সিদ্ধেশ্বৰী দেৱী (ইংৰাজী: Siddheswari Devi; ১৯০৮ – ১৮ মাৰ্চ ১৯৭৭) বাৰাণসীৰ এগৰাকী কিংৱদন্তী হিন্দুস্তানী সংগীতৰ কণ্ঠশিল্পী আছিল। তেওঁক 'মা' বুলিও জনা গৈছিল। তেওঁৰ জন্ম ১৯০৮ চনত হৈছিল আৰু অতি কম বয়সতে মাক-দেউতাকক হেৰুৱাইছিল। তেওঁক ডাঙৰ দীঘল কৰে মাহীয়েক ৰাজেশ্বৰী দেৱীয়ে, যি এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী আছিল। ১৯৬৬ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানীত কৰে।[1][2]
সাঙ্গীতিক দিক্ষা
যদিও এটা সংগীতৰ সৈতে জড়িত পৰিয়ালত বাস কৰিছিল, ঘটনা ক্ৰমেহে তেওঁ সংগীতৰ জগতখনত প্ৰবেশ কৰিছিল। ৰাজেশ্বৰীয়ে তেওঁৰ নিজৰ জীয়েক কমলেশ্বৰীৰ বাবে সংগীত শিক্ষাৰ ব্যৱস্থা কৰিছিল। সিদ্ধেশ্বৰীয়ে ঘৰৰ ভিতৰতে কেতিয়াবা অলপ-চলপ গান গায়। এদিন সাৰেঙ্গীবাদক সিয়াজী মিশ্ৰই কমলেশ্বৰীক শিকাই আছিল। কমেলেশ্বৰীয়ে তাইক শিকোৱা এটা 'তপ্পা' গাব পাৰ নাছিল। ৰাজেশ্বৰীয়ে ধৈৰ্যহাৰা হৈ জীয়েকক কোবাবলৈ ল’লে। কমলেশ্বৰীয়ে চিঞৰি চিঞৰি কান্দি সহায়ৰ বাবে চিঞৰিলে। সিদ্ধেশ্বৰীয়ে পাকঘৰৰ পৰা দৌৰি ওলাই আহি, গাতে পৰি তাইক মাকৰ বেতৰ কোবৰ পৰা বচালে। উচুপি থকা ভনীয়েকক সিদ্ধেশ্বৰীয়ে বুজালে যে সিয়াজী মিশ্ৰই তাইক যি গাবলৈ দিছে, সেইটো তেনেই উজু। এই বুলি সিদ্ধেশ্বৰীয়ে সুৰৰ সামান্য হীন-দেৰী নোহোৱাকৈ গোটেইখিনি গাই শুনালে, যিয়ে সকলোকে বিস্ময়াভিভূত কৰি তুলিলে।[3]
পিছদিনাখন সিয়াজী মিশ্ৰই আহি ৰাজেশ্বৰীক জনালে যে সিদ্ধেশ্বৰীক তেওঁ আৰু তেওঁৰ পত্নীয়ে তুলি লব বিচাৰে। তেওঁলোকৰ নিজৰ কোনো সন্তান নাছিল। সেই মতে সিদ্ধেশ্বৰী সিয়াজী মিশ্ৰৰ পৰিয়ালৰ সদস্য হ’লগৈ। সিদ্ধেশ্বৰীৰ মনত এই ঘটনা চিৰদিন সজীৱ হৈ আছিল আৰু তেওঁৰ জীৱনী গ্ৰন্থ 'মা'ত সবিশেষ লিখিছে। এই গ্ৰন্থখনৰ সহযোগী লেখক আছিল তেওঁৰ জীয়েক সবিতা দেৱী।[3]
সংগীত যাত্ৰা
সিদ্ধেশ্বৰীৰ মূল গুৰু বড়ে ৰামদাস আছিল যদিও তেওঁ দেৱাসৰ (মধ্যপ্ৰদেশৰ চহৰ) ৰাজাব আলি খান, লাহোৰৰ ইনায়ত খানৰ ওচৰতো প্ৰশিক্ষণ লৈছিল। তেওঁ 'খয়াল', 'থুমৰি' আৰু শাস্ত্ৰীয় সংগীতৰ ক্ষুদ্ৰ ৰূপ 'দাদৰা', 'চৈতি', 'কজৰী' আদি গাইছিল। বিশেষ বিশেষ অনুষ্ঠানত তেওঁ গোটেই নিশা তেওঁ সংগীত পৰিবেশন কৰিছিল; উদাহৰণ স্বৰূপে ক’ব পাৰি, মহাৰজা দাৰভাঙ্গাৰ দ্বাৰা আয়োজিত সমগ্ৰ নিশা জুৰি চলা 'নৌকা অভিযান'।[3]
১৯৮৯ চনত প্ৰখ্যাত পৰিচালক মণি কৌলে ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (NFDC) প্ৰযোজনাত তেওঁৰ জীৱনৰ আধাৰত এখন বঁটা-বিজয়ী তথ্যচিত্ৰ 'সিদ্ধেশ্বৰী' নিৰ্মাণ কৰিছিল।[4] ১৯৭৭ চনৰ ১৮ মাৰ্চত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়। তেওঁৰ জীয়ৰী সবিতা দেৱীও এগৰাকী সংগীত-শিল্পী আৰু নতুন দিল্লীত বাস কৰে।[2]
বঁটা-বাহন
তথ্য উৎস
বাহ্যিক সংযোগ