ভাৰতীয় ফেঁটী সাপ (ইংৰাজী: Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়।[2] ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে। ভাৰতীয় ফেঁটী সাপক ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ অনুসৰি সংৰক্ষণ প্ৰদান কৰা হৈছে।
বিৱৰণ
সাপডালৰ ফণাত সৰল চকুৰ দৰে দুটা ঘূৰণীয়া বিন্যাস আছে আৰু এটা বেঁকা আঁচে এই দুটাক সংযোগ কৰিছে। ফলত এই বিন্যাসটো দেখিবলৈ চশমাৰ দৰে হয়। হিন্দুসকলে ইয়াক কৃষ্ণৰ ভৰিৰ সাঁচ বুলি বিশ্বাস কৰে যি এশ দহটা ফণা থকা কালিয়াৰ ওপৰত নৃত্য কৰিছিল। ভাৰতীয় ফেঁটী সাপ গড়ে ১.৯ মিটাৰ (৬ ফুট) দীঘল হয় আৰু কেতিয়াবা ২.৪ মিটাৰ (প্ৰায় ৮ ফুট) পৰ্যন্ত দীঘল হয়। ভাৰতীয় ফেঁটী সাপৰ সকলোতকৈ চকুত পৰা বৈশিষ্ট্য হৈছে ইয়াৰ ফণা। ভাবুকিৰ সন্মুখীন হ'লে সাপডালে গাটোৰ সন্মুখভাগ ডাঙি আৰু ডিঙি অংশৰ কেইডালমান কামিহাড় বহলাই ফণাখন মেলে (ফেঁট তোলে)।[3] ফেঁটটোত থকা চশমাৰ বিন্যাস আৰু সাপডালৰ ৰঙৰ ভিন্নতা পৰিলক্ষিত হয়।[4]
এই প্ৰজাতিটোৱে ঘাইকৈ এন্দুৰ, ভেকুলী, চৰাই আৰু অন্য সাপ ভক্ষণ কৰে। এন্দুৰ ভক্ষণ কৰা বাবেই ইয়াক খেতিপথাৰকে ধৰি মানুহ বেছিকৈ থকা অঞ্চল আৰু নগৰাঞ্চলৰ বাহিৰত পোৱা যায়।
প্ৰজনন
ভাৰতীয় ফেঁটী সাপ অণ্ডপ্ৰসৱী। ই এপ্ৰিল আৰু জুলাই ভিতৰত কণী পাৰে। মাইকী সাপে এন্দুৰৰ গাঁত বা উঁইৰ ভেটীত ১০টাৰ পৰা ৩০টামান কণী পাৰে। ৪৮ৰ পৰা ৬৯ দিন পিছত কণীবোত ফুটি পোৱালি ওলায়। পোৱালিবোৰ ২০ৰ পৰা ৩০ ছেণ্টিমিটাৰ (৭.৯-১২ ইঞ্চি) দীঘল হয়। পোৱালিবোৰে জন্মৰেপৰা স্বাধীনভাৱে বাস কৰে আৰু সিহঁতৰ কাৰ্যক্ষম বিষগ্ৰন্থি থাকে।[7]
সংস্কৃতিত
মানুহে ভাৰতীয় ফেঁটীক অতি সন্মান আৰু ভয় কৰে; হিন্দু কিংবদন্তিমতে ইয়াক দেৱতা ৰূপো দিয়া হয়। হিন্দু দেৱতা শিৱক দিঙিত এডাল ফেঁটীসাপ মেৰিয়াই থকা দেখুওৱা হয় যিয়ে "মায়া"ৰ ওপৰত ইয়াৰ প্ৰভাৱ চিহ্নিত কৰে। বিষ্ণুক একাধিক মূৰ থকা প্ৰকাণ্ড শেষনাগৰ দেহত বিশ্ৰাম কৰা দেখুওৱা হয়। হিন্দু উৎসে নাগ পঞ্চমীত ফেঁটীসাপক পূজা কৰা হয়।
ফেঁটিসাপক লৈ ভাৰতত বহু জনবিশ্বাস আছে। তেনে এটা বিশ্বাসমতে ফেঁটীসাপে Rat snake-ৰ লগত সংগম কৰে।[8]
↑Asiatic Naja. Biology.bangor.ac.uk (2001-10-09). Retrieved on 2013-01-03.
↑Smith, M.A. (1943). "Serpentes". The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-Region. 3. প্ৰকাশক London, England: Taylor and Francis. 427–436.
↑Whitaker, Captain, Romulus, Ashok (2004). Snakes of India, The Field Guide. প্ৰকাশক India: Draco Books. পৃষ্ঠা. 372. ISBN81-901873-0-9.