শৰণৰাণী বাকলিৱাল |
---|
জন্ম |
Sharan Rani Mathur ০৯ এপ্ৰিল, ১৯২৯ Delhi |
---|
মৃত্যু |
০৮ এপ্ৰিল, ২০০৮ (৭৮ বছৰ) Delhi |
---|
পেচা |
instrumentalist, music scholar |
শৰণৰাণী বাকলিৱাল (ইংৰাজী: Sharan Rani Backliwal; জন্ম: মাথুৰ; ৯ এপ্ৰিল ১৯২৯ – ৮ এপ্ৰিল ২০০৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ।[1][2] তেওঁৰ বাদ্যযন্ত্ৰৰ ব্যক্তিগত সংগ্ৰহত পঞ্চদশ শতিকাৰ পাৰ ঊনবিংশ শতিকালৈ মুঠ ৩৭৯টা বাদ্যযন্ত্ৰ আছে, যি এতিয়া নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালায়ৰ শৰণৰাণী বাকলিৱাল গেলাৰীৰ অংশ।[3]
প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ
শৰণৰাণী মাথুৰ নামেৰে তেওঁৰ জন্ম পুৰণি দিল্লীৰ এটা সুপৰিচিত ব্যৱসায়ী আৰু শিক্ষাবিদৰ ৰক্ষণশীল হিন্দু পৰিয়ালত হৈছিল।[3] কণমানি অৱস্থাত শৰণৰাণীয়ে প্ৰখ্যাত সংগীতজ্ঞ আল্লাউদ্দিন খান আৰু তেওঁৰ পুত্ৰ আলী আকবৰ খানৰ পৰা সৰোদ বজাবলৈ শিকিছিল।
অপৰিসীম পাৰিবাৰিক বিৰোধিতা সত্ত্বেও শৰণৰাণীয়ে সংগীত জীৱন আৰম্ভ কৰিছিল। ভাৰতীয় সংগীত ইতিহাসৰ এই সময়ছোৱাত দৰবাৰী নাচনী, বাঈজী বা যি পৰিয়ালত সংগীত বংশগত বৃত্তি আছিল (ঘৰানা), তেনে মহিলাইহে সংগীতজ্ঞৰ বৃত্তি নিৰ্বাচন কৰিছিল; এখন সন্মানীয় বা সংগীতৰ সৈতে সম্পৰ্ক নথকা পৰিয়ালৰ কোনো মহিলাই সাধাৰণতে বৃত্তি গ্ৰহণ কৰা নাছিল। তেওঁ আছন মহাৰাজৰ পৰা ধ্ৰুপদী কথক নৃত্য আৰু নভা কুমাৰ সিনহাৰ পৰা মণিপুৰী নৃত্য শিকিছিল।[4] ১৯৫৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম.এ., আৰু ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ উইমেনত অধ্যয়ন কৰে।
সাংগীতিক জীৱন
১৯৩০ চনৰ শেষৰ ফালৰ পৰা শৰণৰাণীয়ে সাত দশকৰো অধিক সময় ধৰি ভাৰতৰ কনচাৰ্ট মঞ্চত তেওঁৰ সৰোদবাদন উপস্থাপন কৰিছিল। ইউনেস্ক' আৰু আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সৰ মুখ্য ৰেকৰ্ড কোম্পানীসমূহ বাবে সংগীত ৰেকৰ্ডিং মুকলি কৰা আৰম্ভণিৰ সংগীত শিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম। জৱাহৰলাল নেহৰুৰ মতে তেওঁ আছিল ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত [5] ড° জাকিৰ হুছেইনে তেওঁৰ বিষয়ে কৈছিল, শৰণৰাণীয়ে সংগীতত নিখুঁততা অৰ্জন কৰিছে। সেয়েহে তেওঁ সমগ্ৰ বিশ্বৰ প্ৰেম লাভ কৰিব।[6]
আকাশবাণী আৰু দূৰদৰ্শনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ শিল্পীসকলৰ অন্যতম আছিল শৰণৰাণী। তেওঁক জনপ্ৰিয়ভাৱে সৰোদ ৰাণী নামেৰে জনাজাত আছিল। শৰণৰাণী আছিল ভাৰতৰ প্ৰথম মহিলা বাদ্যযন্ত্ৰবাদক যিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছিল।[7][8]
ব্যক্তিগত জীৱন
১৯৬০ চনত দিল্লীৰ এটা বিশিষ্ট দিগম্বৰ জৈন ব্যৱসায়িক পৰিয়ালৰ চুলতান সিং বাকলিৱালৰ সৈতে শৰণৰাণীয়ে বিবাহপাশত আবদ্ধ হয়। ১৯৭৪ চনত তেওঁলোকৰ এগৰাকী কন্যা ৰাধিকা নাৰায়ণ জন্ম হয়।[3] কেইবছৰমান কৰ্কট ৰোগৰ সৈতে যুঁজাৰ পিছত ২০০৮ চনৰ ৮ এপ্ৰিলত ৭৯ বছৰীয়া জন্মদিনৰ এদিন আগতে তেওঁৰ মৃত্যু হয়।[3]
বঁটা আৰু সন্মান
১) বিষ্ণু দিগম্বৰ পাৰিতোষিক (১৯৫৩)
২) পদ্মশ্ৰী (১৯৬৮)[9]
৩) সাহিত্য কলা পৰিষদ বঁটা (১৯৭৪)[10]
৪) কলা শাখাত সংগীত নাটক একাডেমী বঁটা (১৯৮৬)[11]
৫) বৃত্তিগত উৎকৰ্ষতাৰ বাবে ৰাজীৱ গান্ধী বঁটা (১৯৯৩)
৬) পদ্মভূষণ (২০০০)[9]
তথ্যউৎস