শুকুৰবাৰ ( IPA: [śukrabāra] ; ( শুকুৰবাৰ) হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন।[1] বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ।[2][3]
ধৰ্মীয় পটভূমি
হিন্দু ধৰ্ম
ভৃগু আৰু কাব্যমতা (উছনা)ৰ পুত্ৰ শুক্ৰৰ নামেৰে এই দিনটোৰ নামকৰণ কৰা হৈছে। হিন্দু ধৰ্মত শুক্ৰবাৰ বিশেষভাৱে দেৱীৰ বাবে পালন কৰা হয়, যেনে দুৰ্গা, লক্ষ্মী, সৰস্বতী, কালি বা পাৰ্বতী। শুক্ৰবাৰটো বিবাহিত মহিলাৰ বাবে গুৰুত্বপূৰ্ণ আৰু সেইদিনা তেওঁলোকে দেৱীক পূজা কৰে।
ইছলাম
ইছলাম ধৰ্ম অনুসৰি, শুক্ৰবাৰে সকলো মুছলমান লোকে মছজিদত গোট খায় আৰু ইমামৰ পিছফালে দলবদ্ধভাৱে জমুআৰ নামাজ আদায় কৰে৷ সেয়ে মুছলমান সংখ্যাগৰিষ্ঠ দেশত এই দিনটো সাধাৰণতে ছুটিৰ দিন।
খ্ৰীষ্টান ধৰ্ম
খ্ৰীষ্টান ধৰ্মত ইষ্টাৰৰ আগৰ শুক্ৰবাৰক গুড ফ্ৰাইডে হিচাপে পালন কৰা হয়৷ এই দিনটোত যীশুৰ ক্ৰুচবিদ্ধ হোৱাক স্মৰণ কৰা হয়।
ইহুদী
ইহুদীসকলৰ মত অনুসৰি সাবাত উদ্যাপন আৰম্ভ হয় শুকুৰবাৰে আৰু ই শনিবাৰৰ নিশা হোৱালৈকে চলি থাকে।
তথ্যসূত্ৰ
- ↑ "ISO 8601-1:2019(en) Date and time — Representations for information interchange — Part 1: Basic rules". www.iso.org. https://www.iso.org/obp/ui/en/#iso:std:iso:8601:-1:ed-1:v1:en। আহৰণ কৰা হৈছে: 2024-05-14.
- ↑ "Login". Archived from the original on 3 May 2011. https://web.archive.org/web/20110503224030/http://business.timesonline.co.uk/tol/business/economics/article697051.ece। আহৰণ কৰা হৈছে: 30 December 2016.
- ↑ Wilf, Nabil (29 May 2007). "Expositions of Arabia: Kuwait Changes to Friday-Saturday Weekend". http://fulbrighter-in-kuwait.blogspot.com/2007/05/kuwait-changes-to-friday-saturday.html। আহৰণ কৰা হৈছে: 30 December 2016.