্মাণ্ড প্ৰাকৃতিকভাৱে উপলব্ধ এক প্ৰকাৰৰ উচ্চ আনৱিক সংখ্যা বিশিষ্ট মৌল। ই চুপাৰনভা নিউক্লিয়বিশ্লেষণ আৰু নিউট্ৰন তৰাৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল[2] আৰু সৌৰ জগত সৃষ্টি হোৱা ধুলিত আছিল বুলি অনুমান কৰা হয়। সেই সময়ত পৃথিৱী বিগলিত অৱস্থাত আছিল, সেইবাবে বৰ্তমান পৃথিৱীত প্ৰচুৰ পৰিমানে সোণ পোৱা যায়।
সোণে একক অম্লৰ সৈতে কোনো বিক্ৰিয়া নকৰে, কিন্তু একুৱা ৰেজিয়াত (অৰ্থ "ৰাজকীয় তৰল", নাইট্ৰিক এচিড আৰু হাইড্ৰ'ক্লৰিক এচিডৰ মিশ্ৰণ) দ্ৰৱীভূত হয়।
সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াক মুদ্ৰা, অলংকাৰ, আৰু অন্য কাৰুকাৰ্যত ব্যৱহাৰ কৰা হয়। অতীতত দেশ-বিদেশৰ মাজত অৰ্থনৈতিক বিনিময় মূলতঃ সোণৰ দ্বাৰাই কৰা হৈছিল, কিন্তু ১৯৩০ চনৰ পৰা সোণৰ মুদ্ৰাৰ প্ৰচলন বন্ধ কৰা হয়।
২০১৪ চনৰ হিচাপ মতে পৃথিৱীৰ ওপৰিভাগত মুঠ ১,৮৩,৬০০ টন সোণ আছে।[3] ইয়াৰ আয়তন হ'ব ৯,৫১৩ মিটাৰ৩। বিশ্বজুৰি উৎপাদিত প্ৰায় ৫০% আ-অলংকাৰ, ৪০% বিনিয়োগ, আৰু ১০% উদ্যোগত ব্যৱহাৰ কৰা হয়।[4]
তথ্য সংগ্ৰহ