শাৰী উৎপত্তিৰ ইতিহাস স্পষ্ট নহয়।[18] শাৰী বস্ত্ৰৰ ধাৰণাটিৰ উৎপত্তি চিলাইবিহীন বস্ত্ৰখণ্ডৰ পৰা উৎপত্তি হোৱা। নীহাৰৰঞ্জন ৰায়ৰ মতে, আদিতে পূৰ্ব, দক্ষিণ আৰু পশ্চিম ভাৰতত চিলাই কৰা কাপোৰ পৰিধানৰ প্ৰচলন নাছিল। চিলাই নকৰাকৈ বহল আৰু দীঘল কাপোৰ পুৰুষে ধুতি আৰু মহিলা সকলে শাৰী হিচাপে পৰিধান কৰিছিল। মূলত বয়নশিল্পৰ প্ৰচলন ঘটাৰ পৰাই শাৰীৰ প্ৰচলন ঘটা বুলি ধাৰণা কৰা হয়। শাৰীৰ দৰে কাপোৰৰ বিষয়ে সিন্ধু সভ্যতাৰ ইতিহাসত পোৱা যায়। যাৰ প্ৰতিষ্ঠা ভাৰত উপমহাদেশেৰ উত্তৰ-পশ্চিম অংশত খ্ৰীষ্টপূৰ্ব ২৮০০-১৮০০ সময়ত হোৱা বুলি ধৰা হয়।[4][5][6] খ্ৰীষ্টাব্দ ৫ম শতিকাৰ ওচৰে পাজৰে ভাৰতীয় উপমহাদেশত প্ৰথম কপাহৰ খেতি কৰা হৈছিল।[19] সেই সময়ত ব্যৱহৃত ৰঞ্জক পদাৰ্থ সমূহ বৰ্তমানো ব্যৱহাৰ হয়। বিশেষলৈ নীল, লাহ, ৰুবিয়া কৰ্ডিফোলিয়া আৰু হালধি।[20]ৰেচম শিল্পৰ প্ৰচলন হৈছিল খ্ৰীষ্টপূৰ্ব ২৪৫০ৰ পৰা ২০০০ ৰ ভিতৰত।[21][22]
'শাৰী' শব্দটো পৌৰাণিক হিন্দু সাহিত্যত মহিলাৰ বস্ত্ৰ হিচাপে উল্লিখিত 'সাত্ত্বিক' শব্দৰ পৰা উদ্ভৱ হৈছে।[23][14] শাৰী বা সাত্ত্বিক বুলিলে ত্ৰিখণ্ডিত কাপোৰ হিচাপে কঁকালৰ তলৰ অংশত পৰিধান কৰা, কান্ধ বা মূৰত লোৱা উত্তৰীয় আৰু স্তনপাট্টা বা বুকবন্ধনীৰ সমন্বয়ক বুজা যায়। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতাব্দীৰ সংস্কৃত আৰু বৌদ্ধ পালি সাহিত্যত শাৰীৰ উল্লেখ আছে।[24] এই সম্পূৰ্ণ তিনি টুকুৰা কাপোৰ এক পূৰ্ণাঙ্গ পৰিধেয় পোচাক হিচাপে পৰিচিত।[25] পুৰণি কালত ধুতি সদৃশ এবিধ কাপোৰ কঁকালৰ তলত মাছৰ ফিচাৰ দৰে ভাঁজ দি পৰিধান কৰা হৈছিল। ইয়াক দুই ভৰিত ধিলাকৈ পাক খুৱাই সন্মুখৰ ফালে আলংকাৰিক পৰিধান শৈলীত পিন্ধা হয়।[4][26][27] কালক্ৰমে ই ভৈৰনিবাসানী স্কাৰ্টলৈ বিৱৰ্তিত হয়, যি বৰ্তমান যুগত ঘাগড়া তথা লেহেঙ্গা নামে পৰিচিত।[28] উত্তৰিয়, কান্ধ বা মূৰৰ ওপৰত লোৱা পৰ্দাৰ দৰে কাপোৰবিধ বৰ্তমান ওৰণি বা উৰ্ণালৈ পৰিৱৰ্তন হয়।[29] একেদৰে স্তনপাট্টা প্ৰথম শতাব্দীত ব্লাউজলৈ বিৱৰ্তিত হয়।[15][16][30][31] খ্ৰিষ্টপূৰ্ব দ্বিতীয় শতাব্দী আৰু প্ৰথম শতাব্দীৰ মধ্যত, অন্ত্ৰিয় আৰু উত্তৰিয় কাপোৰ দুবিধ একীভূত হৈ পালি সাহিত্যত উল্লিখিত শাৰী নামৰ এবিধ বস্ত্ৰলৈ পৰিৱৰ্তন হয় যিয়ে দুবিধ বস্ত্ৰৰ উদ্দেশ্য পূৰণ কৰে।
পৰিধানশৈলী
শাৰী পিন্ধাৰ প্ৰায় ৮০ টাৰো অধিক নথিভুক্ত উপায় প্ৰচলিত আছে।[32] কঁকালৰ চাৰিওফালে শাৰী মেৰিয়াই পিন্ধাৰ আটাইতকৈ সহজ উপয়াটো হ'ল শাৰীৰ এটা আগ কঁকালত কেইবাবাৰো মেৰিয়াই আনটো আগ বাওঁ কান্ধত ওলমাই ৰখা হয়। ওলোমাই ৰখা এই অংশটোক আচল বুলি কোৱা হয়।[33] কিছুমান বিশেষ শৈলীৰ বাবে শাৰীৰ দীঘ আৰু প্ৰস্থ নিৰ্দিষ্ট দৈঘ্যৰ হয়। শাৰীৰ ইতিহাসবিদ তথা স্বীকৃত বস্ত্ৰশিল্প পণ্ডিত ৰতা কাপুৰে তেওঁ ৰচনা শাৰীছ: ট্ৰেডিচন এণ্ড বিয়ণ্ড গ্ৰন্থত শাৰী পৰিধানৰ ১০৮টি পদ্ধতি নথিভুক্ত কৰিছে। এই গ্ৰন্থত গুজৰাত, মহাৰাষ্ট্ৰ, গোৱা কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, পশ্চিমবঙ্গ, ঝাড়খণ্ড, বিহাৰ, ছত্তীচগঢ়, মধ্যপ্ৰদেশ, আৰু উত্তৰপ্ৰদেশ মুঠ ১৪খন ৰাজ্যৰ শাৰী পৰিধানৰ পদ্ধতিৰ উল্লেখ আছে।[34] ফৰাছী সাংস্কৃতিক নৃতাত্ত্বিক তথা শাৰী গৱেষক চ্যাণ্টাল বোলঞ্জাৰে তলৰ পৰিধান পদ্ধতি সমূহ শ্ৰেণিবদ্ধ কৰিছে:[5]
নিভি – মূলত অন্ধ্ৰপ্ৰদেশত এই পৰিধান শৈলীত শাৰী পিন্ধা হয়; আধুনিক নিভি শৈলীৰ দৰে কেঁচা নিভি নামে আন এটি শৈলী উদ্ভৱ হৈছে, য'ত শাৰীৰ এটা আগ দুই ভৰিৰ মাজেৰে পোন্ধ মৰাৰ দৰে পিছফালে নি কঁকালত গুজি দিয়া হয়। এইদৰে পৰিধান কৰিলে খোজ কঢ়াত সুবিধা হয়।
বঙালী আৰু ওড়িয়া শৈলী - এই পদ্ধতিত কোনো ভাঁজ বা কোচ নিদিয়াকৈ শাৰী পিন্ধা হয়[35]। এই শৈলীত শাৰীৰ এটা আগ কঁকালৰ চাৰিওফালে ঘড়ীৰ কাটাৰ বিপৰীত দিশত মেৰ দি লোৱা হয়। ওপৰৰ দীঘল অংশটো সাধাৰণতে বাওঁ কান্ধৰ ওপৰে পিছলৈ নি ওলোমাই ৰখা হয়। এই অংশটোৰে ওৰণি লোৱা হয়।
↑Lynton, Linda (1995). The Sari. প্ৰকাশক New York: Harry N. Abrams, Incorporated. ISBN978-0-8109-4461-9.
↑Boulanger, Chantal (1997). Saris: An Illustrated Guide to the Indian Art of Draping. প্ৰকাশক New York: Shakti Press International. ISBN978-0-9661496-1-6.
↑Boulanger, Chantal (1997). Saris: An Illustrated Guide to the Indian Art of Draping. প্ৰকাশক New York: Shakti Press International. পৃষ্ঠা. 6.
↑ 4.04.14.2Alkazi, Roshan (1983) "Ancient Indian costume", Art Heritage
↑ 5.05.15.2Boulanger, Chantal; (1997) Saris: An Illustrated Guide to the Indian Art of Draping, Shakti Press International, New York.
↑ 6.06.1Ghurye (1951) "Indian costume", Popular book depot (Bombay); (Includes rare photographs of 19th century Namboothiri and nair women in ancient sari with bare upper torso)
↑ The sari is worn with a fitted bodice commonly called a choli (ravike or kuppasa in southern India, and cholo in Nepal) and a petticoat called ghagra, parkar, or ul-pavadai
↑ 10.010.1Annandale, Charles (1892) (en ভাষাত). The Imperial Dictionary and Encyclopedia of Knowledge Unabridged. Belford Publishing Company. পৃষ্ঠা. 792.