ভানাৰাস ৰেল ইঞ্জিন কাৰখানা (Banaras Locomotive Works) ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত আৰু বাৰানসীৰ ডিৰেকাত অৱস্থিত এক কাৰখানা। ইয়াত ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন (ইংৰাজী: locomotives) আৰু আনুষংগিক আহিলা-পাতি নিৰ্মাণ কৰা হয়। সম্প্ৰতি ই ভাৰতৰ বৃহত্তম ডিজেল-ইলেকট্ৰিক ৰেল ইঞ্জিন নিৰ্মাতা।
ডিৰেকা (DRW) বাৰানসীৰ মহানগৰৰ উপকণ্ঠৰ মণ্ডুৱাদীহ নামৰ অঞ্চলত অৱস্থিত।
কোম্পানী
১৯৬১ চনত স্থাপিত ডিৰেকাৰ প্ৰথমটো ৰেল ইঞ্জিন কুণ্ডণ (WDM2 ১৮২৩৩) ১৯৬৪ চনত জানুৱাৰীৰ ৩ তাৰিখে নিৰ্মিত হৈ ওলায়। ১৯৬০ চনৰপৰা এলকো মূলৰ বিভিন্ন আৰ্হিৰ ইঞ্জিন নিৰ্মাণ আৰু গৱেষণা কৰাৰ উপৰিও ১৯৯০ দশকৰপৰা GM EMD আৰ্হিসমূহৰ নিৰ্মাণ আৰু গৱেষণাৰ লগতো ই জড়িত হৈ পৰিছে।[1] ডিৰেকাৰ বাৰ্ষিক নিৰ্মাণ ক্ষমতা ২৫০টা যদিও বিদেশী গ্ৰাহকৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি সেই ক্ষমতা ২৭৫টালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।[2][3][4]
উত্পাদিত সামগ্ৰী
ডিৰেকাৰ ইঞ্জিনসমূহৰ অশ্বশক্তি সাঁচ:Convert/hp ৰপৰা সাঁচ:Convert/hpলৈকে বিস্তৃত। বৰ্তমান ডিৰেকাই EMD GT46MAC আৰু EMD GT46PAC ইঞ্জিনসমূহ ইলেক্ট্ৰ'ম'টিভ ডিজেলচ্ (পূৰ্বৰ GM-EMD) অনুজ্ঞাপত্ৰৰ অধীনত নিৰ্মাণ কৰাৰ উপৰিও সেইসমূহৰ বিকাশৰ লগতো জড়িত হৈ পৰিছে।[4]
বজাৰ
ভাৰতীয় ৰেলৰ উপৰিও নিয়মীয়াকৈ ডিজেল-ইলেকট্ৰিক ইঞ্জিনসমূহ[4] শ্ৰীলংকা, মালয়েছিয়া, বাংলাদেশ, মালি, চেনেগাল[5] Sudan[6] তাঞ্জানিয়া, এংগোলা, ভিয়েটনাম ইত্যাদি দেশলৈ ৰপ্তানি কৰা হয়। তদুপৰি দেশৰ ভিতৰতে জাহাজ বন্দৰ, বৃহৎ শক্তিখণ্ড আৰু ব্যক্তিগত খণ্ডৰ ৰেলসেৱাসমূহৰ চাহিদাও ই পূৰণ কৰি আহিছে।[7][8]
সহায়ক খণ্ড
২০০৬ চনৰপৰা ডিৰেকাই কিছুসংখ্যক যাত্ৰীবাহী আৰু মালবাহী ইঞ্জিনৰ নিৰ্মাণকাৰ্য মুম্বাইস্থিত মধ্য ৰেলৱেৰ পেৰেল কাৰখানালৈ সম্প্ৰসাৰিত কৰে।[9]
লগতে চাওক
তথ্য উত্স
বাহ্যিক সংযোগ
স্থানাংক: 25°17′32″N 82°57′35″E / 25.29227°N 82.95962°E / 25.29227; 82.95962