মদৰাম ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল।[1][2][3] ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]পদ্মশ্ৰী সন্মান লাভ কৰা মদৰাম ব্ৰহ্ম প্ৰথম গৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তি।
প্ৰাৰম্ভিক জীৱন
১৯০৩ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অবিভক্ত ধুবুৰী জিলাৰ কোকৰাঝাৰৰ দুন্ধুনিকটাৰ বড়ো পৰিয়ালত মদৰাম ব্ৰহ্মৰ জন্ম হৈছিল। তাৰপিছত তেওঁ প্ৰাৰম্ভিক শিক্ষা ধুবুৰীৰ চৰকাৰী হাইস্কুলত গ্ৰহণ কৰিছিল।[3]
কৰ্মজীৱন
১৯৩২ চনত তেওঁ দৰঙৰ হৰিসিং হাইস্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰপিছত তেওঁ স্থানীয় প্ৰশাসনত যোগদান কৰিছিল। পিছলৈ তেওঁ ১৯৪৫ চনত খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰে। এই পদৱী লাভ কৰা মদৰাম ব্ৰহ্ম বড়ো সম্প্ৰদায়ৰ প্ৰথম গৰাকী ব্যক্তি।[3]
সাহিত্যিক কীৰ্তি
মদৰাম ব্ৰহ্ময়ে কেইবাটাও কবিতা, গীত, স্তুতিগীত[1] আৰু নাটক ৰচনা কৰিছিল। তেওঁৰ প্ৰথম পুথি বৰণি গুদি শিবছা আৰৱ আৰজ বড়ো ভাষাত ৰচনা কৰা স্তুতিগীতৰ সংকলন।[2] তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল,
- খান্থাই মেথাই (কবিতা আৰু গীত - ১৯২৩)
- বড়োনি গুদি শিবছা আৰৱ আৰজ (বড়ো স্তুতিগীত আৰু প্ৰাৰ্থনা – ১৯২৬)
- ৰায়মালি (নাটক – ১৯২৬)
- ডিমাপুৰ নৱগৰ বাইনাই (ডিমাপুৰৰ পতন, নাটক)
- চাডং বৈৰাগী (নাটক)
- ৰূপেশ্ৰী ৰাইঠাই খান্থাই (ৰূপেশ্ৰী-পদ্য আৰু গদ্য, ১৯৮৮)
- ফাংচেয়াও বিবাৰ বাৰনৱী (এটা ডালত দুপাহ ফুল)[2][3]
তেওঁৰ কিছুমান ৰচনা স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে আৰু[5] অসামৰিক পৰীক্ষাৰ বড়ো সাহিত্যৰ পাঠ্যক্ৰমটো তেওঁৰ ৰচনা সন্নিবিষ্ট কৰা হৈছে।[6] ১৯৮৮ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4]পদ্মশ্ৰী সন্মান লাভ কৰা মদৰাম ব্ৰহ্ম প্ৰথম গৰাকী বড়ো সম্প্ৰদায়ৰ ব্যক্তি।
মৃত্যু
১৯৯০ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে ৮৭ বছৰ বয়সত কোকৰাঝাৰ জিলাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মদৰাম ব্ৰহ্মৰ মৃত্যু হয়।[2] বাক্সা জিলাৰ বনগাঁৱত অৱস্থিত পদ্মশ্ৰী মদৰাম ব্ৰহ্ম মেছ স্কুল তেওঁৰ নামেৰে ৰখা হৈছে।[7]
তথ্য উৎস