১৮৬০ৰ দশকত বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি , আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ , ব্ৰিটিছ ভাৰত ৰ এটি ভাগ আছিল। ভৌগোলিক ভাৱে নিজৰ আতাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া ৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল। কিন্তু প্ৰকৃত বেংগলত বংগ অঞ্চলহে সামৰা হয়, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ । ফ'ৰ্ট ৱিলিয়াম ৰ আশে-পাশে বিকশিত মহানগৰ কলিকতা আছিল বেংগল প্ৰেচিডেঞ্চিৰ ৰাজধানী। এসময়ত বেংগলৰ ৰাজ্যপালেই আছিল ভাৰত ৰ ভাইচেৰয় আৰু কলিকতা ১৯১১ চনলৈকে ভাৰতৰ অনানুষ্ঠানিক ৰাজধানী আছিল।[ 3]
ইতিহাস
বেংগল প্ৰেচিডেঞ্চিৰ উৎস মোগল সম্ৰাট জেহাংগীৰ ৰ শাসনত ১৬১২ চনত বংগ চুবাহ ত স্থাপিত কিছুমান বাণিজ্য কেন্দ্ৰ।[ 4] ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আন আন ইউৰোপীয় কোম্পানীৰ মাজত বংগ অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ প্ৰতিযোগিতাৰ সূচনা হৈছিল। ১৭৫৭ চনৰ পলাশীৰ যুদ্ধ ত বংগৰ নৱাবৰ ক্ষমতাৰ অন্ত[ 5] [ 6] আৰু ১৭৬৪ চনৰ বক্সৰৰ যুদ্ধৰ[ 7] পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ৰ নিয়ন্ত্ৰণ প্ৰায় সমগ্ৰ ভাৰতীয় উপমহাদেশ ত বিস্তাৰ হ'ল। ই ভাৰতত কোম্পানীৰ শাসনৰ আৰম্ভণি আছিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতীয় উপমহাদেশৰ আতাইতকৈ শক্তিশালী সামৰিক শক্তি হৈ পৰিল। ব্ৰিটিছ সংসদে লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ একাধিকাৰ আঁতৰাবলৈ ধৰিলে। ১৮৫০ৰ দশকত কোম্পানীটোৰ বিত্তীয় সমস্যা বাঢ়িবলৈ ধৰিলে।[ 8] তেনেতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহ ঘটিল,[ 9] [ 10] যাৰ পাছত ব্ৰিটিছ চৰকাৰে নিজেই ভাৰতৰ শাসনৰ ভাৰ গ্ৰহণ কৰিলে। বেংগল প্ৰেচিডেঞ্চিক পুনৰ্গঠিত কৰা হ'ল, আৰু বিংশ শতিকাৰ আগ ভাগত ই হৈ পৰিল ভাৰতীয় স্বাধীনতা আন্দোলন ৰ মূল কেন্দ্ৰ।[ 11] তদুপৰি, বেংগল প্ৰেচিডেঞ্চিয়েই বংগৰ নৱজাগৰণ ৰো স্থল।[ 12]
পুনৰ্গঠন
বেংগল আছিল ব্ৰিটিছ ৰাজৰ অৰ্থনৈতিক , সাংস্কৃতিক আৰু শৈক্ষিক কেন্দ্ৰ। আদ্য-ঔদ্যোগীকৰণ ৰ সময়ত বংগই ঔদ্যোগিক বিপ্লৱ ত বিশেষ ভূমিকা পালন কৰিছিল, যদিও শীঘ্ৰে তিপু চুলতান ৰ মাইচুৰ ৰাজ্যই আতাইতকৈ দমনীয় অৰ্থনৈতিক শক্তিৰ খিতাপ ল'লে।[ 13] বেংগলৰ পুনৰ্গঠনত পেনাং , চিংগাপুৰ আৰু মালাক্কা ক আঁতৰ কৰা হ'ল ১৮৬৭ চনত।[ 14] ব্ৰিটিছ বাৰ্মা প্ৰথমে ব্ৰিটিছ ভাৰতৰ এক পৃথক প্ৰদেশ হ'ল আৰু পাছলৈ এক পৃথক উপনিৱেশ। পশ্চিমত চিডেড এণ্ড কংকুৱাৰ্ড টেৰিট'ৰিজ (উত্তৰ প্ৰদেশ , কুমাঊঁ , গঢ়ৱাল আদি) তথা পাঞ্জাব ক পুনৰ্গঠিত কৰা হ'ল। উত্তৰ-পূব ৰ অঞ্চল হ'লগৈ পৃথক ঔপনিৱেশিক অসম । ১৯৪৭ চনৰ ভাৰত বিভাজনত বেংগলকো দুভাগ কৰা হ'ল ধাৰ্মিক আধাৰত।[ 15]
তথ্য সংগ্ৰহ
↑ সাঁচ:Cite act
↑ সাঁচ:Cite act
↑ মিণ্টেজ ৱৰ্ল্ড https://www.mintageworld.com/history/detail/72-Bengal-Presidency-Notes/
↑ Vaugn, James (September 2017). "John Company Armed: The English East India Company, the Anglo-Mughal War and Absolutist Imperialism, c. 1675–1690". Britain and the World খণ্ড 11 (1).
↑ Harrington, p. 9
↑ Mahon, p. 304
↑ Parshotam Mehra (1985). A Dictionary of Modern History (1707–1947) . Oxford University Press. ISBN 0-19-561552-2 .
↑ William Dalrymple (10 September 2019).
↑ Marshall 2007, p. 197
↑ David 2003, p. 9
↑ Panikkar, K N (3 March 2017). "Three phases of Indian renaissance". Frontline . The Hindu Group (Publishing Private Limited).
↑ Dasgupta, Subrata (2011). Awakening: The Story of the Bengal Renaissance . প্ৰকাশক India: Random House Publishers. পৃষ্ঠা. 2.
↑ Parthasarathi, Prasannan (2011), Why Europe Grew Rich and Asia Did Not: Global Economic Divergence, 1600–1850 , Cambridge University Press , ISBN 978-1-139-49889-0 , https://books.google.com/books?id=1_YEcvo-jqcC
↑ "The Straits Settlements becomes a residency - Singapore History" . Eresources.nlb.gov.sg. http://eresources.nlb.gov.sg/history/events/bd541c73-58ef-4bb1-9de7-173f00913286 । আহৰণ কৰা হৈছে: 2020-03-30 .
↑ Mukherjee 1987, p. 230.
বেকা আখৰে বৰ্তমানৰ ভাৰত আৰু পাকিস্তানৰ বাহিৰৰ অঞ্চল সূচাইছে
প্ৰেচিডেঞ্চি প্ৰদেশ