সৰ্বসন্মত এটি সংজ্ঞা ভাষাৰ ওপৰত পোৱা নাযায়। ভাষাৰ কামলৈ লক্ষ্য কৰি ভাষাবিজ্ঞানী, দাৰ্শিনক, সমালোচক তথা লেখকসকলে ভিন্ন ভিন্ন ধৰণে ভাষাৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান লোকৰ সংজ্ঞা তলত উদ্ধৃত কৰা হ'ল :
ষ্টুৰ্টেভাণ্টৰ মতে, "ভাষা হ'ল যাদৃচ্ছিক বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।"[5]
হেনৰী লী স্মিথৰ মতে, "ভাষা হ'ল আয়ত্ত কৰা, পাৰস্পৰিক আৰু যাদৃচ্ছিক আৰু ধ্বনি প্ৰতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা সম্প্ৰদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিৰ্বাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[5]
ব্লুছ আৰু ট্ৰেগাৰৰ মতে, "সমাজত বাস কৰা কোনো জনসমষ্টিয়ে পৰস্পৰৰ মাজত যোগাযোগ স্থাপনৰ কাৰণে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ কৰা যাদৃচ্ছিক মৌখিক ধ্বনি গুচ্ছই হৈছে ভাষা।"[3][5]
নৰ্মান এ. মেককুৱনৰ মতে, "ভাষা হ'ল প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে অভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্ৰিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একিভূত কৰে। ভাষাই প্ৰধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সতি-সন্ততিলৈ বিস্তৃত কৰায় আৰু লগৰীয়াবোৰক সেই সংস্কৃতিৰ অংশীদাৰ-ভাগী হৈ তেওঁৰে সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।"[5]
এৰিষ্ট'টলৰ মতে, "ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে।"[5][3]
ছাপিৰৰ মতে, "ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহিভূৰ্ত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।"[5][3]
ৰবিন্সৰ মতে, "ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি। বক্তৃতাই আৱশ্যক অনুযায়ী আৰু অৱস্থানভেদে ইয়াক সংশোধন কৰিব পৰে।"[3]
এনচাইক্ল'পেডিয়া ব্ৰিটেনিকা(Encyclopaedia Britannica)ৰ অনুসৰি, "ভাষা হৈছে কথিত বা লিখিত ৰূপত পৰস্পৰ যোগসূত্ৰ স্থাপন কৰিব পৰা এটা পদ্ধতি। যাৰ দ্বাৰা এখন সমাজৰ মানুহে আৰু অংশগ্ৰহণকাৰীসকলে সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰে।"[3]
ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়।
ভাষাৰ উৎপত্তি
ভাষা কেনেকৈ উৎপত্তি হ'ল, এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত যথেষ্ট আলোচনা হৈছে, কিন্তু কোনো এজন পণ্ডিতে সিদ্ধান্ত দিব পৰা নাই। ঊনবিংশ শতিকাৰ আগলৈকে পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰ 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো সোমাই আছিল। কিন্তু আধুনিক ভাষাবিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব নোখোজে। বিশেষকৈ জে.ডি.হাৰ্ডাৰৰ 'The Origin of Language' নামৰ গ্ৰন্থখন ৰচনাৰ পাছত ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো আঁতৰি যায়।
ভাষাৰ উৎপত্তিৰ ইতিহাস ৰহস্যৰ কুঁৱলীৰে আবৃত যদিও ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। এই সূত্ৰসমূহ অনুকৰণবাদ, ইংগিতধৰ্মিতা, প্ৰতীক, সহজাত প্ৰবৃত্তি আদিৰ লগত সম্পৰ্কজনিত। ভাষাৰ উৎপত্তি সম্পৰ্কীয় এই সূত্ৰসমূহ তলত উল্লেখ কৰা হ'ল[6] -
অনুকৰণ সূত্ৰ (The Bow-Bow Theory)
সহজাত প্ৰবৃত্তিজনিত সূত্ৰ (The Pooh-Pooh Theory)
শব্দৰ অনুকৰণ সূত্ৰ (The Ding Dong Theory)
ইংগিতধৰ্মী সূত্ৰ (The Gesture Theory)
ভাৰসাম্য সূত্ৰ (The Yo-he-ho Theory)
সংগীতধৰ্মী সূত্ৰ (The Musical Theory)
ক্ৰমবিকাশবাদ সূত্ৰ (Theory of Evolution)
অনুকৰণ সূত্ৰ
মানুহ স্বাভাৱিকতে অনুকৰণশীল। পণ্ডিতসকলে অনুকৰণৰ পৰাই ভাষাৰ জন্ম হৈছে বুলি অনুমান কৰি লয়। আদিম কালত মানুহে পাৰিপাৰ্শ্বিক জগতৰ জীৱ-জন্তুৰ মাতৰ অনুকৰণত কিছুমান শব্দ সৃষ্টি কৰি লৈছিল। মেকুৰীৰ মাত - মেউ মেউ, কুলিৰ মাত - কুউ কুউ আদি শব্দৰ পৰা ধ্বন্যাত্মক শব্দৰ সৃষ্টি হৈছিল। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ আদিৰ মাত সুকীয়া। এনেদৰে জীৱ-জন্তুৰ মাত অনুকৰণৰ দ্বাৰাই মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। জীৱ-জন্তুৰ বাহিৰেও প্ৰাকৃতিক জগতৰ অন্যান্য বস্তুৰ পৰা সৃষ্টি হোৱা ধ্বনিৰ অনুকৰণৰ দ্বাৰাও শব্দ সৃষ্টি কৰা হৈছিল। যেনে:- কেৰ-কেৰ, মেৰ-মেৰ, জন-জন ইত্যাদি।
সহজাত প্ৰবৃত্তিজনিত সূত্ৰ
মানুহৰ কিছুমান সহজাত প্ৰবৃত্তি আছে। এই সহজাত প্ৰবৃত্তিসমূহে ভাষা সৃষ্টিত ইন্ধন যোগাই আহিছে। মানুহে সুখ-দুখ, আনন্দ-বিষাদ, বিস্ময়, ক্ৰোধ আদি প্ৰকাশ কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰে। যেনে - উহ্, আঃ, বাঃ বাঃ আদি। কিন্তু প্ৰত্যেক ভাষাৰে এনে ভাব প্ৰকাশক শব্দবোৰ সুকীয়া সুকীয়া। মানুহৰ মনৰ ভাব প্ৰকাশক এনে শব্দবোৰে পাছলৈ ভাষা সৃষ্টিত ইন্ধন যোগাইছে বুলি ভবাৰ থল আছে। মনৰ ভাবৰ লগত সংগতি থকা এই সূত্ৰটোক মেক্সমূলাৰে 'pooh-pooh theory' বুলি অভিহিত কৰিছিল।
শব্দৰ অনুকৰণ সূত্ৰ
কিছুমান বস্তুত বৰ জোৰেৰে আঘাত কৰিলে টং টং শব্দ; ডবা এটাত কোবালে ধুম ধুম, ধাম ধাম; ঢোল এটা বজালে ধিং দাও, ধিং দাও আদি শব্দৰ সৃষ্টি হয়। বিভিন্ন বস্তুত আঘাত কৰাৰ পাছত সৃষ্টি হোৱা শব্দবোৰ মানুহৰ কাণত প্ৰতিধ্বনিত হয়, অৰ্থাৎ মানুহে শুনিবলৈ পায়। এনেদৰে বস্তুৰ মাধ্যমেদি সৃষ্টি হোৱা শব্দবোৰে ভাষা বিকাশত অৰিহণা যোগাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে। মেক্সমূলাৰে ভাষা সৃষ্টিৰ এই সূত্ৰটোক প্ৰথমে সমৰ্থন কৰিছিল যদিও পাছলৈ সমৰ্থন কৰা নাছিল।
ইংগিতধৰ্মী সূত্ৰ
ইংগিতৰ পৰা ভাষাৰ সৃষ্টি হ'ব পাৰে, এই সূত্ৰটোৰ প্ৰধান বক্তা হ'ল মাউথ গেইছাৰ (Mouth Gesture)। মানুহে বিভিন্ন অংগী-ভংগীৰে ভাব প্ৰকাশ কৰে, আনকি জীৱ-জন্তুৱেও নানা চিৎকাৰেৰে বিশেষ অৰ্থ প্ৰকাশ কৰিব খোজে। কলা-বোবা মানুহে ভাব প্ৰকাশ কৰিবলৈ অংগী-ভংগী ব্যৱহাৰ কৰে, নৃত্য পটীয়সীয়ে অংগী-ভংগী বা হস্ত মুদ্ৰাৰ সহায়ত সীমিত সংখ্যক ভাব বিনিময় কৰে, কোনো কথা বা কামৰ সন্মতি প্ৰকাশ কৰা বুজাবলৈ মানুহে মুখেৰে শব্দ উচ্চাৰণ নকৰি মূৰ দুপিয়ায়, এনেদৰে ইংগিতৰ সহায়ত ভাব প্ৰকাশ কৰিবলৈ যত্ন কৰে। এই সূত্ৰটোৰ মতে ই চাৰিটা স্তৰ অতিক্ৰম কৰি আহিছে বুলি ধৰা হয়। প্ৰথম স্তৰত মানুহে শোক, দুখ, ভয়, ক্ৰোধ আদি অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ জন্তুৰ দৰে কিছুমান প্ৰতীকাত্মক ধ্বনি প্ৰকাশ কৰিছিল। দ্বিতীয় স্তৰৰ জীৱ-জন্তু বা অন্যান্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ধ্বনিবোৰ অনুকৰণৰ দ্বাৰা আয়ত্ত কৰিছিল। তৃতীয় স্তৰত মানুহে কিছুমান শব্দ আহৰণ কৰিছিল আৰু চতুৰ্থ স্তৰত ক্ৰমান্বয়ে মনৰ ভাব প্ৰকাশক কিছুমান শব্দ সৃষ্টি কৰি লৈছিল বুলি ভবা হয়।
ভাৰসাম্য সূত্ৰ
মানুহে কোনো গধুৰ বস্তু দাঙিবলৈ শাৰীৰিক বল বা শক্তি খটুৱায়। এনেদৰে আদিম মানৱেও কোনো কাৰ্য কৰোঁতে শৰীৰৰ বল প্ৰয়োগ কৰিছিল। এনে কৰোঁতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰিছিল। উদাহৰণস্বৰূপে এজোপা ডাঙৰ গছ আঁতৰাবলৈ, শিল এটা বগৰাবলৈ বা আন গধুৰ বস্তু দাঙিবলৈ বা আঁতৰাবলৈ বল প্ৰয়োগ কৰোঁতে মুখেৰে 'হেইয়া-হো-হৈ-চো' আদিৰ দৰে বিভিন্ন ধ্বনি উচ্চাৰণ কৰিছিল। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিসমূহৰ পৰাই ভাষাৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হয়। ঊনবিংশ শতিকাৰ নয়ৰ নামৰ পণ্ডিতে ভাষা সৃষ্টিৰ এই সূত্ৰ আগবঢ়ায় আৰু এ.এছ.ডায়মণ্ড (A. S. Diamond)[6] নামৰ আন এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰে।
সংগীতাত্মক সূত্ৰ
অট' জেচ্ পাৰচনে সংগীতৰ পৰা ভাষা সৃষ্টি হৈছে এই সূত্ৰটো সমৰ্থন কৰিছিল। তেওঁৰ মতে[7] - মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ পৰা ভাষাৰ জন্ম হৈছে। ভাষাৰ উচ্চাৰণৰ এই মধুৰতাক নিশাৰ সংগীত আৰু নাইটিংগেলৰ মধুৰ সংগীতৰ লগত তুলনা কৰিছে। সংগীত সৃষ্টিৰ এই সূক্ষ্ম অনুভূতিবোৰেও ভাষাৰ সৃষ্টিত ইন্ধন যোগাই আহিছে বুলি পণ্ডিতসকলে ধাৰণা কৰে।
ভাষা বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি : ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। প্ৰয়োজনানুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে।
ভাষা প্ৰণালীবদ্ধ : মানুহে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া।
ভাষা যাদিচ্ছিক : প্ৰত্যেক ভাষাৰ শব্দ-অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত। প্ৰত্যেকটো ভাষাগোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু, বিষয়, ঘটনা আদি বুজাব পৰাকৈ নিজস্ব ধৰণে অৰ্থ আৰূপ কৰি লয়। সেয়ে প্ৰত্যেক ভাষাতে যাদিচ্ছিকতা পৰিলক্ষিত হয়।
ভাষা পৰম্পৰাগত : ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে। জ্যেষ্ঠসকলে যেনে ধৰণে কয়, নবীন প্ৰজন্মই তেনে প্ৰণালীৰেই ভাষাটো ক'বলৈ আয়ত্ত কৰে নতুবা শিকে। সেয়ে ভাষা পৰম্পৰাগত প্ৰথা।
ভাষা সমাজকেন্দ্ৰিক : ভাষা সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে। সমাজৰ পৰা অৱহেলিত এটি নব শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে। শিশুৱে নিতৌ সমাজত ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে।
ভাষা সৃজনমূলক : মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে। মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে। সেয়ে ভাষাক সৃজনমূলক বুলি কোৱা হয়।
ভাষা প্ৰতীকধৰ্মী : পৃথিৱীৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ লগত বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই। ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰাচৰিত সম্পৰ্ক নথকা বাবেই পৃথিৱীৰ ভাষাবোৰত একোটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰা হয়। সেয়ে ভাষা প্ৰতীকধৰ্মী।
ভাষাৰ উপাদান
ভাষাৰ উপাদান বুলিলে - ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদানৰ কথাকে বুজা যায়। ধ্বনি, ৰূপ, বাক্য এইকেইটাক কোনো ভাষাবিদে ভাষাৰ মৌলিক উপাদান বুলি উল্লেখ কৰিছে। প্ৰকৃতাৰ্থত ভাষা এটাৰ গঠন প্ৰক্ৰিয়াত ভাষাৰ উক্ত উপাদানকেইটা অন্তনিৰ্হিত হৈ থাকে। এইবোৰ স্তৰে স্তৰে সৰুৰে পৰা ডাঙৰলৈকে লানি নিছিগাকৈ খাপ খাই থাকে। ভাষা এটাৰ গঠন প্ৰণালী অৰ্থাৎ উচ্চাৰিত ধ্বনি, ধ্বনি বিন্যাস, ৰূপ, ৰূপ সংযোগ, বাক্য আৰু অৰ্থ প্ৰতিপাদনৰ কৌশল অতি ৰীতিসন্মত আৰু প্ৰণালীবদ্ধ।
ধ্বনি
ভাষাত কিছুমান বাগ্ধ্বনি উচ্চাৰিত হয়। এই ধ্বনিবোৰে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু ধ্বনিবোৰৰ সংযোগত ৰূপ সৃষ্টি কৰিলে অৰ্থৰ প্ৰকাশ ঘটে। যেনে - 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে।
ৰূপ
ধ্বনিবোৰৰ সংযোগ ঘটালে ৰূপৰ সৃষ্টি হয়। যেনে- 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে; কিন্তু 'মৰম' এই তিনিওটা একেলগে সংযোগ কৰিলে 'মৰম' ৰূপ অৰ্থযুক্ত হয়।
বাক্য
ৰূপবোৰৰ সংযোগত 'বাক্য' সৃষ্টি কৰা হয়। যেনে- তোমাৰ প্ৰতি মোৰ মৰম আছে। প্ৰকৃততে বাক্যৰ সহায়ত আমি মনৰ ভাব প্ৰকাশ কৰোঁ। এই বাক্যবোৰ কিছুমান ৰূপৰ সমষ্টি।
অৰ্থ
ৰূপ আৰু বাক্যবোৰে অৰ্থৰ প্ৰকাশ ঘটায় অৰ্থাৎ অৰ্থযুক্ত হ'ব লাগে। যেনে - তোমাৰ প্ৰতি মোৰ মৰম আছে - এই বাক্যটোৱে এটি অৰ্থৰ প্ৰকাশ ঘটাইছে। ধ্বনি, ৰূপ আৰু বাক্যক খণ্ডিত কৰি দেখুৱাব পাৰি; কিন্তু অৰ্থক খণ্ডিত কৰি দেখুৱাই দিব নোৱাৰি। ভাষাৰ গঠন প্ৰণালীৰ আঁহে আঁহে সঞ্চাৰিত হৈ আছে ভাষাৰ প্ৰাণ অৰ্থাৎ অৰ্থ। ধ্বনি, ৰূপ, বাক্য আদি ভাষাৰ উপাদানসমূহক ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতমলৈ ভাগ ভাগ কৰি দেখুৱাব পাৰি। কিন্তু অৰ্থক বিশ্লেষণ কৰিব নোৱাৰি।
হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
↑ 6.06.1Charles Barber : The Study of Language, P. 31 - 38.
↑The first utterances of speech I fancy to myself like something between the nightly love lyrics to pass upon the tiles and the melodious love songs of the Nightingale. C. L. Barber : The Story of Language, P. 38.